--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ জিডিপি বিকাশৰ হাৰৰ তথ্য আজি প্ৰকাশ কৰিছে নেচনেল ষ্টেটিষ্টিকেল অফিচ চমুকৈ এনএছঅ’ই। সেই অনুসৰি দেশৰ জিডিপিৰ বিকাশৰ হাৰ হৈছেগৈ ৮.৭ শতাংশ। বিগত বিত্তীয় বৰ্ষত জিডিপি ৬.৬ শতাংশলৈ সংকুচিত হোৱাৰ পাছত ২০২১-২২ বিত্তীয় বৰ্ষত বিকাশৰ হাৰ ৮.৭ শতাংশ হোৱাৰ পূৰ্বানুমান কৰা হৈছিল।  ২০২১-২২ চনৰ চতুৰ্থ ত্ৰৈমাসিক অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে এই সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ ৪.১ শতাংশ হৈছে।

ইয়াৰ পূৰ্বৰ বছৰত অৰ্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত জিডিপি বিকাশৰ হাৰ আছিল ১.৬শতাংশ। ইফালে, ২০২১-২২ বিত্তীয় বৰ্ষৰ মুঠ জিডিপি ৮.৭ শতাংশ হৈছে। ইয়াৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষত জিডিপি নিগেটিভ স্তৰলৈ গৈছিল। এই হাৰ আছিল মাইনাছ ৭.৩ শতাংশ। ইয়াৰ পূ্ৰ্বে চিএছঅ’ৱে ২০২১-২২ বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৯.২ শতাংশ হোৱাৰ পূৰ্বানুমান কৰিছিল।

 

কৰ’নাকালীন পৰিস্থিতি আৰু বিভিন্ন গোলকীয় কাৰণৰ বাবে ২০২১-২২ৰ চতুৰ্থ ত্ৰৈমাসিকত জিডিপিৰ হাৰ ৪.১ শতাংশ হোৱা বুলি প্ৰকাশ কৰা হৈছে। কৰ’নাৰ অ’মিক্ৰন প্ৰকাৰৰ প্ৰভাৱ তথা ৰুছ-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশৰ জিডিপি বিকাশ প্ৰভাৱিত হোৱা বুলি কোৱা হৈছে। এই সময়ছোৱাত দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছিল।

 

এনএছঅ’ৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত মেনুফেকচাৰিং ছেক্টৰ অৰ্থাৎ উৎপাদনমুখী ক্ষেত্ৰৰ বিকাশ নিগেটিভ হিচাপে চিহ্নিত হয়। এই হাৰ মাইনাছ ০.২ শতাংশ হোৱা বুলি চিহ্নিত কৰা হৈছে। ২০২০-২১ বৰ্ষৰ এই ত্ৰৈমাসিকতে এই হাৰ আছিল ৬.৯ শতাংশ। কৃষি ক্ষেত্ৰৰ বিকাশৰ হাৰ ৪.১ শতাংশ বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ৩.১শতাংশ। কনষ্ট্ৰাকচন অৰ্থাৎ নিৰ্মাণ খণ্ডৰ বিকাশৰ হাৰ ২ শতাংশ বুলি চিহ্নিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে বিগত বৰ্ষৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ১৪.৫ শতাংশ। একেদৰে ট্ৰেড, হোটেল, ট্ৰেন্সপোৰ্ট, কমিউনিকেচন আৰু ব্ৰডকাষ্টিঙৰ সৈতে জড়িত সেৱাৰ দিশত ৫.৩ শতাংশ অধিক বিকাশৰ হাৰ দেখিবলৈ পোৱা গৈছে। যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ২.৫ শতাংশহে। একেদৰে ফাইনেন্সিয়েল, ৰিয়েল ইষ্টেট আৰু প্ৰফেচনেল চাৰ্ভিচত ৪.৫ শতাংশ বিকাশৰ হাৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ