--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পৃথিৱীৰ ভিতৰতে চাহ আৰু সুৰা সৰ্বাধিক সেৱন কৰা হয়। সুৰাৰ ব্যৱসায় ইমানেই ডাঙৰ যেন এখন সৰু দেশৰ জিডিপিৰ সমান। অৰ্থাৎ সুৰাৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন হয়। অৱশ্যে কিছুমান দেশত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰায়বোৰ ইছলামিক দেশতে এনে নিয়ম প্ৰণয়ন কৰা হৈছে। এতিয়া তেনে এখন মুছলমান দেশে সুৰা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।

দৰাচলতে ছৌদি আৰবে এতিয়া প্ৰায় ৭৩ বছৰৰ পাছত মদ্যপানৰ নিষেধাজ্ঞা উঠাই লৈছে। এইটো এটা ডাঙৰ সিদ্ধান্ত বুলি অভিহিত কৰা হৈছে। ছৌদি আৰবে নিজৰ কঠোৰ আইন অহৰহ সলনি কৰি আছে আৰু পৰ্যটনক এক ডাঙৰ সুযোগ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। এই সিদ্ধান্তও এই ক্ৰমত গ্ৰহণ কৰা হৈছে। অৱশ্যে এতিয়াও চৌদি আৰৱৰ লোকৰ বাবে সুৰা নিষিদ্ধ।

এতিয়া যদি আপুনি ভাবিছে যে ভাৰত বা আন যিকোনো দেশৰ দৰে চৌদি আৰৱতো আপুনি সুৰাৰ দোকানলৈ গৈ সুৰা কিনিব পাৰে তেন্তে আপুনি ভুল ভাৱিছে। আচলতে ইয়াত এই ব্যৱস্থা কেৱল পৰ্যটকৰ বাবে কৰা হৈছে। এতিয়াও ঘৰত সুৰা ৰখা আৰু বজাৰত বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হ’ব, যাতে বৃহৎ পৰ্যটন প্ৰকল্পত সুৰা পৰিবেশন কৰিব পৰা যায়।

ছৌদি আৰৱত কম পৰিমাণৰ এলক’হল থকা সুৰাহে উপলব্ধ হ’ব। অৰ্থাৎ বিয়েৰ বা ভদকাৰ দৰে পানীয় উপলব্ধ হ’ব। ২০%তকৈ অধিক এলক’হল থকা পানীয় সম্পূৰ্ণৰূপে নিষিদ্ধ। এই সুৰা দেশৰ প্ৰায় ৬০০ স্থানত উপলব্ধ হ’ব বুলি কোৱা হৈছে।

কোনবোৰ দেশত নিষিদ্ধ কৰা হৈছে সুৰা?

বিশ্বৰ বহু দেশত আজিও সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। ইয়াৰ ভিতৰত ব্ৰুনাই, ছোমালিয়া, ইৰাণ, লিবিয়া, কুৱেইটৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত। ইয়াৰ বাহিৰেও চুবুৰীয়া দেশ পাকিস্তানতো সুৰাৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৰ্থাৎ মুছলমান দেশৰ অধিকাংশই ধৰ্মৰ ভিত্তিত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। অৱশ্যে কিছুমান দেশে এতিয়া পৰ্যটনক গুৰুত্ব প্ৰদান কৰি এই নিয়মবোৰ অলপ শিথিল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement