--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ ঘোষণা হৈছে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ একাংশ মেধাৱী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত সাফল্য অৰ্জন কৰি পৰৱৰ্তী সময়ত দেশ পৰিচালনাৰ গুৰু দায়িত্ব গ্ৰহণৰ বাবে অগ্ৰসৰ হৈছে। এইসকলৰ সাফল্যৰ কাহিনী এতিয়া সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তাৰ মাজৰে একাংশই নানা প্ৰতিকূলতা আৰু বাধা-নিষেধ নেওচি অগ্ৰসৰ হৈছে সফলতাৰ যাত্ৰাত। তেওঁলোকৰ কৃচ্ছ্ব সাধনাৰ কাহিনীয়ে নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইসকলৰ ভিতৰৰ অন্যতম হৈছে শিবাংগী গোৱেল।

উত্তৰ প্ৰদেশৰ হাপুড়ৰ পিলখুৱা নিবাসী শিৱাংগী গোৱেলে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ১৭৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱাংগীৰ সফলতাই তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলটোৱে গৰিমা বৃদ্ধি কৰি তুলিছে। পিছে শিৱাংগীৰ সফলতাৰ এই কাহিনী খুব সৰল নাছিল। এক কষ্টকৰ পৰিক্ৰমা অতিক্ৰমী শিৱাংগীয়ে এই সাফল্য অৰ্জন কৰিছে। তেওঁ নিজৰ এই সাফল্যৰ কৃতিত্ব দিয়ে পিতৃ-মাতৃ আৰু নিজৰ সাত বছৰীয়া সন্তানক।

শিৱাংগীয়ে তেওঁৰ এই স্বৰ্ণীল যাত্ৰাৰ কথা প্ৰকাশ কৰি কয় যে, কলেজীয়া দিনৰে পৰা মোৰ শিক্ষাগুৰুসকলে মোক ভালদৰে প্ৰস্তুতি চলাই আইএএছ বিষয়া হোৱাৰ চেষ্টা চলাবলৈ পৰামৰ্শ দিছিল। তাৰ পাছত মই দিল্লীৰ লেডী শ্ৰীৰাম কলেজ অব কমাৰ্চত নামভৰ্তি কৰোঁ। মই দুবাৰ আইএএছৰ পৰীক্ষা দিছিলোঁ যদিও সফলতা পোৱা নাছিলোঁ। তাৰ পাছত মোৰ বিয়া হয়। কিন্তু মোৰ বৈবাহিক জীৱন সুখকৰ নহ’ল। মোৰ শহুৰৰ পৰিয়ালত মোৰ ওপৰত বহুত উৎপীড়ন চলিছিল আৰু মই গাৰ্হস্থ্য হিংসাৰ বলি হৈছিলোঁ। তেনে অৱস্থাত মোৰ পিতৃ-মাতৃয়ে মোক পুনৰ ঘৰলৈ ঘূৰাই লৈ আহে।

শিৱাংগীৰ এটি কণমানি কন্যা সন্তানো আছে। ২০১৯ চনত তেওঁৰ দেউতাকে তেওঁক কয় যে, তুমি যি কৰিব বিচৰা কৰা, আমি তোমাক সকলো সহায়-সমৰ্থন কৰিম। তাৰ পাছত পুনৰ আইএএছ পৰীক্ষা দিয়াৰ বাবে তেওঁ মন বান্ধে। ২০১৯ চনত বিবাহৰ পাছত তেওঁ পুনৰ আইএএছ পৰীক্ষা দিয়ে যদিও তেওঁ সফল হ’ব নোৱাৰিলে। কিন্তু তাৰ পাছতো তেওঁ থমকি নৰ’ল আৰু তৃতীয় প্ৰচেষ্টাত তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল। তেওঁ ১৭৭ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে।

শিৱাংগীয়ে নিজেই অধ্যয়ন কৰিছিল আৰু সমাজ বিজ্ঞানক বিষয় হিচাপে লৈ তেওঁ সাফল্য অৰ্জন কৰিছিল। তেওঁ কয় যে, মই মোৰ সফলতাৰ কৃতিত্ব মোৰ মা- দেউতা আৰু মোৰ কন্যাক দিব বিচাৰোঁ। তেওঁলোকেই মোৰ আইএএছ হোৱালৈ এই যাত্ৰাক অনুপ্ৰৰণা দিছিল। মই সমাজৰ সেইসকল মহিলাক এটা বাৰ্তা দিব বিচাৰোঁ যে, যিসকল মহিলাই বিবাহৰ পাছত শহুৰৰ ঘৰত সমস্যাৰ সন্মুখীন হয় আৰু দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়, তেওঁলোকে যাতে মন ভাঙি নেপেলাই নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰে। তেওঁলোকে চেষ্টা কৰিলো মোৰ দৰে সাফল্য অৰ্জন কৰিব পাৰে আৰু বহুতৰ বাবে অনু্প্ৰেৰণাত পৰিণত হ’ব পাৰে।

দুৰ্যোগ আৰু প্ৰতিকূলতাক জয় কৰি সাফল্যৰ শিখৰ চুবলৈ সক্ষম হোৱা শিৱাংগী গোৱেলে নিজৰ জীৱন পুনৰ আলোকেৰে উদ্ভাসিত কৰি তুলিবলৈ সক্ষম হোৱাই নহয়, তেওঁ এতিয়া আন বহুজনৰ বাবে অনুকৰণীয় আদৰ্শত পৰিণত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা