--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • প্রত্যেকটো শিশুৱে কিবা নহয় কিবা প্রতিভা লৈ পৃথিৱীলৈ আহে। সেই প্রতিভা মুকলিমূৰীয়া পৰিৱেশত বিকশিত হ'বলৈ দিয়া উচিত। এছাৰিৰে নহয়, মৰমেৰে শিশুসকলক শিকোৱা দৰকাৰ।

ডিজিটেল ডেস্ক : অসম গ্ৰন্থমেলাৰ কালি নৱম দিনা লখিমপুৰত শিশুৰ দিন উদযাপন কৰা হয়। পুৱা ৯-৩০ বজাত শিশুৰ দিনৰ কাৰ্যসূচী উদ্বোধন কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মুকুল চন্দ্ৰ বৰাই। তেওঁ কয়, 'শিশুসকলক অত্যধিক প্রতিযোগিতামুখী কৰি তোলা অনুচিত। 


প্রত্যেকটো শিশুৱে কিবা নহয় কিবা প্রতিভা লৈ পৃথিৱীলৈ আহে। সেই প্রতিভা মুকলিমূৰীয়া পৰিৱেশত বিকশিত হ'বলৈ দিয়া উচিত। এছাৰিৰে নহয়, মৰমেৰে শিশুসকলক শিকোৱা দৰকাৰ। নহ'লে তেওঁলোকৰ সঠিক মানসিক বিকাশ নঘটি বিপথে পৰিচালিত হ'ব পাৰে। অভিভাৱকসকল এইক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা প্রয়োজনীয়। অনুষ্ঠানৰ উদ্বোধক, বিশিষ্ট শিশু সাহিত্যিক ভৰত ৰাজখোৱাই কয়, 'শিশুসকল সৰগৰ ফুল। আমাৰ হৃদয়ত শিশুৰ আসন দেৱতাৰ সমপৰ্যায়ৰ। 


শিশুসকলক সকলো দিশতে পাৰ্গত কৰি তোলাৰ লক্ষ্যৰে অযথা মগজুত বোজা জাপি দিয়াৰ পৰা অভিভাৱকসকল বিৰত থকা ভাল। অন্যথা বিৰূপ প্ৰভাৱ পৰিব। শিশুসকল আমাৰ দেশৰ ভৱিষ্যৎ। গতিকে তেওঁলোকক শুদ্ধ পথ দেখুৱাই আগবঢ়াই নিয়াটো আমাৰ সকলোৰে এক প্রাথমিক সামাজিক দায়িত্ব আৰু কৰ্তব্য। 


ইয়াৰ পাছতে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাৰ বাকৰিত শিশুসকলৰ মাজত চিত্রাংকণ আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। চিত্রাংকণ প্রতিযোগিতাৰ 'ক' শাখাত প্রিয়াংকু গগৈয়ে প্রথম, হৃত্বিক দাসে দ্বিতীয় আৰু আৰাধ্যা কোঁৱৰে তৃতীয় স্থান লাভ কৰে। 


উদগনি বঁটা লাভ কৰে আকৃতি বৰা, জেবিন সোণোৱাল আৰু বীথিকা বৰুৱাই। 'খ' শাখাত হর্ষিতা ফুকনে প্রথম, অভিলীনা শইকীয়াই দ্বিতীয় আৰু বিস্মৃত পাটৰে তৃতীয় স্থান লাভ কৰে। ইয়াত উদগনি বঁটা লাভ কৰিছে গীতার্থী দত্ত, ধৰিত্ৰী লিখক, কেট্রিনা কাৰদঙে। 'গ' শাখাত গৰীয়সী নাথে প্রথম, আফছানা হুছেইনে দ্বিতীয় আৰু চেহনাজ বেগমে তৃতীয় স্থান লাভ কৰিছে। ইয়াত উদগনি বঁটা লাভ কৰিছে উৎপলক্ষী চহৰীয়া, ফাৰুখ হুছেইন, পার্থজিৎ টায়ে। কবিতা আবৃত্তি প্রতিযোগিতাৰ 'ক' শাখাত অলংকৃতা বুঢ়াগোহাঁয়ে প্রথম, কস্তুৰিকা ফুকনে দ্বিতীয় আৰু মাণ্ডি দত্তই তৃতীয় স্থান লাভ কৰে। উদগনি বঁটা লাভ কৰে অনুৰাগ সোণোৱাল, দিত্যা শৰ্মাই। 'খ' শাখাত সুৰক্ষিতা গগৈয়ে প্রথম, দ্বীপজানি তামুলীয়ে দ্বিতীয় আৰু অনুষ্কা শইকীয়াই তৃতীয় স্থান লাভ কৰে। উদগনি বঁটা লাভ কৰে গৌৰী শৰ্মা, অংকিতা কাকতী, গৰীয়সী নাথে। 


বিয়লি ২ বজাৰ পৰা গ্ৰন্থমেলা প্ৰাংগণত মানস প্রতীম গোস্বামীৰ পৰিচালনাৰে অনুষ্ঠিত হয় মুকলি কুইজ প্রতিযোগিতা। সন্ধিয়াৰ সাংস্কৃতিক প্রতিযোগিতাত অংশগ্রহণ কৰে ৰেভ উইলিয়াম বার্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, পানীন্দ্র বিদ্যালয়, টেলাহী টুৱাৰাম মহাবিদ্যালয় আৰু নৃত্যবন, লখিমপুৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ