--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিনেতা, নাট্যকৰ্মী গৰাকীয়ে বহু নাটক লিখি, পৰিচালনা কৰাৰ উপৰিও অভিনয় প্ৰতিভাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। হাস্যমধুৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল।

ডিজিটেল ডেস্কঃ  নগাঁৱৰ ৰাইডঙীয়া কৰচুং সত্ৰৰ সুদক্ষ অভিনেতা গনেশ হাজৰিকাৰ মৃত্যু।শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু হয় গনেশ হাজৰিকাৰ।গনেশ হাজৰিকাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰনীয় ক্ষতি। ৯০ৰ দশকত বিশিষ্ট নাট্যকাৰ অভিনেতা অজিত বৰঠাকুৰে ৰাইদঙ্গীয়াত জন্ম দিয়া অপেছাদাৰী নাট্যগোষ্ঠী "15 Friends" ৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলা গনেশ হাজৰিকাই পৰৱৰ্তী পৰ্য্যায়ত টেটুন তামুলী,জানমনি, এক আছিল ভকত, বেহাৰ বাৰী আউটপোষ্ট আদিত অভিনয় কৰি নিজৰ সুদক্ষ অভিনয়ৰ পৰিচয় দিছিল।


৫৩ বছৰীয়া হাজৰিকা কিছুবছৰ ধৰি শ্বিলঙৰ এটা কোম্পানীৰ মেডিকেল বিভাগত কৰ্মৰত হৈ আছিল।  কালি কোম্পানীৰ কামৰ বাবে গৈ থকা অৱস্থাত শ্বিলঙতে পথ দুৰ্ঘটনাত তেওঁ থিতাতে নিহত হয়। অভিনেতা, নাট্যকৰ্মী গৰাকীয়ে বহু নাটক লিখি, পৰিচালনা কৰাৰ উপৰিও অভিনয় প্ৰতিভাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। হাস্যমধুৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল।


গনেশ হাজৰিকাই অসমৰ বহু মঞ্চত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। হাজৰিকাই অঞ্জনা, বীন বৈৰাগী, এক আছিল ভকত, বিশ্বাসে মিলয় হৰি আদি বহু চুটি ছবিত অভিনয় কৰিছিল।


শেহতীয়াকৈ মুক্তিৰ পথত থকা সিদ্ধাৰ্থ শৰ্মাৰ লগত অভিনয় কৰা এখন নতুন অসমীয়া বোলছবিতো অভিনয় কৰিছিল। বৰ্তমান তেখেতৰ নশ্বৰদেহ শ্বিলঙৰ চৰকাৰী হস্পাতালতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে আৰু বিয়লি আহি ৰাইডঙীয়া কৰচোং সত্ৰৰ নিজ বাসগৃহলৈ অনা হ'ব বুলি পৰিয়ালৰ পৰা জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ