--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এগৰাকী মহিলাৰ ওপৰত চলিল মৰেল পুলিচৰ আক্ৰমণ । ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাঁৱত

ডিজিটেল ডেস্কঃ কোন দিশে গতি কৰিছে মানৱ সমাজ ! ৰাজ্যত অস্বাভাবিক হাৰত বৃদ্ধি পাইছে মৰেল পুলিচিংৰ ঘটনা ।


যোৱা মঙ্গলবাৰে এগৰাকী মহিলাৰ ওপৰত চলিল মৰেল পুলিচৰ আক্ৰমণ । ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাঁৱত । সাংবাদিকক মহিলা গৰাকীয়ে জনায় যে মহিলাগৰাকীক অতি নিৰ্মম ভাবে লাঠিৰে কোবায় ।আনকি তেওঁক ৰদেৰে খুচি খুচি আৰু ডিঙি চেপি আক্ৰমণ কৰে ।


একাংশ উগ্ৰ মহিলাই আৰু মহিলা গৰাকীৰ পূৰ্বৰ স্বামী পিন্টো দেৱনাথ সমগ্ৰ ঘটনাত উপস্থিত আছিল । সকলোৱে মিলি পিন্টো দেৱনাথৰ নিৰ্দেশত মহিলা গৰাকীৰ চুলি কেছীৰে কাটি দিয়ে বুলি জানিব পৰা গৈছে ।


পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা সংকট জনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰে হাওৰাঘাট আৰক্ষীয়ে । তাৰ পিছতেই হাওৰাঘাট চৰকাৰী চিকিৎসালয়ত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰায় । পৰৱৰ্ত্তী সময়ত ভুক্তভোগী মহিলা গৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও বাতৰি যুগুতুৱা সময়লৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই হাওৰাঘাট আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত