--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিনেতা, নাট্যকৰ্মী গৰাকীয়ে বহু নাটক লিখি, পৰিচালনা কৰাৰ উপৰিও অভিনয় প্ৰতিভাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। হাস্যমধুৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল।

ডিজিটেল ডেস্কঃ  নগাঁৱৰ ৰাইডঙীয়া কৰচুং সত্ৰৰ সুদক্ষ অভিনেতা গনেশ হাজৰিকাৰ মৃত্যু।শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু হয় গনেশ হাজৰিকাৰ।গনেশ হাজৰিকাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰনীয় ক্ষতি। ৯০ৰ দশকত বিশিষ্ট নাট্যকাৰ অভিনেতা অজিত বৰঠাকুৰে ৰাইদঙ্গীয়াত জন্ম দিয়া অপেছাদাৰী নাট্যগোষ্ঠী "15 Friends" ৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলা গনেশ হাজৰিকাই পৰৱৰ্তী পৰ্য্যায়ত টেটুন তামুলী,জানমনি, এক আছিল ভকত, বেহাৰ বাৰী আউটপোষ্ট আদিত অভিনয় কৰি নিজৰ সুদক্ষ অভিনয়ৰ পৰিচয় দিছিল।


৫৩ বছৰীয়া হাজৰিকা কিছুবছৰ ধৰি শ্বিলঙৰ এটা কোম্পানীৰ মেডিকেল বিভাগত কৰ্মৰত হৈ আছিল।  কালি কোম্পানীৰ কামৰ বাবে গৈ থকা অৱস্থাত শ্বিলঙতে পথ দুৰ্ঘটনাত তেওঁ থিতাতে নিহত হয়। অভিনেতা, নাট্যকৰ্মী গৰাকীয়ে বহু নাটক লিখি, পৰিচালনা কৰাৰ উপৰিও অভিনয় প্ৰতিভাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। হাস্যমধুৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল।


গনেশ হাজৰিকাই অসমৰ বহু মঞ্চত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। হাজৰিকাই অঞ্জনা, বীন বৈৰাগী, এক আছিল ভকত, বিশ্বাসে মিলয় হৰি আদি বহু চুটি ছবিত অভিনয় কৰিছিল।


শেহতীয়াকৈ মুক্তিৰ পথত থকা সিদ্ধাৰ্থ শৰ্মাৰ লগত অভিনয় কৰা এখন নতুন অসমীয়া বোলছবিতো অভিনয় কৰিছিল। বৰ্তমান তেখেতৰ নশ্বৰদেহ শ্বিলঙৰ চৰকাৰী হস্পাতালতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে আৰু বিয়লি আহি ৰাইডঙীয়া কৰচোং সত্ৰৰ নিজ বাসগৃহলৈ অনা হ'ব বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত