--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • এই তথ্য জিলাখনৰ অকল এখন চিকিৎসালয়ৰহে। ইফালে বহু জটিলতা সৃষ্টি হোৱাৰ বাবে গাঁৱত আৰু ঘৰতে মৃত্যুবৰণ কৰা নৱজাতক, প্রসূতিৰ মৃত্যুৰ কোনো তথ্য চৰকাৰীভাৱে সংগ্ৰহ কৰা নহয়।

ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰৰ আমোলত বিকাশ আৰু উন্নয়নে শিখৰ স্পৰ্শ কৰা বুলি শাসকীয় দল-চৰকাৰে ব্যাপক ঢাক-ঢোল বজাই দাবী কৰিলেও অসমৰ বাস্তৱ ছবিখন যে সম্পূর্ণ বিপৰীত সেয়া সময় সময়ে প্রকট হৈ আহিছে। তাৰে এক জ্বলন্ত উদাহৰণ হ'ল- ৰাজ্যখনৰ স্বাস্থ্য খণ্ড। 


কেৱল চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু ৰাজ্যজুৰি অকল চিকিৎসালয়ৰ গৃহ নির্মাণতে ব্যস্ত থাকিলেই যে ৰাজ্যখনলৈ স্বাস্থ্যখণ্ডৰ 'স্বাস্থ্যকৰ' অৱস্থা ঘূৰাই আনিব নোৱাৰি, সেই কথা বাৰে বাৰে প্রতীয়মান হৈছে ৰাজ্যত নৱজাতকৰ মৃত্যু আৰু প্ৰসূতিৰ মৃত্যুৰ পৰিসংখ্যাত। প্রাপ্ত তথ্য মতে অকল গোৱালপাৰা শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়তে বিগত দহটা মাহত ২৪টি নৱজাতকৰ মৃত্যু হোৱাৰ বিপৰীতে ৭গৰাকী প্রসূতি-গৰ্ভৱতী মহিলাৰ মৃত্যু হয়। 


তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা এই তথ্য বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা চলিত বৰ্ষৰ আগষ্ট মাহলৈ মুঠ দহ মাহৰ। এই তথ্য জিলাখনৰ অকল এখন চিকিৎসালয়ৰহে। ইফালে বহু জটিলতা সৃষ্টি হোৱাৰ বাবে গাঁৱত আৰু ঘৰতে মৃত্যুবৰণ কৰা নৱজাতক, প্রসূতিৰ মৃত্যুৰ কোনো তথ্য চৰকাৰীভাৱে সংগ্ৰহ কৰা নহয়। কাৰণ এইক্ষেত্রত আশা কর্মী বা সংশ্লিষ্ট স্বাস্থ্য কর্মীয়ে স্বাস্থ্য বিভাগক বহুত কৈফিয়ৎ দিব লগীয়া হয়। ফলত এনেবোৰ তথ্যক তৃণমূল পর্যায়তে গোপন কৰি ৰাখে বুলিও মুকলি অভিযোগ আছে। 


আটাইতকৈ গুৰুত্বৰ কথাটো হ'ল যে ৰাজ্যখনৰ অপৰিৱৰ্তিত আৰ্থ-সামাজিক সমস্যা, সজাগতাৰ অভাৱৰ উপৰি পৰ্যাপ্ত চিকিৎসাৰ অভাৱেই নৱজাতক আৰু প্রসূতি মৃত্যুৰ কাৰণ হিচাপে পৰিগণিত হৈ আহিছে। বাল্য বিবাহৰ ফলত কম বয়সতে সন্তান ধাৰণ কৰা, গৰ্ভাৱস্থাত পর্যাপ্ত যতনৰ অভাৱ, ৰক্তহীনতাৰ লগতে গৰ্ভৱতী নাৰীয়ে ল'ব লগা নিয়মিত চিকিৎসাৰ পৰামৰ্শৰ অভাৱৰ বাবেই মূলতঃ নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ চৰকাৰে দাবী কৰা মতে কমাবলৈ সক্ষম হোৱা নাই। 


ইফালে চলিত বৰ্ষৰ আগষ্ট মাহত অসমৰ শিশুসকলৰ অতি শোচনীয় বাস্তৱ ছবিখন ৰাজ্য সভাৰ মজিয়াত উন্মোচন হৈছিল। তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেট গোখলেই সোধা লিখিত প্ৰশ্নৰ উত্তৰত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সাৱিত্ৰী ঠাকুৰে সদৰী কৰা মতে, পুষ্টিহীনতাত ভোগা শিশুৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে চতুর্থ। 


মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে পুষ্টিহীনতাত ভোগা শিশুৰ ক্ষেত্রত (০-৫ বছৰ বয়সৰ) দেশৰ ভিতৰতে প্রথম স্থানত আছে উত্তৰ প্ৰদেশ। মন্ত্ৰালয়ে ৰাজ্য সভাৰ মজিয়াত দাখিল কৰা তথ্য মতে অসমত ০-৫ বছৰ বয়সৰ ৪২.৯৪ শতাংশ শিশু পুষ্টিহীনতাত আক্রান্ত। 


অকল এয়াই নহয়। অসমত ০-৫ বছৰ বয়সৰ প্ৰতি এহেজাৰ শিশুৰ ভিতৰত মৃত্যুমুখত পৰে ৩৫টি শিশু। শিশু মৃত্যুৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে পঞ্চম। ইফালে অসমত প্ৰতি এহেজাৰ নৱজাতকৰ (০-২৮ দিন বয়স) ভিতৰত মৃত্যু হয় ২২ টিৰ। পর্যাপ্ত চিকিৎসা-স্বাস্থ্য সেৱাৰ অভাৱতে এই শিশুসকলে জীৱনকালৰ আৰম্ভণিতে পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হয়। ইয়াৰ পিছতো বিজেপি চৰকাৰখনে ৰাজ্যত স্বাস্থ্য, শিক্ষা আদি সকলো ক্ষেত্ৰতে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement