--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰি কয় যে আজি নিযুক্তি দিয়া নিম্ন প্রাথমিক, উচ্চ প্রাথমিকৰ তালিকাৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক ৮০০ গৰাকীৰ নাম প্রত্যাহাৰ কৰোৱা হৈছে।

ডিজিটেল ডেস্ক : কালি ৫৫৫০টা পদৰ বিপৰীতে নিযুক্তি হোৱাৰ পাছত অহা ১৩ নৱেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি হ'ব। 


শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰি কয় যে আজি নিযুক্তি দিয়া নিম্ন প্রাথমিক, উচ্চ প্রাথমিকৰ তালিকাৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক ৮০০ গৰাকীৰ নাম প্রত্যাহাৰ কৰোৱা হৈছে। 


কাৰণ তেওঁলোকে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা লাভকৰিছে। তেওঁলোকক নিযুক্তিৰ বাবে জিলা বাছনি কৰাৰ সুবিধা দিয়া হৈছে। গৃহ জিলাত নিযুক্তি দিবলৈ পৰাপক্ষত চেষ্টা কৰা হ'ব বুলিও শিক্ষা মন্ত্রী ডাঃ পেগুৱে কালি সংবাদ মাধ্যমৰ আগত কয়। 


তেওঁ আৰু কয় যে গৃহ জিলাত খালী পদ নাথাকিলে কাষৰীয়া জিলাত নিযুক্তি দিয়া হ'ব। জিলাখনৰ কোনখন বিদ্যালয়ত নিযুক্তি দিয়াৰ প্ৰয়োজনীয়তা আছে সেই কথা জিলা পর্যায়ত থকা কমিটীয়ে চূড়ান্ত কৰিব। 


প্রয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি নিযুক্তিৰ তালিকা প্রস্তুত হোৱাৰ পাছত অভিভাৱক মন্ত্ৰীয়ে সেই তালিকাত অনুমোদন জনাব। শিক্ষা মন্ত্রী ডাঃ পেগুৱে সামাজিক মাধ্যমত উল্লেখ কৰে ২০২১ চনৰ পৰা আজিৰ তাৰিখলৈ প্ৰাথমিক শিক্ষাত মুঠ ৫৮,৮৮৫গৰাকী শিক্ষক নিযুক্তি দিয়া হ'ল। ইয়াৰ ভিতৰত ২০২১ চনত ২০,৪০৯টা, ২০২২ বর্ষত ৮০৭২ টা, ২০২৩ত ৪৩৪৬টা, ২০২৪ত ২১,৮১৮টা, ২০২৫৩ ৪২৪০টা শিক্ষক পদত নিযুক্তি হ'ল। 


ইফালে কালি শিক্ষক সমল পেকেজৰ অধীনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ৮৭৯৯টা টেবলেট আৰু 'আৰোহণ' আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৪২৮০টা টেবলেট প্রদান কার্যসূচী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শুভাৰম্ভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?