--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি IETC কেন্দ্ৰইহে নিৰ্দিষ্ট কৰিব পাৰে পজিটিভ বা নিগেটিভ। পিছে ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট চাই বঞ্চিত কৰিলে মহিলাগৰাকীক ।

ডিজিটেল ডেস্কঃ  AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড। চৰকাৰী প্ৰতিষ্ঠান ICTC ৰ ৰিপ'ৰ্ট নিগেটিভ হোৱাৰ পিছতো সন্দেহ চিকিৎসালয় অধীক্ষকৰ।


ডায়েলেছিচৰ পৰা বঞ্চিত গুৰুতৰভাৱে অসুস্থ ৰোগী । সাংবাদিকৰ তৎপৰতাত ডায়েলেছিচ কৰিবলৈ বাধ্য বঙাইগাঁও অসামৰিক চিকিৎসালয়। ১৩ আগষ্টৰ পৰা ৰাজ্যজুৰি চলিছে ৬০ দিনীয়া AIDS সজাগতাৰ বিশেষ অনুষ্ঠান।


বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শনিবাৰে ডায়েলেছিচৰ বাবে গৈছিল এগৰাকী মহিলা। ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট অনুসৰি মহিলাগৰাকী আছিল HIV REACTIVE ।


কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি IETC কেন্দ্ৰইহে নিৰ্দিষ্ট কৰিব পাৰে পজিটিভ বা নিগেটিভ। পিছে ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট চাই বঞ্চিত কৰিলে মহিলাগৰাকীক ।


পৰিয়ালৰ হেঁচাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত HIV পৰীক্ষা কৰোৱা হয় মহিলাগৰাকীক । HIV চূড়ান্ত পৰীক্ষাত নিগেটিভ বুলি প্ৰতিপন্ন হয় মহিলাগৰাকী ।


হীনমান্যতাত ভুগি সাংবাদিকৰ কাষ চাপে পৰিয়ালটো। সাংবাদিকৰ তৎপৰতাত ভুল চিকাৰ কৰি ডায়েলেছিচৰ বাবে দেওবাৰেও অধিক সক্ৰিয় হয় বঙাইগাঁও অসামৰিক চিকিৎসালয় ।


সজাগতাৰ লামত কোটি কোটি অপচয় কৰি থকা বিভাগটোৰ স্বৰূপ এয়া। ৰাজ্যত‌ প্ৰতিদিনে বৃদ্ধি পাই আহিছে HIV আক্ৰান্তৰ সংখ্যা ।


এনে পৰিপ্ৰেক্ষিতত এই সকল চিকিৎসা কৰ্মীয়ে জানো শত্ৰু নহয় AIDS সজাগতাৰ ।


লক্ষ্যনীয় বিষয় ১৬ বিছনা যুক্ত বঙাইগাঁও অসামৰিক চিকিৎসালয় চৌহদত ডায়েবেটিচ প্ৰতিষ্ঠানৰ বিকল হৈ পৰিছে লিফ্ট যাৰ ফলত দূৰাৰোগ্যত ভোগা ৰোগীসকলেও বগাৱলগীয়া হৈছে চিৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ