--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গো-মাংস বিক্ৰী কৰিছিল হোটেলকেইখনে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হৈ থকা ঘটনাকলৈ ৰাজ্যজুৰি তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে। অসম চৰকাৰে শেহতীয়াকৈ ৰেষ্টুৰেণ্ট আৰু অনুষ্ঠানকে ধৰি ৰাজহুৱা স্থানত গো-মাংস গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কিন্তু তাৰপাছতো ৰাজ্যৰ ঠায়ে ঠায়ে উদ্ধাৰ হৈয়ে আছে গো-মাংস।


মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গো মাংসৰ বিৰুদ্ধে একছন মুডত অসম আৰক্ষী৷ এইবাৰ  গো-মাংসৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান।


নগাঁৱৰ বৰবজাৰ, ঢাকাপট্টিত আৰক্ষীৰ অভিযান। নগাঁৱৰ হোটেল তাজ, হোটেল আয়ুব, হোটেল আল্লাৰাখাত উদ্ধাৰ হৈছে গো-মাংস।


প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গো-মাংস বিক্ৰী কৰিছিল হোটেলকেইখনে। নগাঁও সদৰ অ'চি দেৱজিৎ দাসৰ নেতৃত্বত চলিছে অভিযান।


আৰক্ষীৰ তদন্ত অব্যাহত। নিষেধাজ্ঞা মানি নচলা লোকসকলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত