--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰি কয় যে আজি নিযুক্তি দিয়া নিম্ন প্রাথমিক, উচ্চ প্রাথমিকৰ তালিকাৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক ৮০০ গৰাকীৰ নাম প্রত্যাহাৰ কৰোৱা হৈছে।

ডিজিটেল ডেস্ক : কালি ৫৫৫০টা পদৰ বিপৰীতে নিযুক্তি হোৱাৰ পাছত অহা ১৩ নৱেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি হ'ব। 


শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰি কয় যে আজি নিযুক্তি দিয়া নিম্ন প্রাথমিক, উচ্চ প্রাথমিকৰ তালিকাৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক ৮০০ গৰাকীৰ নাম প্রত্যাহাৰ কৰোৱা হৈছে। 


কাৰণ তেওঁলোকে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা লাভকৰিছে। তেওঁলোকক নিযুক্তিৰ বাবে জিলা বাছনি কৰাৰ সুবিধা দিয়া হৈছে। গৃহ জিলাত নিযুক্তি দিবলৈ পৰাপক্ষত চেষ্টা কৰা হ'ব বুলিও শিক্ষা মন্ত্রী ডাঃ পেগুৱে কালি সংবাদ মাধ্যমৰ আগত কয়। 


তেওঁ আৰু কয় যে গৃহ জিলাত খালী পদ নাথাকিলে কাষৰীয়া জিলাত নিযুক্তি দিয়া হ'ব। জিলাখনৰ কোনখন বিদ্যালয়ত নিযুক্তি দিয়াৰ প্ৰয়োজনীয়তা আছে সেই কথা জিলা পর্যায়ত থকা কমিটীয়ে চূড়ান্ত কৰিব। 


প্রয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি নিযুক্তিৰ তালিকা প্রস্তুত হোৱাৰ পাছত অভিভাৱক মন্ত্ৰীয়ে সেই তালিকাত অনুমোদন জনাব। শিক্ষা মন্ত্রী ডাঃ পেগুৱে সামাজিক মাধ্যমত উল্লেখ কৰে ২০২১ চনৰ পৰা আজিৰ তাৰিখলৈ প্ৰাথমিক শিক্ষাত মুঠ ৫৮,৮৮৫গৰাকী শিক্ষক নিযুক্তি দিয়া হ'ল। ইয়াৰ ভিতৰত ২০২১ চনত ২০,৪০৯টা, ২০২২ বর্ষত ৮০৭২ টা, ২০২৩ত ৪৩৪৬টা, ২০২৪ত ২১,৮১৮টা, ২০২৫৩ ৪২৪০টা শিক্ষক পদত নিযুক্তি হ'ল। 


ইফালে কালি শিক্ষক সমল পেকেজৰ অধীনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ৮৭৯৯টা টেবলেট আৰু 'আৰোহণ' আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৪২৮০টা টেবলেট প্রদান কার্যসূচী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত শুভাৰম্ভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ