--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ ঘোষণা হৈছে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ একাংশ মেধাৱী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত সাফল্য অৰ্জন কৰি পৰৱৰ্তী সময়ত দেশ পৰিচালনাৰ গুৰু দায়িত্ব গ্ৰহণৰ বাবে অগ্ৰসৰ হৈছে। এইসকলৰ সাফল্যৰ কাহিনী এতিয়া সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তাৰ মাজৰে একাংশই নানা প্ৰতিকূলতা আৰু বাধা-নিষেধ নেওচি অগ্ৰসৰ হৈছে সফলতাৰ যাত্ৰাত। তেওঁলোকৰ কৃচ্ছ্ব সাধনাৰ কাহিনীয়ে নতুন নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইসকলৰ ভিতৰৰ অন্যতম হৈছে শিবাংগী গোৱেল।

উত্তৰ প্ৰদেশৰ হাপুড়ৰ পিলখুৱা নিবাসী শিৱাংগী গোৱেলে ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত ১৭৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱাংগীৰ সফলতাই তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলটোৱে গৰিমা বৃদ্ধি কৰি তুলিছে। পিছে শিৱাংগীৰ সফলতাৰ এই কাহিনী খুব সৰল নাছিল। এক কষ্টকৰ পৰিক্ৰমা অতিক্ৰমী শিৱাংগীয়ে এই সাফল্য অৰ্জন কৰিছে। তেওঁ নিজৰ এই সাফল্যৰ কৃতিত্ব দিয়ে পিতৃ-মাতৃ আৰু নিজৰ সাত বছৰীয়া সন্তানক।

শিৱাংগীয়ে তেওঁৰ এই স্বৰ্ণীল যাত্ৰাৰ কথা প্ৰকাশ কৰি কয় যে, কলেজীয়া দিনৰে পৰা মোৰ শিক্ষাগুৰুসকলে মোক ভালদৰে প্ৰস্তুতি চলাই আইএএছ বিষয়া হোৱাৰ চেষ্টা চলাবলৈ পৰামৰ্শ দিছিল। তাৰ পাছত মই দিল্লীৰ লেডী শ্ৰীৰাম কলেজ অব কমাৰ্চত নামভৰ্তি কৰোঁ। মই দুবাৰ আইএএছৰ পৰীক্ষা দিছিলোঁ যদিও সফলতা পোৱা নাছিলোঁ। তাৰ পাছত মোৰ বিয়া হয়। কিন্তু মোৰ বৈবাহিক জীৱন সুখকৰ নহ’ল। মোৰ শহুৰৰ পৰিয়ালত মোৰ ওপৰত বহুত উৎপীড়ন চলিছিল আৰু মই গাৰ্হস্থ্য হিংসাৰ বলি হৈছিলোঁ। তেনে অৱস্থাত মোৰ পিতৃ-মাতৃয়ে মোক পুনৰ ঘৰলৈ ঘূৰাই লৈ আহে।

শিৱাংগীৰ এটি কণমানি কন্যা সন্তানো আছে। ২০১৯ চনত তেওঁৰ দেউতাকে তেওঁক কয় যে, তুমি যি কৰিব বিচৰা কৰা, আমি তোমাক সকলো সহায়-সমৰ্থন কৰিম। তাৰ পাছত পুনৰ আইএএছ পৰীক্ষা দিয়াৰ বাবে তেওঁ মন বান্ধে। ২০১৯ চনত বিবাহৰ পাছত তেওঁ পুনৰ আইএএছ পৰীক্ষা দিয়ে যদিও তেওঁ সফল হ’ব নোৱাৰিলে। কিন্তু তাৰ পাছতো তেওঁ থমকি নৰ’ল আৰু তৃতীয় প্ৰচেষ্টাত তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল। তেওঁ ১৭৭ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে।

শিৱাংগীয়ে নিজেই অধ্যয়ন কৰিছিল আৰু সমাজ বিজ্ঞানক বিষয় হিচাপে লৈ তেওঁ সাফল্য অৰ্জন কৰিছিল। তেওঁ কয় যে, মই মোৰ সফলতাৰ কৃতিত্ব মোৰ মা- দেউতা আৰু মোৰ কন্যাক দিব বিচাৰোঁ। তেওঁলোকেই মোৰ আইএএছ হোৱালৈ এই যাত্ৰাক অনুপ্ৰৰণা দিছিল। মই সমাজৰ সেইসকল মহিলাক এটা বাৰ্তা দিব বিচাৰোঁ যে, যিসকল মহিলাই বিবাহৰ পাছত শহুৰৰ ঘৰত সমস্যাৰ সন্মুখীন হয় আৰু দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়, তেওঁলোকে যাতে মন ভাঙি নেপেলাই নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰে। তেওঁলোকে চেষ্টা কৰিলো মোৰ দৰে সাফল্য অৰ্জন কৰিব পাৰে আৰু বহুতৰ বাবে অনু্প্ৰেৰণাত পৰিণত হ’ব পাৰে।

দুৰ্যোগ আৰু প্ৰতিকূলতাক জয় কৰি সাফল্যৰ শিখৰ চুবলৈ সক্ষম হোৱা শিৱাংগী গোৱেলে নিজৰ জীৱন পুনৰ আলোকেৰে উদ্ভাসিত কৰি তুলিবলৈ সক্ষম হোৱাই নহয়, তেওঁ এতিয়া আন বহুজনৰ বাবে অনুকৰণীয় আদৰ্শত পৰিণত হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ