--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ চলোৱা এটা প্রচেষ্টা বৃহস্পতিবাৰে ব্যৰ্থ কৰে দেশৰ আৰক্ষীয়ে।

ডিজিটেল ডেস্ক : বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ চলোৱা এটা প্রচেষ্টা বৃহস্পতিবাৰে ব্যৰ্থ কৰে দেশৰ আৰক্ষীয়ে। 


দিল্লীত বৃহস্পতিবাৰে সংঘটিত হয় আৰক্ষী আৰু কুখ্যাত অপৰাধীৰে এটা মুখামুখি সংঘর্ষ। দিল্লী আৰু বিহাৰ আৰক্ষীৰ গুলীত নিহত হয় বিহাৰৰ সীতামড়ি জিলাৰ ছিগমা গেঙৰ ৪টা দুর্ধর্ষ অপৰাধী। 


এই সংঘৰ্ষত 'ম'ষ্ট ৱান্টেড' অপৰাধী ৰঞ্জন পাঠকো নিহত হয় বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যৌথ অভিযানত দিল্লীৰ ৰোহিণীৰ বাহাদুৰ শ্বাহ মার্গত সংঘটিত সংঘৰ্ষত বিহাৰৰ চাৰিটা 'ম'ষ্ট ৱান্টেড' গেংষ্টাৰে প্ৰাণ হেৰুৱায়। পুৱা ২.২০ বজাত চাৰি অভিযুক্ত আৰু দিল্লী আৰক্ষী অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যুটীয়া দলৰ মাজত হোৱা গুলীচালনাত নিহত হয় ক্রমে ৰঞ্জন পাঠক (২৫), বিমলেশ মাহাতো (২৫), মনীষ পাঠক (৩৩) আৰু অমন ঠাকুৰ (২১)। 


ৰঞ্জন পাঠক, বিমলেশ মহতো আৰু মনীষ পাঠক বিহাৰৰ সীতামড়িৰ বাসিন্দা আছিল আৰু অমন ঠাকুৰ আছিল দিল্লীৰ কৰৱাল নগৰৰ। জানিব পৰা মতে, সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ অপৰাধমূলক অভিযানৰ পৰিকল্পনা কৰিছিল গেংটোৰ সদস্যসকলে। 


আৰক্ষীৰ সূত্রই কয় যে ৰঞ্জন পাঠকে নিৰ্বাচনৰ পূৰ্বে বিহাৰক অশান্ত কৰাৰ ষড়যন্ত্র এটা অডিঅ' ক্লিপত প্রকাশ হৈছে। মৃত চাৰিওজন অপৰাধীৰ বিৰুদ্ধে বিহাৰত হত্যা আৰু অস্ত্ৰধাৰী ডকাইতিকে ধৰি কেইবাটাও গোচৰ ৰুজু আছিল আৰু অভিযুক্তকেইটাই ৫টা চুপাৰি হত্যা, ২টা বলপূর্বক ধন দাবীৰ গোচৰত জড়িত আছিল। 


এই গেঙটোৰ নেপাল অপৰাধীৰ লগতো সম্পর্ক আছিল। দিল্লী আৰক্ষীৰ (অপৰাধ শাখা) সঞ্জীৱ যাদৱে সদৰী কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষী যৌথ দলে অঞ্চলটোত ফান্দ পাতিছিল। আৰক্ষীৰ দলটোৱে যেতিয়া সন্দেহজনক লোকক বাধা দিবলৈ চেষ্টা কৰে, তেতিয়া ৪ অপৰাধীয়ে গুলীচালনা কৰে। 


আৰক্ষীৰ গুলীচালনাত চাৰিওজন অভিযুক্ত আহত হয়। তেওঁলোকক ততাতৈয়াকে ৰোহিণীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ