--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেওবাৰে ইউক্রেইনৰ বিৰুদ্ধে বৃহত্তম আকাশী আক্রমণ চলোৱাৰ বাবে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সম্পূর্ণৰূপে 'পাগল' বুলি অভিহিত কৰিছে। ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ ট্রাম্পে তীব্র অসন্তুষ্টি প্রকাশ কৰিছে। তেওঁ লগতে মস্কোক সকীয়নি দি কয় যে ইউক্রেইনক নিয়ন্ত্রণ কৰাৰ যিকোনো প্রচেষ্টাই 'ৰাছিয়াৰ পতন ঘটাব'। 

পুটিনৰ সৈতে থকা ভাল বন্ধুত্বক স্বীকাৰ কৰি ট্রাম্পে কয় যে পুটিনে বহু লোকক হত্যা কৰিছে। কেৱল সৈন্যই নহয়, ইউক্রেইনৰ নগৰসমূহত বিনা কাৰণত বহু অসামৰিক লোকৰ মৃত্যু হৈছে বুলি ট্রাম্পে উদ্বেগ প্রকাশ কৰে। ট্রাম্পে লগতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীৰ ভূমিকাকো সমালোচনা কৰে। 

তেওঁ কয় যে দুয়োখন দেশে সংযম ৰক্ষা কৰি চলিলে নিৰীহ জনতাৰ প্ৰাণ ৰক্ষা পৰিব। ট্রাম্পে লগতে কয় যে ৰাছিয়া-ইউক্রেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকিলে, যুদ্ধখন কেতিয়াও আৰম্ভই নহ'লহেঁতেন। শেহতীয়াকৈ ৰাছিয়াই ইউক্রেইনৰ ওপৰত ক্ৰমাগতভাৱে আক্রমণ চলোৱাৰ পাছত মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই তাৎপর্য বহন কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ