--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সোমবাৰে পুৱা এখন জিপছি গাড়ীৰ ওপৰত এটা প্রকাণ্ড শিল বাগৰি পৰাৰ লগতে আন এখন বলেৰ' গাড়ীৰ চালকৰ আসনৰ ফালে পাহাৰৰ পৰা বাগৰি অহা প্রকাণ্ড শিলে খুন্দা মাৰে।

ডিজিটেল ডেস্ক : অৰুণাচল প্ৰদেশৰ দিৰাঙত সোমবাৰে সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ ফলত ভালুকপুং-টাৱাং সংযোগী পথেৰে যাতায়াত বন্ধ হৈ পৰিছে।


উল্লেখযোগ্য যে এই পথছোৱাত দেওবাৰৰ পৰাই স্থান বিশেষে পাহাৰ খহি পৰা ঘটনা সংঘটিত হৈ আছিল যদিও সোমবাৰে পুৱা ই ভয়ংকৰ ৰূপ লয়। সোমবাৰে পুৱা হঠাতে খহি পৰে পাহাৰৰ এক বৃহৎ অংশ আৰু এইদৰে খহি পৰা প্ৰকাণ্ড শিল আৰু মাটিৰ বৃহৎ স্তূপে দিৰাঙৰ প্ৰসিদ্ধ পদ্মা হোটেলৰ পৰা কিছু দূৰত পথছোৱা বন্ধ কৰি পেলায়।


উল্লেখ্য যে সোমবাৰে পুৱা এখন জিপছি গাড়ীৰ ওপৰত এটা প্রকাণ্ড শিল বাগৰি পৰাৰ লগতে আন এখন বলেৰ' গাড়ীৰ চালকৰ আসনৰ ফালে পাহাৰৰ পৰা বাগৰি অহা প্রকাণ্ড শিলে খুন্দা মাৰে। সৌভাগ্যক্রমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে পদ্মা আৰু চেপাৰৰ মাজৰ কেইবাটাও ঠাইত এই ভূমিস্খলন সংঘটিত হয়।


পৰিণতিত সোমবাৰে পুৱা টাৱাঙৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰা সকলো যান-বাহন পুনৰ টাৱাঙলৈ উভতি যায় আৰু তেজপুৰৰ দিশৰ পৰাও কোনো যান-বাহন টাৱাঙলৈ যাব পৰা নাই। ফলত সম্পূৰ্ণৰূপে ভালুকপুং, চাৰিদুৱাৰ, টাৱাং সংযোগী পথেৰে যাতায়াত বিয়লি পর্যন্ত বন্ধ হৈ থকাৰ বিপৰীতে পথছোৱা মুকলি কৰাৰ কাম আৰম্ভ হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত