--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পহিলা ব’হাগৰ দিনাই এগৰাকী বৃদ্ধাৰ জীৱনলৈ নামি আহিল কাল অমানিশা। এটা বন্তিৰ শিখাই নিমিষতে ছাঁই কৰিলে এটা সপোনৰ ঘৰ।

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি বিহুৰ আনন্দ,ঢোল-পেঁপাৰ শব্দত মুখৰিত আকাশ-বতাহ। কিন্তু ইয়াৰ মাজতে বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা আহিছে এক অতি হৃদয়বিদাৰক খবৰ।


পহিলা ব’হাগৰ দিনাই এগৰাকী বৃদ্ধাৰ জীৱনলৈ নামি আহিল কাল অমানিশা।

এটা বন্তিৰ শিখাই নিমিষতে ছাঁই কৰিলে এটা সপোনৰ ঘৰ। শুৱালকুছিৰ কাঞ্চণ নগৰ অঞ্চলত চাৰিওফালে বিহুৰ উছাহৰ মাজতে জ্বলি ছাঁই হ'ল এটি ঘৰ। শ্ৰীমন্ত গ্ৰাহক সমবায় ভাণ্ডাৰৰ সমীপৰ বাসিন্দা কুঞ্জ নাথ নামৰ এগৰাকী বৃদ্ধাৰ ঘৰত লাগিল এই বিধ্বংসী জুই। চকুৰ পলকতে জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে সমগ্ৰ বাসগৃহ।


জানিব পৰা মতে, পহিলা ব’হাগৰ পবিত্ৰ ক্ষণত মংগল কামনা কৰি থাপনাত বন্তি জ্বলাইছিল বৃদ্ধাগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ ওলাই গৈছিল ৰাজহুৱা নামঘৰলৈ। কিন্তু সেই বন্তিৰ পৰাই দুৰ্ভাগ্যজনকভাৱে সূত্ৰপাত ঘটিল জুইৰ। মুহূৰ্ততে কালৰূপ ধৰিলে অগ্নিকাণ্ডই।


ভয়ংকৰ এই অগ্নিকাণ্ডত কোনো সা-সামগ্ৰীয়েই উদ্ধাৰ কৰিব পৰা নগ’ল। কি পিন্ধা কাপোৰ, কি খোৱা চাউল— সকলো এতিয়া কেৱল ছাই। কেৱল সম্পত্তি নহয়, বৃদ্ধাগৰাকীৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰও জুইত জাহ গ’ল। প্ৰাথমিক তথ্য অনুসৰি, প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে বৃদ্ধা কুঞ্জ নাথ। পহিলা ব’হাগৰ বিহুৱানে যাৰ মুখত হাঁহি বিৰিঙাব লাগিছিল, সেই বিহুৰ দিনাই এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে কুঞ্জ নাথে।


সৰ্বস্ব হেৰুওৱা এই দুৰ্ভাগ্যগ্ৰস্ত বৃদ্ধাগৰাকীক স্থানীয় ৰাইজে চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ