--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • Pakistan-will-go-deep-to-eradicate-terrorists-External-Affairs-Minister-Jaishankar

ডিজিটেল ডেস্কঃ পাকিস্তানে যদি সন্ত্রাসবাদীক সমর্থন দিয়া কাৰ্য অব্যাহত ৰাখে, তেনেহ'লে ভাৰতে কি ব্যৱস্থা গ্রহণ কৰে, এই বিষয়ত পোনপটীয়া উত্তৰ দি বিদেশ মন্ত্রী জয়শংকৰে কয় যে সন্ত্রাসবাদী য'তেই নাথাকক, সেইটো লৈ ভাৰতে মূৰ নঘমায়, সন্ত্রাসবাদী যদি পাকিস্তানৰ গভীৰতম দিশতো থাকে তেনেহ'লে ভাৰতে পাকিস্তানৰ গভীৰলৈ গৈ সন্ত্রাসবাদীক নিঃশেষ কৰিব। 


বিদেশ মন্ত্রী জয়শংকৰে বেলজিয়াম আৰু ফ্রান্সলৈ এসপ্তাহৰ ভ্ৰমণ-সূচী লৈ গৈছে। এই সময়ছোৱাত বিদেশ মন্ত্রীজনে দেশ দুখনৰ বিভিন্ন ৰাজনৈতিক নেতাৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনা কালত বিদেশ মন্ত্রীজনে পাকিস্তানৰ সন্ত্রাসবাদ প্রীতিক তেওঁলোকৰ সন্মুখত উদঙাই দিয়ে। 


জয়শংকৰে কয় যে 'অপাৰেশ্যন সেন্দুৰ'ৰ জৰিয়তে ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিসমূহ বিধ্বস্ত কৰিলে। ইয়াৰ পাছতে পাকিস্তানে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাইপৰাক্ৰম প্ৰদৰ্শন কৰি পাকিস্তানৰ ১১টাকৈ বিমান ঘাটি বিধ্বস্ত কৰিলে। সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে শূন্য সহনশীলতাৰ নীতি সদায়েই অৱলম্বন কৰিব বুলি জয়শংকৰে কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত