--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এগৰাকী মহিলাৰ ওপৰত চলিল মৰেল পুলিচৰ আক্ৰমণ । ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাঁৱত

ডিজিটেল ডেস্কঃ কোন দিশে গতি কৰিছে মানৱ সমাজ ! ৰাজ্যত অস্বাভাবিক হাৰত বৃদ্ধি পাইছে মৰেল পুলিচিংৰ ঘটনা ।


যোৱা মঙ্গলবাৰে এগৰাকী মহিলাৰ ওপৰত চলিল মৰেল পুলিচৰ আক্ৰমণ । ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাঁৱত । সাংবাদিকক মহিলা গৰাকীয়ে জনায় যে মহিলাগৰাকীক অতি নিৰ্মম ভাবে লাঠিৰে কোবায় ।আনকি তেওঁক ৰদেৰে খুচি খুচি আৰু ডিঙি চেপি আক্ৰমণ কৰে ।


একাংশ উগ্ৰ মহিলাই আৰু মহিলা গৰাকীৰ পূৰ্বৰ স্বামী পিন্টো দেৱনাথ সমগ্ৰ ঘটনাত উপস্থিত আছিল । সকলোৱে মিলি পিন্টো দেৱনাথৰ নিৰ্দেশত মহিলা গৰাকীৰ চুলি কেছীৰে কাটি দিয়ে বুলি জানিব পৰা গৈছে ।


পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা সংকট জনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰে হাওৰাঘাট আৰক্ষীয়ে । তাৰ পিছতেই হাওৰাঘাট চৰকাৰী চিকিৎসালয়ত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰায় । পৰৱৰ্ত্তী সময়ত ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও বাতৰি যুগুতুৱা সময়লৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই হাওৰাঘাট আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ