--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমান AI171 বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ মেঘনীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।

ডিজিটেল ডেস্কঃ উৰণৰ কিছু সময়ৰ পিছতে সংঘটিত হ’ল ভয়ংকৰ বিমান দুৰ্ঘটনা। লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বিমান AI171 বৃহস্পতিবাৰে বিয়লি আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ মেঘনীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়। যদিও এতিয়ালৈকে হতাহতৰ সংখ্যা নিশ্চিতভাৱে জানিব পৰা হোৱা নাই, তথাপিও বহু লোকৰ প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে।


দুপৰীয়া প্ৰায় ২ বজাত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰে AI171 যাত্ৰীবাহী বিমানখনে। আৰক্ষীয়ে জনোৱা মতে, উৰণৰ কিছু সময়ৰ পিছতে মেঘানীনগৰৰ জনবসতিপূৰ্ণ এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ভয়ংকৰ শব্দৰে সমগ্ৰ অঞ্চলটো কঁপি উঠে। নিমিষতে আকাশখন ক’লা ধোঁৱাই আৱৰি ধৰে। এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল।


অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া জয়শ খাদিয়াই জানিবলৈ দিয়া মতে, জুই নিয়ন্ত্ৰণ কৰিবলৈ বহু অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন প্ৰেৰণ কৰা হৈছে। উদ্ধাৰৰ কাম আৰম্ভ হৈছে। এজন প্ৰশাসনিক বিষয়াই জনোৱা মতে, ইতিমধ্যে বহু আহত লোকক মহানগৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।


এই সন্দৰ্ভত আহমেদাবাদৰ উপায়ুক্ত কানন দেশাইক সোধাত তেওঁ কয় যে, “আমি হতাহতৰ সবিশেষ সংগ্ৰহ কৰি আছো। আমি বৰ্তমান একো নিশ্চিত কৰিব নোৱাৰো।”


আনহাতে এয়াৰ ইণ্ডিয়াই নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত জনায়, “আজি ১২ জুন ২০২৫ তাৰিখে আহমেদাবাদ-লণ্ডন গেটৱিকৰ পথত থকা বিমান AI171 য়ে দুৰ্ঘটনাৰ সন্মুখীন হয়।


উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। নিৰাপদে খালী কৰা হয় বাসিন্দাসকলক। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে।বিমানখনত কিমানজন যাত্ৰী আছিল আৰু কিমানজন আহত বা নিহত হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বাতৰি অনুসৰি, দুৰ্ঘটনাৰ সময়ত বিমানখনত ক্ৰু মেম্বাৰসহ আছিল ২৪২ গৰাকী যাত্ৰী। দুৰ্ঘটনাটোত আটাইৰে মৃত্যুৰ আশংকা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ