--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পৃথিৱীৰ ভিতৰতে চাহ আৰু সুৰা সৰ্বাধিক সেৱন কৰা হয়। সুৰাৰ ব্যৱসায় ইমানেই ডাঙৰ যেন এখন সৰু দেশৰ জিডিপিৰ সমান। অৰ্থাৎ সুৰাৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা উপাৰ্জন হয়। অৱশ্যে কিছুমান দেশত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰায়বোৰ ইছলামিক দেশতে এনে নিয়ম প্ৰণয়ন কৰা হৈছে। এতিয়া তেনে এখন মুছলমান দেশে সুৰা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে।

দৰাচলতে ছৌদি আৰবে এতিয়া প্ৰায় ৭৩ বছৰৰ পাছত মদ্যপানৰ নিষেধাজ্ঞা উঠাই লৈছে। এইটো এটা ডাঙৰ সিদ্ধান্ত বুলি অভিহিত কৰা হৈছে। ছৌদি আৰবে নিজৰ কঠোৰ আইন অহৰহ সলনি কৰি আছে আৰু পৰ্যটনক এক ডাঙৰ সুযোগ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। এই সিদ্ধান্তও এই ক্ৰমত গ্ৰহণ কৰা হৈছে। অৱশ্যে এতিয়াও চৌদি আৰৱৰ লোকৰ বাবে সুৰা নিষিদ্ধ।

এতিয়া যদি আপুনি ভাবিছে যে ভাৰত বা আন যিকোনো দেশৰ দৰে চৌদি আৰৱতো আপুনি সুৰাৰ দোকানলৈ গৈ সুৰা কিনিব পাৰে তেন্তে আপুনি ভুল ভাৱিছে। আচলতে ইয়াত এই ব্যৱস্থা কেৱল পৰ্যটকৰ বাবে কৰা হৈছে। এতিয়াও ঘৰত সুৰা ৰখা আৰু বজাৰত বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হ’ব, যাতে বৃহৎ পৰ্যটন প্ৰকল্পত সুৰা পৰিবেশন কৰিব পৰা যায়।

ছৌদি আৰৱত কম পৰিমাণৰ এলক’হল থকা সুৰাহে উপলব্ধ হ’ব। অৰ্থাৎ বিয়েৰ বা ভদকাৰ দৰে পানীয় উপলব্ধ হ’ব। ২০%তকৈ অধিক এলক’হল থকা পানীয় সম্পূৰ্ণৰূপে নিষিদ্ধ। এই সুৰা দেশৰ প্ৰায় ৬০০ স্থানত উপলব্ধ হ’ব বুলি কোৱা হৈছে।

কোনবোৰ দেশত নিষিদ্ধ কৰা হৈছে সুৰা?

বিশ্বৰ বহু দেশত আজিও সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ। ইয়াৰ ভিতৰত ব্ৰুনাই, ছোমালিয়া, ইৰাণ, লিবিয়া, কুৱেইটৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত। ইয়াৰ বাহিৰেও চুবুৰীয়া দেশ পাকিস্তানতো সুৰাৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৰ্থাৎ মুছলমান দেশৰ অধিকাংশই ধৰ্মৰ ভিত্তিত সুৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। অৱশ্যে কিছুমান দেশে এতিয়া পৰ্যটনক গুৰুত্ব প্ৰদান কৰি এই নিয়মবোৰ অলপ শিথিল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি