--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উলহ মালহেৰে এই উৎসৱ পাৰ্বনসমূহ উদযাপন কৰাৰ বিপৰীতে কেৱল ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। কালীপূজা তথা দীপাৱলীতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ।

ডিজিটেল ডেস্কঃ আজি কালীপূজা। জুবিনদাৰ মৃত্যুৰ পাছত বিগত এটা মাহ ধৰি ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। জুবিনদাৰ মৃত্যুৰ পাছত পাৰ হৈছে লক্ষীপূজা, দূৰ্গাপূজা, কাতিবিহু। 


উলহ মালহেৰে এই উৎসৱ পাৰ্বনসমূহ উদযাপন কৰাৰ বিপৰীতে কেৱল ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। কালীপূজা তথা দীপাৱলীতো দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ। 


জাকজমকতাৰে উদযাপন কৰাৰ বিপৰীতে কালীপূজা আৰু দীপাৱলী উপলক্ষে শিৱসাগৰৰ মেলাচকতো চাফাই কৰ্মীসকলে ধৰ্মীয় ৰীতি নীতিৰে পালন কৰিছে পূজা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিনদাৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে পণ লৈছে চাফাই কৰ্মীসকলে। 


দুখীয়াক সহায় কৰি ভাল পোৱা জুবিনদাৰ আদৰ্শ অনুকৰণ কৰি চাফাই কৰ্মীসকলেও দৰিদ্ৰ পৰিয়ালৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ ছবি সম্বলিত স্কুল বেগ প্ৰদান কৰে। সমান্তৰালভাৱে নাহৰ ভালপোৱা জুবিনদাৰ স্মৃতিত বহুকেইটা নাহৰ পুলি ৰোপণ কৰা হয়। 


এই অনুষ্ঠানত চাফাই কৰ্মীসকলৰ লগতে কেইবাজনো জাতীয় সংগঠনৰ নেতা, সমাজকৰ্মী, জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত