--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রাপ্ত তথ্য অনুসৰি যোৱা ১০ জুন আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুজনে পত্নীৰ অসুখ হোৱাৰ বাবে এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিজৰ গৃহলৈ লৈ আনিছিল ঘৰুৱা কাম-কাজত সহায়ক হিচাপে

ডিজিটেল ডেস্কঃ মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে এটা জঘন্য বলাৎকাৰৰ ঘটনা। উলুপপথাৰ পানীগাঁৱৰ নিৱাসী আইজাক হাপাত নামৰ খ্ৰীষ্টান ধৰ্মগুৰুজনৰ (পাষ্টৰ) বিৰুদ্ধে উত্থাপিত হৈছে বলাৎকাৰৰ অভিযোগ।


প্রাপ্ত তথ্য অনুসৰি যোৱা ১০ জুন আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুজনে পত্নীৰ অসুখ হোৱাৰ বাবে এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিজৰ গৃহলৈ লৈ আনিছিল ঘৰুৱা কাম-কাজত সহায়ক হিচাপে। কিন্তু ইয়াৰ পাছতেই লোলুপ দৃষ্টি পৰে কিশোৰীগৰাকীৰ ওপৰত আইজাক হাপাতৰ।


জঘন্য মানসিকতাৰ ব্যক্তি খ্ৰীষ্টান পাষ্টৰজনে ভয়-ভাবুকিৰ লগতে হাত-ভৰি বান্ধি কিশোৰীগৰাকীক কেইবাদিনো বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু ২২ জুনত কিশোৰীগৰাকীয়ে কৌশলেৰে নিজ গৃহত উপস্থিত হ'বলৈ সক্ষম হয়। কিশোৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি দেখি পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত সোধা-পোছা কৰাত এই জঘন্য ঘটনাৰ কথা পোহৰলৈ আহে। ইতিমধ্যে পৰিয়ালৰ লোকে দেওবাৰে সন্ধিয়া লম্পট খ্রীষ্টান ধৰ্মগুৰুজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ থানাত এজেহাৰ দাখিল কৰিছে। সমগ্র ঘটনা ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লম্পট খ্রীষ্টান ধর্মগুৰু আইজাকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় সচেতন মহলে। সমগ্র ঘটনাই অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ