--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পোন্ধৰটাতকৈ অধিক শৈক্ষিক বিভাগে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত অভিজ্ঞ বিশেষজ্ঞই ডিজিটেল সাক্ষৰতা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আদি বিভিন্ন প্ৰায়োগিক বিষয়ত আলোকপাত কৰে

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিনিচিং স্কুলৰ বিশেষ উদ্যোগত ২৩ জুনৰ পৰা ৩০ জুনলৈ স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে পেছাদাৰী জগতৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু দক্ষতা সম্পৰ্কে আয়োজিত '30-Hour Career Readiness and Personality Development Programme'ৰ ৩০ জুন তাৰিখে সামৰণি পৰে।


বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পোন্ধৰটাতকৈ অধিক শৈক্ষিক বিভাগে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত অভিজ্ঞ বিশেষজ্ঞই ডিজিটেল সাক্ষৰতা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আদি বিভিন্ন প্ৰায়োগিক বিষয়ত আলোকপাত কৰে ।


সামৰণি অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ ভাষণত বৰ্তমান সময়ত যোগাযোগৰ ক্ষেত্ৰখনত দক্ষতাৰ জৰিয়তে কেনেদৰে নিজৰ জীৱন আগুৱাই নিব পাৰি সেই বিষয়ে উল্লেখ কৰে। পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই শিক্ষাৰ্থীসকলক ইতিবাচক মনোভাৱেৰে পৰিৱৰ্তনক আঁকোৱালি লৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু আভ্যন্তৰীণ অনুশাসন গঢ়ি তুলিবলৈ আহ্বান জনায়। 


স্বীকৃতিৰ প্ৰমাণ হিচাপে অনুষ্ঠানত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী, সমল ব্যক্তি, সদস্য অধ্যাপক তথা অন্যান্য বিষয়ববীয়াসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পদক্ষেপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সবল নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।


অনুষ্ঠানত আয়োজক তথা আহ্বায়ক হিচাপে ড⁰ সমীৰ সৰকাৰে আদৰণি ভাষণ প্ৰদান কৰি কাৰ্যসূচীৰ উদ্দেশ্য, গুৰুত্ব আৰু সম্ভাৱ্য ফলাফলসমূহৰ ওপৰত আলোকপাত কৰে তথা ড⁰ নবমিতা দেৱে শলাগৰ শৰাই আগবঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত