--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি IETC কেন্দ্ৰইহে নিৰ্দিষ্ট কৰিব পাৰে পজিটিভ বা নিগেটিভ। পিছে ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট চাই বঞ্চিত কৰিলে মহিলাগৰাকীক ।

ডিজিটেল ডেস্কঃ  AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড। চৰকাৰী প্ৰতিষ্ঠান ICTC ৰ ৰিপ'ৰ্ট নিগেটিভ হোৱাৰ পিছতো সন্দেহ চিকিৎসালয় অধীক্ষকৰ।


ডায়েলেছিচৰ পৰা বঞ্চিত গুৰুতৰভাৱে অসুস্থ ৰোগী । সাংবাদিকৰ তৎপৰতাত ডায়েলেছিচ কৰিবলৈ বাধ্য বঙাইগাঁও অসামৰিক চিকিৎসালয়। ১৩ আগষ্টৰ পৰা ৰাজ্যজুৰি চলিছে ৬০ দিনীয়া AIDS সজাগতাৰ বিশেষ অনুষ্ঠান।


বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শনিবাৰে ডায়েলেছিচৰ বাবে গৈছিল এগৰাকী মহিলা। ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট অনুসৰি মহিলাগৰাকী আছিল HIV REACTIVE ।


কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি IETC কেন্দ্ৰইহে নিৰ্দিষ্ট কৰিব পাৰে পজিটিভ বা নিগেটিভ। পিছে ব্যক্তিগত প্ৰতিষ্ঠানৰ ৰিপ'ৰ্ট চাই বঞ্চিত কৰিলে মহিলাগৰাকীক ।


পৰিয়ালৰ হেঁচাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত HIV পৰীক্ষা কৰোৱা হয় মহিলাগৰাকীক । HIV চূড়ান্ত পৰীক্ষাত নিগেটিভ বুলি প্ৰতিপন্ন হয় মহিলাগৰাকী ।


হীনমান্যতাত ভুগি সাংবাদিকৰ কাষ চাপে পৰিয়ালটো। সাংবাদিকৰ তৎপৰতাত ভুল চিকাৰ কৰি ডায়েলেছিচৰ বাবে দেওবাৰেও অধিক সক্ৰিয় হয় বঙাইগাঁও অসামৰিক চিকিৎসালয় ।


সজাগতাৰ লামত কোটি কোটি অপচয় কৰি থকা বিভাগটোৰ স্বৰূপ এয়া। ৰাজ্যত‌ প্ৰতিদিনে বৃদ্ধি পাই আহিছে HIV আক্ৰান্তৰ সংখ্যা ।


এনে পৰিপ্ৰেক্ষিতত এই সকল চিকিৎসা কৰ্মীয়ে জানো শত্ৰু নহয় AIDS সজাগতাৰ ।


লক্ষ্যনীয় বিষয় ১৬ বিছনা যুক্ত বঙাইগাঁও অসামৰিক চিকিৎসালয় চৌহদত ডায়েবেটিচ প্ৰতিষ্ঠানৰ বিকল হৈ পৰিছে লিফ্ট যাৰ ফলত দূৰাৰোগ্যত ভোগা ৰোগীসকলেও বগাৱলগীয়া হৈছে চিৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত