--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নামনি অসমৰ ১২খন জিলাৰ পৰা অহা ৭০০৯ গৰাকী আয়তিয়ে চণ্ডী বৰুৱা ষ্টেডিয়ামত একেলগে থিয় নাম প্ৰদৰ্শন কৰি অসম বুকচ অৱ ৰেকৰ্ডত ৰাজ্যিক অভিলেখ গঢ়াৰ প্ৰয়াস

ডিজিটেল ডেস্ক : ৯৭সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত হাউলীৰ চণ্ডী বৰুৱা ষ্টেডিয়ামত প্ৰায় ৭ হাজাৰ মহিলাই একেলগে থিয়নাম প্ৰদৰ্শন কৰিব।


আজিৰ এই দিনটোত ৭হাজাৰ গৰাকী মহিলাই থিয় নাম পৰিৱেশন কৰি অভিলেখ গঢ়াৰ লগতে নামনি অসমৰ সাংস্কৃতিক পৰিচয়ক বিশ্বৰ আগত উজ্জ্বল কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে।


গুৰুজনাৰ সৃষ্টিৰাজি ৰূপে নামনি অসমৰ ঐতিহ্যবাহী লোকসংস্কৃতিক গীত-নৃত্য থিয়নামক বিশ্ব দৰবাৰত চিনাকি কৰাবলৈ এই প্ৰচেষ্টা।


নামনি অসমৰ ১২খন জিলাৰ পৰা অহা ৭০০৯ গৰাকী আয়তিয়ে চণ্ডী বৰুৱা ষ্টেডিয়ামত একেলগে থিয় নাম প্ৰদৰ্শন কৰি অসম বুকচ অৱ ৰেকৰ্ডত ৰাজ্যিক অভিলেখ গঢ়াৰ লগতে একেদিনাই বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস।


প্ৰায় ৪ মাহ যোৰা নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ অন্তত আজি এই মুহূৰ্তত উপনীত হৈছে আৰু কিছু সময় পিছতে গুৰুজনাৰ সৃষ্টিৰাজি ৰূপে নামনি অসমৰ ঐতিহ্যবাহী লোকসংস্কৃতিক গীত-নৃত্য থিয়নামক বিশ্ব দৰবাৰত উজলিব।


লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদি তেওঁৰ জন্ম শতবাৰ্ষিকীৰ প্ৰাকক্ষণত একেলগতে ৭ হাজাৰ গৰাকী নামাতি আৰু দৰ্শকে একেলগে পৰিৱেশন কৰিব 'মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত