--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পহিলা ব’হাগৰ দিনাই এগৰাকী বৃদ্ধাৰ জীৱনলৈ নামি আহিল কাল অমানিশা। এটা বন্তিৰ শিখাই নিমিষতে ছাঁই কৰিলে এটা সপোনৰ ঘৰ।

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি বিহুৰ আনন্দ,ঢোল-পেঁপাৰ শব্দত মুখৰিত আকাশ-বতাহ। কিন্তু ইয়াৰ মাজতে বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা আহিছে এক অতি হৃদয়বিদাৰক খবৰ।

পহিলা ব’হাগৰ দিনাই এগৰাকী বৃদ্ধাৰ জীৱনলৈ নামি আহিল কাল অমানিশা।

এটা বন্তিৰ শিখাই নিমিষতে ছাঁই কৰিলে এটা সপোনৰ ঘৰ। শুৱালকুছিৰ কাঞ্চণ নগৰ অঞ্চলত চাৰিওফালে বিহুৰ উছাহৰ মাজতে জ্বলি ছাঁই হ'ল এটি ঘৰ। শ্ৰীমন্ত গ্ৰাহক সমবায় ভাণ্ডাৰৰ সমীপৰ বাসিন্দা কুঞ্জ নাথ নামৰ এগৰাকী বৃদ্ধাৰ ঘৰত লাগিল এই বিধ্বংসী জুই। চকুৰ পলকতে জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে সমগ্ৰ বাসগৃহ।

জানিব পৰা মতে, পহিলা ব’হাগৰ পবিত্ৰ ক্ষণত মংগল কামনা কৰি থাপনাত বন্তি জ্বলাইছিল বৃদ্ধাগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ ওলাই গৈছিল ৰাজহুৱা নামঘৰলৈ। কিন্তু সেই বন্তিৰ পৰাই দুৰ্ভাগ্যজনকভাৱে সূত্ৰপাত ঘটিল জুইৰ। মুহূৰ্ততে কালৰূপ ধৰিলে অগ্নিকাণ্ডই।

ভয়ংকৰ এই অগ্নিকাণ্ডত কোনো সা-সামগ্ৰীয়েই উদ্ধাৰ কৰিব পৰা নগ’ল। কি পিন্ধা কাপোৰ, কি খোৱা চাউল— সকলো এতিয়া কেৱল ছাই। কেৱল সম্পত্তি নহয়, বৃদ্ধাগৰাকীৰ সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰও জুইত জাহ গ’ল। প্ৰাথমিক তথ্য অনুসৰি, প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে বৃদ্ধা কুঞ্জ নাথ। পহিলা ব’হাগৰ বিহুৱানে যাৰ মুখত হাঁহি বিৰিঙাব লাগিছিল, সেই বিহুৰ দিনাই এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে কুঞ্জ নাথে।

সৰ্বস্ব হেৰুওৱা এই দুৰ্ভাগ্যগ্ৰস্ত বৃদ্ধাগৰাকীক স্থানীয় ৰাইজে চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ