--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রাপ্ত তথ্য অনুসৰি যোৱা ১০ জুন আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুজনে পত্নীৰ অসুখ হোৱাৰ বাবে এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিজৰ গৃহলৈ লৈ আনিছিল ঘৰুৱা কাম-কাজত সহায়ক হিচাপে

ডিজিটেল ডেস্কঃ মাৰ্ঘেৰিটাত পোহৰলৈ আহিছে এটা জঘন্য বলাৎকাৰৰ ঘটনা। উলুপপথাৰ পানীগাঁৱৰ নিৱাসী আইজাক হাপাত নামৰ খ্ৰীষ্টান ধৰ্মগুৰুজনৰ (পাষ্টৰ) বিৰুদ্ধে উত্থাপিত হৈছে বলাৎকাৰৰ অভিযোগ।


প্রাপ্ত তথ্য অনুসৰি যোৱা ১০ জুন আইজাক হাপাত নামৰ লম্পট ধৰ্মগুৰুজনে পত্নীৰ অসুখ হোৱাৰ বাবে এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিজৰ গৃহলৈ লৈ আনিছিল ঘৰুৱা কাম-কাজত সহায়ক হিচাপে। কিন্তু ইয়াৰ পাছতেই লোলুপ দৃষ্টি পৰে কিশোৰীগৰাকীৰ ওপৰত আইজাক হাপাতৰ।


জঘন্য মানসিকতাৰ ব্যক্তি খ্ৰীষ্টান পাষ্টৰজনে ভয়-ভাবুকিৰ লগতে হাত-ভৰি বান্ধি কিশোৰীগৰাকীক কেইবাদিনো বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু ২২ জুনত কিশোৰীগৰাকীয়ে কৌশলেৰে নিজ গৃহত উপস্থিত হ'বলৈ সক্ষম হয়। কিশোৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি দেখি পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত সোধা-পোছা কৰাত এই জঘন্য ঘটনাৰ কথা পোহৰলৈ আহে। ইতিমধ্যে পৰিয়ালৰ লোকে দেওবাৰে সন্ধিয়া লম্পট খ্রীষ্টান ধৰ্মগুৰুজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ থানাত এজেহাৰ দাখিল কৰিছে। সমগ্র ঘটনা ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লম্পট খ্রীষ্টান ধর্মগুৰু আইজাকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী তুলিছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় সচেতন মহলে। সমগ্র ঘটনাই অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত