--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলেজীয়া ছাত্ৰী খাইৰুণ নেছাৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাত জড়িত আন আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আজি শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ৷

ডিজিটেল ডেস্কঃ  গৰৈমাৰীৰ চৌধুৰীপামত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ।  প্ৰসংগঃ দক্ষিণ কামৰূপৰ চৌধুৰীপামত কলেজীয়া ছাত্ৰী হত্যাকাৰীক ফাঁচিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ।


কলেজীয়া ছাত্ৰী খাইৰুণ নেছাৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাত জড়িত আন আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আজি শতাধিক পুৰুষ-মহিলাৰ উত্তাল প্ৰতিবাদ৷


জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চৌধুৰীপামত সাব্যস্ত কৰে এই প্ৰতিবাদ। হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ৷


উল্লেখ্য যে, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী তথা চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ কন্যা খাইৰুন নেছাক ১৫ অক্টোবৰত নিজগৃহত চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল৷


শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ বালাগাঁও চৰৰ নুৰুল ইছলাম নামৰ যুৱকেজনে প্ৰেমজনিত কাৰণত নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰীগৰাকীক৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলাই গৈছিল যুৱকজন৷


পাষণ্ড যুৱক নুৰুল ইছলামক কালি মিৰ্জাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও এই হত্যাকাণ্ডত আন আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায়।


চৌধুৰীপামৰ ৰাইজে হত্যাকাৰীক ফাঁচী দিয়ক, নাৰী নিৰ্যাতন বন্ধ কৰক, খাইৰুন নেছা অমৰ হওঁক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ