--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পোন্ধৰটাতকৈ অধিক শৈক্ষিক বিভাগে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত অভিজ্ঞ বিশেষজ্ঞই ডিজিটেল সাক্ষৰতা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আদি বিভিন্ন প্ৰায়োগিক বিষয়ত আলোকপাত কৰে

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিনিচিং স্কুলৰ বিশেষ উদ্যোগত ২৩ জুনৰ পৰা ৩০ জুনলৈ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে পেছাদাৰী জগতৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু দক্ষতা সম্পৰ্কে আয়োজিত '30-Hour Career Readiness and Personality Development Programme'ৰ ৩০ জুন তাৰিখে সামৰণি পৰে।


বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পোন্ধৰটাতকৈ অধিক শৈক্ষিক বিভাগে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত অভিজ্ঞ বিশেষজ্ঞই ডিজিটেল সাক্ষৰতা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আদি বিভিন্ন প্ৰায়োগিক বিষয়ত আলোকপাত কৰে ।


সামৰণি অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ ভাষণত বৰ্তমান সময়ত যোগাযোগৰ ক্ষেত্ৰখনত দক্ষতাৰ জৰিয়তে কেনেদৰে নিজৰ জীৱন আগুৱাই নিব পাৰি সেই বিষয়ে উল্লেখ কৰে। পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শিক্ষাৰ্থীসকলক ইতিবাচক মনোভাৱেৰে পৰিৱৰ্তনক আঁকোৱালি লৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু আভ্যন্তৰীণ অনুশাসন গঢ়ি তুলিবলৈ আহ্বান জনায়। 


স্বীকৃতিৰ প্ৰমাণ হিচাপে অনুষ্ঠানত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী, সমল ব্যক্তি, সদস্য অধ্যাপক তথা অন্যান্য বিষয়ববীয়াসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সবল নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।


অনুষ্ঠানত আয়োজক তথা আহ্বায়ক হিচাপে ড⁰ সমীৰ সৰকাৰে আদৰণি ভাষণ প্ৰদান কৰি কাৰ্যসূচীৰ উদ্দেশ্য, গুৰুত্ব আৰু সম্ভাৱ্য ফলাফলসমূহৰ ওপৰত আলোকপাত কৰে তথা ড⁰ নবমিতা দেৱে শলাগৰ শৰাই আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ