--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ চলোৱা এটা প্রচেষ্টা বৃহস্পতিবাৰে ব্যৰ্থ কৰে দেশৰ আৰক্ষীয়ে।

ডিজিটেল ডেস্ক : বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ চলোৱা এটা প্রচেষ্টা বৃহস্পতিবাৰে ব্যৰ্থ কৰে দেশৰ আৰক্ষীয়ে। 


দিল্লীত বৃহস্পতিবাৰে সংঘটিত হয় আৰক্ষী আৰু কুখ্যাত অপৰাধীৰে এটা মুখামুখি সংঘর্ষ। দিল্লী আৰু বিহাৰ আৰক্ষীৰ গুলীত নিহত হয় বিহাৰৰ সীতামড়ি জিলাৰ ছিগমা গেঙৰ ৪টা দুর্ধর্ষ অপৰাধী। 


এই সংঘৰ্ষত 'ম'ষ্ট ৱান্টেড' অপৰাধী ৰঞ্জন পাঠকো নিহত হয় বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্রই প্রকাশ কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যৌথ অভিযানত দিল্লীৰ ৰোহিণীৰ বাহাদুৰ শ্বাহ মার্গত সংঘটিত সংঘৰ্ষত বিহাৰৰ চাৰিটা 'ম'ষ্ট ৱান্টেড' গেংষ্টাৰে প্ৰাণ হেৰুৱায়। পুৱা ২.২০ বজাত চাৰি অভিযুক্ত আৰু দিল্লী আৰক্ষী অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ যুটীয়া দলৰ মাজত হোৱা গুলীচালনাত নিহত হয় ক্রমে ৰঞ্জন পাঠক (২৫), বিমলেশ মাহাতো (২৫), মনীষ পাঠক (৩৩) আৰু অমন ঠাকুৰ (২১)। 


ৰঞ্জন পাঠক, বিমলেশ মহতো আৰু মনীষ পাঠক বিহাৰৰ সীতামড়িৰ বাসিন্দা আছিল আৰু অমন ঠাকুৰ আছিল দিল্লীৰ কৰৱাল নগৰৰ। জানিব পৰা মতে, সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ অপৰাধমূলক অভিযানৰ পৰিকল্পনা কৰিছিল গেংটোৰ সদস্যসকলে। 


আৰক্ষীৰ সূত্রই কয় যে ৰঞ্জন পাঠকে নিৰ্বাচনৰ পূৰ্বে বিহাৰক অশান্ত কৰাৰ ষড়যন্ত্র এটা অডিঅ' ক্লিপত প্রকাশ হৈছে। মৃত চাৰিওজন অপৰাধীৰ বিৰুদ্ধে বিহাৰত হত্যা আৰু অস্ত্ৰধাৰী ডকাইতিকে ধৰি কেইবাটাও গোচৰ ৰুজু আছিল আৰু অভিযুক্তকেইটাই ৫টা চুপাৰি হত্যা, ২টা বলপূর্বক ধন দাবীৰ গোচৰত জড়িত আছিল। 


এই গেঙটোৰ নেপাল অপৰাধীৰ লগতো সম্পর্ক আছিল। দিল্লী আৰক্ষীৰ (অপৰাধ শাখা) সঞ্জীৱ যাদৱে সদৰী কৰা তথ্য অনুসৰি, দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষী যৌথ দলে অঞ্চলটোত ফান্দ পাতিছিল। আৰক্ষীৰ দলটোৱে যেতিয়া সন্দেহজনক লোকক বাধা দিবলৈ চেষ্টা কৰে, তেতিয়া ৪ অপৰাধীয়ে গুলীচালনা কৰে। 


আৰক্ষীৰ গুলীচালনাত চাৰিওজন অভিযুক্ত আহত হয়। তেওঁলোকক ততাতৈয়াকে ৰোহিণীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ কলাগুৰু ফাউণ্ডেশ্যনক দিব 'ৰৈ ৰৈ বিনালে'ৰ কৰৰ ধন, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত
২০৩১ চনত দুগুণলৈ বাঢ়িব ভাৰতীয়ৰ আয়
জুবিন গাৰ্গৰ অনুষ্ঠানৰ মাননি আত্মসাৎ কৰিছিল 'সিদ্ধার্থ এণ্ড কোম্পানী'য়ে
কলিয়াবৰত ১ কোটি ২০ লাখ টকাৰ জালনোট উদ্ধাৰ; আটক মুজিবুৰ ৰহমান
অতি কম দামতে পোৱা এবিধ ছুপাৰফুড বাদাম; বহু সমস্যা কৰে দূৰ
'ৰৈ ৰৈ বিনালে' মৰমেৰে চাবলৈ আহ্বান গৰিমা গাৰ্গৰ
সৰিয়হৰ তেল বিশুদ্ধ নে ভেজাল? এই ৩টা সহজ ঘৰুৱা পৰীক্ষা জানি লওক
মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বাঘৰ সংখ্যা
অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কেইবাটাও শিতানত কৰিব বঁটা প্রদান
নামৰূপত কৰুণ ঘটনা! নৰ্দমাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
'জয় জুবিন ' ধ্বনিৰে জামুগুৰিহাটত খেৰ কাটিলে সহস্ৰাধিক লোকে
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কিদৰে হৈছিল ছিংগাপুৰত ? ছিংগাপুৰৰ পৰা অসমলৈ উভতিল এছ আই টিৰ দল
দ্বিতীয় মেচতো ভাৰতৰ পৰাজয়, এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ
জুবিন ক্ষেত্রত মদ্যপায়ীৰ প্ৰৱেশ নিষিদ্ধ