--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলেজীয়া ছাত্ৰী খাইৰুণ নেছাৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাত জড়িত আন আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আজি শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ৷

ডিজিটেল ডেস্কঃ  গৰৈমাৰীৰ চৌধুৰীপামত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ।  প্ৰসংগঃ দক্ষিণ কামৰূপৰ চৌধুৰীপামত কলেজীয়া ছাত্ৰী হত্যাকাৰীক ফাঁচিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ।


কলেজীয়া ছাত্ৰী খাইৰুণ নেছাৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাত জড়িত আন আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আজি শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ৷


জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চৌধুৰীপামত সাব্যস্ত কৰে এই প্ৰতিবাদ। হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ৷


উল্লেখ্য যে, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী তথা চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ কন্যা খাইৰুন নেছাক ১৫ অক্টোবৰত নিজগৃহত চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল৷


শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ বালাগাঁও চৰৰ নুৰুল ইছলাম নামৰ যুৱকেজনে প্ৰেমজনিত কাৰণত নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰীগৰাকীক৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলাই গৈছিল যুৱকজন৷


পাষণ্ড যুৱক নুৰুল ইছলামক কালি মিৰ্জাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এই হত্যাকাণ্ডত আন আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায়।


চৌধুৰীপামৰ ৰাইজে হত্যাকাৰীক ফাঁচী দিয়ক, নাৰী নিৰ্যাতন বন্ধ কৰক, খাইৰুন নেছা অমৰ হওঁক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত