--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোমবাৰে পুৱা এখন জিপছি গাড়ীৰ ওপৰত এটা প্রকাণ্ড শিল বাগৰি পৰাৰ লগতে আন এখন বলেৰ' গাড়ীৰ চালকৰ আসনৰ ফালে পাহাৰৰ পৰা বাগৰি অহা প্রকাণ্ড শিলে খুন্দা মাৰে।

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ দিৰাঙত সোমবাৰে সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ ফলত ভালুকপুং-টাৱাং সংযোগী পথেৰে যাতায়াত বন্ধ হৈ পৰিছে।


উল্লেখযোগ্য যে এই পথছোৱাত দেওবাৰৰ পৰাই স্থান বিশেষে পাহাৰ খহি পৰা ঘটনা সংঘটিত হৈ আছিল যদিও সোমবাৰে পুৱা ই ভয়ংকৰ ৰূপ লয়। সোমবাৰে পুৱা হঠাতে খহি পৰে পাহাৰৰ এক বৃহৎ অংশ আৰু এইদৰে খহি পৰা প্ৰকাণ্ড শিল আৰু মাটিৰ বৃহৎ স্তূপে দিৰাঙৰ প্ৰসিদ্ধ পদ্মা হোটেলৰ পৰা কিছু দূৰত পথছোৱা বন্ধ কৰি পেলায়।


উল্লেখ্য যে সোমবাৰে পুৱা এখন জিপছি গাড়ীৰ ওপৰত এটা প্রকাণ্ড শিল বাগৰি পৰাৰ লগতে আন এখন বলেৰ' গাড়ীৰ চালকৰ আসনৰ ফালে পাহাৰৰ পৰা বাগৰি অহা প্রকাণ্ড শিলে খুন্দা মাৰে। সৌভাগ্যক্রমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে পদ্মা আৰু চেপাৰৰ মাজৰ কেইবাটাও ঠাইত এই ভূমিস্খলন সংঘটিত হয়।


পৰিণতিত সোমবাৰে পুৱা টাৱাঙৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰা সকলো যান-বাহন পুনৰ টাৱাঙলৈ উভতি যায় আৰু তেজপুৰৰ দিশৰ পৰাও কোনো যান-বাহন টাৱাঙলৈ যাব পৰা নাই। ফলত সম্পূৰ্ণৰূপে ভালুকপুং, চাৰিদুৱাৰ, টাৱাং সংযোগী পথেৰে যাতায়াত বিয়লি পর্যন্ত বন্ধ হৈ থকাৰ বিপৰীতে পথছোৱা মুকলি কৰাৰ কাম আৰম্ভ হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ