--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমান AI171 বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ মেঘনীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।

ডিজিটেল ডেস্কঃ উৰণৰ কিছু সময়ৰ পিছতে সংঘটিত হ’ল ভয়ংকৰ বিমান দুৰ্ঘটনা। লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমান AI171 বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ মেঘনীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। যদিও এতিয়ালৈকে হতাহতৰ সংখ্যা নিশ্চিতভাৱে জানিব পৰা হোৱা নাই, তথাপিও বহু লোকৰ প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে।


দুপৰীয়া প্ৰায় ২ বজাত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰে AI171 যাত্ৰীবাহী বিমানখনে। আৰক্ষীয়ে জনোৱা মতে, উৰণৰ কিছু সময়ৰ পিছতে মেঘানীনগৰৰ জনবসতিপূৰ্ণ এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ভয়ংকৰ শব্দৰে সমগ্ৰ অঞ্চলটো কঁপি উঠে। নিমিষতে আকাশখন ক’লা ধোঁৱাই আৱৰি ধৰে। এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল।


অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া জয়শ খাদিয়াই জানিবলৈ দিয়া মতে, জুই নিয়ন্ত্ৰণ কৰিবলৈ বহু অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন প্ৰেৰণ কৰা হৈছে। উদ্ধাৰৰ কাম আৰম্ভ হৈছে। এজন প্ৰশাসনিক বিষয়াই জনোৱা মতে, ইতিমধ্যে বহু আহত লোকক মহানগৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।


এই সন্দৰ্ভত আহমেদাবাদৰ উপায়ুক্ত কানন দেশাইক সোধাত তেওঁ কয় যে, “আমি হতাহতৰ সবিশেষ সংগ্ৰহ কৰি আছো। আমি বৰ্তমান একো নিশ্চিত কৰিব নোৱাৰো।”


আনহাতে এয়াৰ ইণ্ডিয়াই নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত জনায়, “আজি ১২ জুন ২০২৫ তাৰিখে আহমেদাবাদ-লণ্ডন গেটৱিকৰ পথত থকা বিমান AI171 য়ে দুৰ্ঘটনাৰ সন্মুখীন হয়।


উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। নিৰাপদে খালী কৰা হয় বাসিন্দাসকলক। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে।বিমানখনত কিমানজন যাত্ৰী আছিল আৰু কিমানজন আহত বা নিহত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বাতৰি অনুসৰি, দুৰ্ঘটনাৰ সময়ত বিমানখনত ক্ৰু মেম্বাৰসহ আছিল ২৪২ গৰাকী যাত্ৰী। দুৰ্ঘটনাটোত আটাইৰে মৃত্যুৰ আশংকা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা