--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেওবাৰে ইউক্রেইনৰ বিৰুদ্ধে বৃহত্তম আকাশী আক্রমণ চলোৱাৰ বাবে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সম্পূর্ণৰূপে 'পাগল' বুলি অভিহিত কৰিছে। ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ ট্রাম্পে তীব্র অসন্তুষ্টি প্রকাশ কৰিছে। তেওঁ লগতে মস্কোক সকীয়নি দি কয় যে ইউক্রেইনক নিয়ন্ত্রণ কৰাৰ যিকোনো প্রচেষ্টাই 'ৰাছিয়াৰ পতন ঘটাব'। 

পুটিনৰ সৈতে থকা ভাল বন্ধুত্বক স্বীকাৰ কৰি ট্রাম্পে কয় যে পুটিনে বহু লোকক হত্যা কৰিছে। কেৱল সৈন্যই নহয়, ইউক্রেইনৰ নগৰসমূহত বিনা কাৰণত বহু অসামৰিক লোকৰ মৃত্যু হৈছে বুলি ট্রাম্পে উদ্বেগ প্রকাশ কৰে। ট্রাম্পে লগতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীৰ ভূমিকাকো সমালোচনা কৰে। 

তেওঁ কয় যে দুয়োখন দেশে সংযম ৰক্ষা কৰি চলিলে নিৰীহ জনতাৰ প্ৰাণ ৰক্ষা পৰিব। ট্রাম্পে লগতে কয় যে ৰাছিয়া-ইউক্রেইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকিলে, যুদ্ধখন কেতিয়াও আৰম্ভই নহ'লহেঁতেন। শেহতীয়াকৈ ৰাছিয়াই ইউক্রেইনৰ ওপৰত ক্ৰমাগতভাৱে আক্রমণ চলোৱাৰ পাছত মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যই তাৎপর্য বহন কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত