--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ ৰায় দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ বিৱৰণ ৰাজহুৱা কৰিবলৈ দিল্লী বিশ্ববিদ্যালয় বাধ্য নহয়।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী এতিয়া ৰাজহুৱা কৰা নহয়। কেন্দ্রীয় তথ্য আয়োগে (চি আই চি) এই সম্পর্কত দিয়া এটা আদেশ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অগ্রাহ্য কৰে।


দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ ৰায় দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ বিৱৰণ ৰাজহুৱা কৰিবলৈ দিল্লী বিশ্ববিদ্যালয় বাধ্য নহয়। প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য প্ৰকাশ কৰাৰ বাবে কেন্দ্রীয় তথ্য আয়োগে দিয়া নির্দেশ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তই খাৰিজ কৰে।


উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ে এই সম্পৰ্কত দাখিল কৰা এখন আৱেদনৰ সোমবাৰে ন্যায়াধীশ দত্তৰ বিচাৰপীঠে শুনানি গ্রহণ কৰে। উল্লেখযোগ্য যে এজন আৰ টি আই কর্মীয়ে জনোৱা আৱেদনৰ ভিত্তিত চি আই চিয়ে ২০১৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ১৯৭৮ চনত বি এ পৰীক্ষাত উত্তীর্ণ হোৱা সকলো শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰিবলৈ নির্দেশ দিছিল।


প্রধানমন্ত্রী মোদী ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীর্ণ হৈছিল। চি আই চিৰ উক্ত নিৰ্দেশক দিল্লী বিশ্ববিদ্যালয়ে প্রত্যাহ্বান জনাই ২০১৭ চনত দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল। আদালতে প্রথম শুনানিতে এই তথ্য ৰাজহুৱা কৰাত নিষেধাজ্ঞা আৰোপ কৰে। আদালতত আৰ টি আই কর্মীক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই এইবুলি যুক্তি দিয়ে যে যিখিনি তথ্য বিচৰা হৈছে সেইবিলাক বিশ্ববিদ্যালয়ে ৰাজহুৱা কৰে। এই তথ্যসমূহ প্রায়ে 'নটিচ ব'র্ড'ত বিশ্ববিদ্যালয়ৰ ৱে'বছাইট আৰু কেইবাবাৰো বাতৰিকাকতত ছপা কৰা হৈছিল। উচ্চ ন্যায়ালয়ে কয়, 'কোনো এজন ব্যক্তিৰ ডিগ্রী/নম্বৰ আৰু ফলৰ তথ্য ৰাজহুৱা তথ্যৰ প্ৰকৃতিৰ। ই সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রীয় লোক তথ্য বিষয়া, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় বনাম সুভাষ চন্দ্ৰ আগৰৱালাৰ গোচৰত দিয়া ৰায়ৰ সম্পূৰ্ণ উলংঘা।' ইয়াৰ প্ৰত্যুত্তৰ দি দিল্লী বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চি আই চিৰ নিৰ্দেশ বাতিল কৰিব লাগে কিয়নো 'গোপনীয়তাৰ অধিকাৰ' 'জনাৰ অধিকাৰ 'তকৈ অধিক গুৰুত্বপূৰ্ণ।


অৱশ্যে দিল্লী বিশ্ববিদ্যালয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য আদালতত দাখিল কৰিবলৈ প্ৰস্তুত আছে কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত 'অচিনাকি ব্যক্তিৰ দ্বাৰা অনুসন্ধান'ৰ এই তথ্য ৰাজহুৱা কৰিব নোৱাৰি। দিল্লী বিশ্ববিদ্যালয়ে কয় যে তেওঁলোকে শিক্ষার্থীৰ তথ্য এক নৈতিক দায়িত্ব অনুসৰি সুৰক্ষিত ৰাখে আৰু জনস্বাৰ্থৰ জড়িত নথকাকৈ কেৱল তথ্য জনাৰ বাবেই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ব্যক্তিগত তথ্য বিচৰাৰ ঔচিত্য নাই। ইয়াৰ আগতে গুজৰাট উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ৩১ মাৰ্চত এই সম্পর্কত মুখ্য তথ্য আয়ুক্তই (চি আই চি) দিয়া এটা নির্দেশ বাতিল কৰিছিল।


মুখ্য তথ্য আয়ুক্তই প্ৰধানমন্ত্ৰীৰ জন তথ্য বিষয়া (পি আই অ') আৰু গুজৰাট বিশ্ববিদ্যালয় তথা দিল্লী বিশ্ববিদ্যালয়ক প্রধানমন্ত্ৰীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ সবিশেষ তথ্য ৰাজহুৱা কৰিবলৈ নির্দেশ দিছিল। প্রধানমন্ত্রী মোদীৰ ডিগ্ৰীৰ সবিশেষ তথ্য বিচৰাৰ কাৰণে তেতিয়া এই গোচৰত সেই সময়ৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক