--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলগীয়া মন্ত্রী আৰু দলীয় নেতাই আৰ টি-পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক কৰা হৈছে

ডিজিটেল ডেস্ক : দেশত সক্রিয় কভিড ৰোগীৰ সংখ্যা ৭ হাজাৰ অতিক্ৰম কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলগীয়া মন্ত্রী আৰু দলীয় নেতাই আৰ টি-পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক কৰা হৈছে। 


এটা সংবাদ মাধ্যমে এই দাবী কৰে। বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসগৃহত দিল্লীৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ বিষয়ববীয়াসকলে এক নির্ধাৰিত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ আগতে এই সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে। 


প্রট'কল বা আচাৰবিধিৰ মতে বৈঠকত উপস্থিত থকা সকলোৱে বৈঠকৰ আগত নিগেটিভ আৰ টি-পি চি আৰ টেষ্ট ৰিপ'ৰ্ট দাখিল কৰিব লাগিব। ৰাজহুৱা সভা-সমিতিৰ ক্ষেত্ৰলৈও এই আচাৰবিধি সম্প্ৰসাৰণ কৰা হৈছে। 


সংবাদ মাধ্যমৰ বাতৰি মতে, কোনো সমাৱেশ, সভাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে মঞ্চত অংশগ্ৰহণ কৰা বিষয়া, বিষয়ববীয়াসকলেও আৰ টি-পি চি আৰ টেষ্ট কৰাব লাগিব আৰু তেওঁৰ এই পৰীক্ষাৰ ফল নেতিবাচক বুলি প্রমাণ দেখুৱাব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত