--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ জিডিপি বিকাশৰ হাৰৰ তথ্য আজি প্ৰকাশ কৰিছে নেচনেল ষ্টেটিষ্টিকেল অফিচ চমুকৈ এনএছঅ’ই। সেই অনুসৰি দেশৰ জিডিপিৰ বিকাশৰ হাৰ হৈছেগৈ ৮.৭ শতাংশ। বিগত বিত্তীয় বৰ্ষত জিডিপি ৬.৬ শতাংশলৈ সংকুচিত হোৱাৰ পাছত ২০২১-২২ বিত্তীয় বৰ্ষত বিকাশৰ হাৰ ৮.৭ শতাংশ হোৱাৰ পূৰ্বানুমান কৰা হৈছিল।  ২০২১-২২ চনৰ চতুৰ্থ ত্ৰৈমাসিক অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চলৈকে এই সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ ৪.১ শতাংশ হৈছে।

ইয়াৰ পূৰ্বৰ বছৰত অৰ্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত জিডিপি বিকাশৰ হাৰ আছিল ১.৬শতাংশ। ইফালে, ২০২১-২২ বিত্তীয় বৰ্ষৰ মুঠ জিডিপি ৮.৭ শতাংশ হৈছে। ইয়াৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষত জিডিপি নিগেটিভ স্তৰলৈ গৈছিল। এই হাৰ আছিল মাইনাছ ৭.৩ শতাংশ। ইয়াৰ পূ্ৰ্বে চিএছঅ’ৱে ২০২১-২২ বিত্তীয় বৰ্ষত দেশৰ জিডিপি ৯.২ শতাংশ হোৱাৰ পূৰ্বানুমান কৰিছিল।

 

কৰ’নাকালীন পৰিস্থিতি আৰু বিভিন্ন গোলকীয় কাৰণৰ বাবে ২০২১-২২ৰ চতুৰ্থ ত্ৰৈমাসিকত জিডিপিৰ হাৰ ৪.১ শতাংশ হোৱা বুলি প্ৰকাশ কৰা হৈছে। কৰ’নাৰ অ’মিক্ৰন প্ৰকাৰৰ প্ৰভাৱ তথা ৰুছ-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশৰ জিডিপি বিকাশ প্ৰভাৱিত হোৱা বুলি কোৱা হৈছে। এই সময়ছোৱাত দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছিল।

 

এনএছঅ’ৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত মেনুফেকচাৰিং ছেক্টৰ অৰ্থাৎ উৎপাদনমুখী ক্ষেত্ৰৰ বিকাশ নিগেটিভ হিচাপে চিহ্নিত হয়। এই হাৰ মাইনাছ ০.২ শতাংশ হোৱা বুলি চিহ্নিত কৰা হৈছে। ২০২০-২১ বৰ্ষৰ এই ত্ৰৈমাসিকতে এই হাৰ আছিল ৬.৯ শতাংশ। কৃষি ক্ষেত্ৰৰ বিকাশৰ হাৰ ৪.১ শতাংশ বুলি প্ৰকাশ কৰা হৈছে। যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ৩.১শতাংশ। কনষ্ট্ৰাকচন অৰ্থাৎ নিৰ্মাণ খণ্ডৰ বিকাশৰ হাৰ ২ শতাংশ বুলি চিহ্নিত হৈছে। তাৎপৰ্যপূৰ্ণভাৱে বিগত বৰ্ষৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ১৪.৫ শতাংশ। একেদৰে ট্ৰেড, হোটেল, ট্ৰেন্সপোৰ্ট, কমিউনিকেচন আৰু ব্ৰডকাষ্টিঙৰ সৈতে জড়িত সেৱাৰ দিশত ৫.৩ শতাংশ অধিক বিকাশৰ হাৰ দেখিবলৈ পোৱা গৈছে। যোৱা বছৰৰ একেটা ত্ৰৈমাসিকত এই হাৰ আছিল ২.৫ শতাংশহে। একেদৰে ফাইনেন্সিয়েল, ৰিয়েল ইষ্টেট আৰু প্ৰফেচনেল চাৰ্ভিচত ৪.৫ শতাংশ বিকাশৰ হাৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত