--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উলহ মালহেৰে এই উৎসৱ পাৰ্বনসমূহ উদযাপন কৰাৰ বিপৰীতে কেৱল ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। কালীপূজা তথা দীপাৱলীতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ।

ডিজিটেল ডেস্কঃ আজি কালীপূজা। জুবিনদাৰ মৃত্যুৰ পাছত বিগত এটা মাহ ধৰি ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। জুবিনদাৰ মৃত্যুৰ পাছত পাৰ হৈছে লক্ষীপূজা, দূৰ্গাপূজা, কাতিবিহু। 


উলহ মালহেৰে এই উৎসৱ পাৰ্বনসমূহ উদযাপন কৰাৰ বিপৰীতে কেৱল ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। কালীপূজা তথা দীপাৱলীতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ। 


জাকজমকতাৰে উদযাপন কৰাৰ বিপৰীতে কালীপূজা আৰু দীপাৱলী উপলক্ষে শিৱসাগৰৰ মেলাচকতো চাফাই কৰ্মীসকলে ধৰ্মীয় ৰীতি নীতিৰে পালন কৰিছে পূজা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিনদাৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে পণ লৈছে চাফাই কৰ্মীসকলে। 


দুখীয়াক সহায় কৰি ভাল পোৱা জুবিনদাৰ আদৰ্শ অনুকৰণ কৰি চাফাই কৰ্মীসকলেও দৰিদ্ৰ পৰিয়ালৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ ছবি সম্বলিত স্কুল বেগ প্ৰদান কৰে। সমান্তৰালভাৱে নাহৰ ভালপোৱা জুবিনদাৰ স্মৃতিত বহুকেইটা নাহৰ পুলি ৰোপণ কৰা হয়। 


এই অনুষ্ঠানত চাফাই কৰ্মীসকলৰ লগতে কেইবাজনো জাতীয় সংগঠনৰ নেতা, সমাজকৰ্মী, জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ