--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ ৰায় দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ বিৱৰণ ৰাজহুৱা কৰিবলৈ দিল্লী বিশ্ববিদ্যালয় বাধ্য নহয়।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী এতিয়া ৰাজহুৱা কৰা নহয়। কেন্দ্রীয় তথ্য আয়োগে (চি আই চি) এই সম্পর্কত দিয়া এটা আদেশ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অগ্রাহ্য কৰে।


দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ ৰায় দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতক ডিগ্ৰীৰ বিৱৰণ ৰাজহুৱা কৰিবলৈ দিল্লী বিশ্ববিদ্যালয় বাধ্য নহয়। প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য প্ৰকাশ কৰাৰ বাবে কেন্দ্রীয় তথ্য আয়োগে দিয়া নির্দেশ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শচীন দত্তই খাৰিজ কৰে।


উল্লেখযোগ্য যে দিল্লী বিশ্ববিদ্যালয়ে এই সম্পৰ্কত দাখিল কৰা এখন আৱেদনৰ সোমবাৰে ন্যায়াধীশ দত্তৰ বিচাৰপীঠে শুনানি গ্রহণ কৰে। উল্লেখযোগ্য যে এজন আৰ টি আই কর্মীয়ে জনোৱা আৱেদনৰ ভিত্তিত চি আই চিয়ে ২০১৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ১৯৭৮ চনত বি এ পৰীক্ষাত উত্তীর্ণ হোৱা সকলো শিক্ষাৰ্থীৰ তথ্য ৰাজহুৱা কৰিবলৈ নির্দেশ দিছিল।


প্রধানমন্ত্রী মোদী ১৯৭৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীর্ণ হৈছিল। চি আই চিৰ উক্ত নিৰ্দেশক দিল্লী বিশ্ববিদ্যালয়ে প্রত্যাহ্বান জনাই ২০১৭ চনত দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল। আদালতে প্রথম শুনানিতে এই তথ্য ৰাজহুৱা কৰাত নিষেধাজ্ঞা আৰোপ কৰে। আদালতত আৰ টি আই কর্মীক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েই এইবুলি যুক্তি দিয়ে যে যিখিনি তথ্য বিচৰা হৈছে সেইবিলাক বিশ্ববিদ্যালয়ে ৰাজহুৱা কৰে। এই তথ্যসমূহ প্রায়ে 'নটিচ ব'র্ড'ত বিশ্ববিদ্যালয়ৰ ৱে'বছাইট আৰু কেইবাবাৰো বাতৰিকাকতত ছপা কৰা হৈছিল। উচ্চ ন্যায়ালয়ে কয়, 'কোনো এজন ব্যক্তিৰ ডিগ্রী/নম্বৰ আৰু ফলৰ তথ্য ৰাজহুৱা তথ্যৰ প্ৰকৃতিৰ। ই সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রীয় লোক তথ্য বিষয়া, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় বনাম সুভাষ চন্দ্ৰ আগৰৱালাৰ গোচৰত দিয়া ৰায়ৰ সম্পূৰ্ণ উলংঘা।' ইয়াৰ প্ৰত্যুত্তৰ দি দিল্লী বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চি আই চিৰ নিৰ্দেশ বাতিল কৰিব লাগে কিয়নো 'গোপনীয়তাৰ অধিকাৰ' 'জনাৰ অধিকাৰ 'তকৈ অধিক গুৰুত্বপূৰ্ণ।


অৱশ্যে দিল্লী বিশ্ববিদ্যালয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য আদালতত দাখিল কৰিবলৈ প্ৰস্তুত আছে কিন্তু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত 'অচিনাকি ব্যক্তিৰ দ্বাৰা অনুসন্ধান'ৰ এই তথ্য ৰাজহুৱা কৰিব নোৱাৰি। দিল্লী বিশ্ববিদ্যালয়ে কয় যে তেওঁলোকে শিক্ষার্থীৰ তথ্য এক নৈতিক দায়িত্ব অনুসৰি সুৰক্ষিত ৰাখে আৰু জনস্বাৰ্থৰ জড়িত নথকাকৈ কেৱল তথ্য জনাৰ বাবেই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ব্যক্তিগত তথ্য বিচৰাৰ ঔচিত্য নাই। ইয়াৰ আগতে গুজৰাট উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ ৩১ মাৰ্চত এই সম্পর্কত মুখ্য তথ্য আয়ুক্তই (চি আই চি) দিয়া এটা নির্দেশ বাতিল কৰিছিল।


মুখ্য তথ্য আয়ুক্তই প্ৰধানমন্ত্ৰীৰ জন তথ্য বিষয়া (পি আই অ') আৰু গুজৰাট বিশ্ববিদ্যালয় তথা দিল্লী বিশ্ববিদ্যালয়ক প্রধানমন্ত্ৰীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ সবিশেষ তথ্য ৰাজহুৱা কৰিবলৈ নির্দেশ দিছিল। প্রধানমন্ত্রী মোদীৰ ডিগ্ৰীৰ সবিশেষ তথ্য বিচৰাৰ কাৰণে তেতিয়া এই গোচৰত সেই সময়ৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ