--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • Pakistan-will-go-deep-to-eradicate-terrorists-External-Affairs-Minister-Jaishankar

ডিজিটেল ডেস্কঃ পাকিস্তানে যদি সন্ত্রাসবাদীক সমর্থন দিয়া কাৰ্য অব্যাহত ৰাখে, তেনেহ'লে ভাৰতে কি ব্যৱস্থা গ্রহণ কৰে, এই বিষয়ত পোনপটীয়া উত্তৰ দি বিদেশ মন্ত্রী জয়শংকৰে কয় যে সন্ত্রাসবাদী য'তেই নাথাকক, সেইটো লৈ ভাৰতে মূৰ নঘমায়, সন্ত্রাসবাদী যদি পাকিস্তানৰ গভীৰতম দিশতো থাকে তেনেহ'লে ভাৰতে পাকিস্তানৰ গভীৰলৈ গৈ সন্ত্রাসবাদীক নিঃশেষ কৰিব। 


বিদেশ মন্ত্রী জয়শংকৰে বেলজিয়াম আৰু ফ্রান্সলৈ এসপ্তাহৰ ভ্ৰমণ-সূচী লৈ গৈছে। এই সময়ছোৱাত বিদেশ মন্ত্রীজনে দেশ দুখনৰ বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনা কালত বিদেশ মন্ত্রীজনে পাকিস্তানৰ সন্ত্রাসবাদ প্রীতিক তেওঁলোকৰ সন্মুখত উদঙাই দিয়ে। 


জয়শংকৰে কয় যে 'অপাৰেশ্যন সেন্দুৰ'ৰ জৰিয়তে ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিসমূহ বিধ্বস্ত কৰিলে। ইয়াৰ পাছতে পাকিস্তানে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাইপৰাক্ৰম প্ৰদৰ্শন কৰি পাকিস্তানৰ ১১টাকৈ বিমান ঘাটি বিধ্বস্ত কৰিলে। সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে শূন্য সহনশীলতাৰ নীতি সদায়েই অৱলম্বন কৰিব বুলি জয়শংকৰে কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ