--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰতিটো স্থানতে পুনৰবাৰ 'মায়াবিনী ৰাতিৰ বুকুত
  • ' গুঞ্জৰিত হৈ পৰে। নাম-প্ৰসংগৰেও তেওঁলৈ শ্রদ্ধা জনোৱা হৈছে।

ডিজিটেল ডেস্ক : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্রয়াণৰ কালি এমাহ পূর্ণ হয়। দিনটোত ৰাজ্যৰ প্রান্তে প্রান্তে কালি প্ৰাণৰ শিল্পীজনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যবাসীয়ে।


গুৱাহাটীৰ কাহিলিপাৰাৰ বাসগৃহৰ লগতে সোণাপুৰৰ শেষকৃত্যস্থলীত জুবিন গাৰ্গলৈ বৈদিক ৰীতি-নীতিৰে আনুষ্ঠানিকভাৱে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান আৰু ব্যক্তিগতভাৱে তেওঁলৈ কালি শ্রদ্ধা জ্ঞাপন কৰা হয়। আনহাতে, ৰাজ্যৰ ভিন্ন প্রান্তত কালি আয়োজন কৰা হৈছে শিল্পীগৰাকীৰ এমহীয়া মৃত্যু তিথিৰ অনুষ্ঠান। 


প্ৰতিটো স্থানতে পুনৰবাৰ 'মায়াবিনী ৰাতিৰ বুকুত...' গুঞ্জৰিত হৈ পৰে। নাম-প্ৰসংগৰেও তেওঁলৈ শ্রদ্ধা জনোৱা হৈছে। 


এক কথাত কালি সুৰৰ ভগৱানক সংগীতেৰে পূজা কৰা হৈছে ৰাজ্যৰ সৰ্বত্ৰ। পুৱা কাহিলিপাৰাৰ বাসগৃহত বৈদিক ৰীতি-নীতিৰে আৰু নাম-প্ৰসংগৰে জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে, কালিৰ দিনটোত পুণ্যতীর্থত পৰিণত হয় জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া মৃত্যু তিথি উপলক্ষে সোণাপুৰৰ কমাৰকুছিৰ সমাধিক্ষেত্ৰত পুৱতি নিশাৰ পৰাই হাজাৰ হাজাৰ লোকৰ ভিৰ আৰম্ভ হয়। সমাধিক্ষেত্ৰত পুৱাৰে পৰা বহু লোকে ভাগৱত পাঠ, সর্বধর্ম প্রার্থনা, দিহা নাম পৰিৱেশন কৰে। কালিৰ দিনটোত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত সমৱেত হোৱা লোকৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰে। জিলা প্ৰশাসনৰ সহযোগত সমাধিক্ষেত্রত আয়োজিত ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানত পুৱা ১০ বজাৰ পৰা গীতাপাঠ আৰম্ভ হয়। লক্ষণীয় যে সমাধিক্ষেত্রত এই গীতা পাঠ বিগত দিনকেইটাত নিতৌ অব্যাহত আছে। দিনৰ ১১ বজাত নাম-কীৰ্তনৰ লগতে দুপৰীয়া ১২ বজাত সর্বধর্ম প্রার্থনা অনুষ্ঠান হয়। বিয়লি উপস্থিত জনতাৰ মাজত মাহ-প্রসাদকে ধৰি লঘু আহাৰ বিতৰণৰ ব্যৱস্থা কৰা হয়। বিয়লি ৩ বজাত এশ আয়তীৰ দলে একত্রিতভাৱে দিহানাম পৰিৱেশন কৰে। সন্ধিয়া দুশ বাঁহীবাদকে একেলগে জুবিন বন্দনালৈ পৰিণত হোৱা মায়াবিনীৰ সুৰেৰে জীপাল কৰে সমাধিক্ষেত্র। ইফালে নিশা বিশিষ্ট বাদ্যযন্ত্রী-শিল্পীসকলেও অনুষ্ঠান পৰিৱেশন কৰে। লক্ষণীয় যে নিশালৈ সমাধিক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন স্থানৰ যুৱতীয়ে অংশগ্ৰহণ কৰা এখন মহিলাৰ অংকীয়া ভাওনাও পৰিৱেশন কৰা হয়। সমাধিক্ষেত্ৰৰ স্মৃতিচাৰণ অনুষ্ঠানত প্রায় ২ হাজাৰ ভকতে একেলগে নাম প্রসংগত অংশগ্রহণ কৰে। 


আনহাতে, চিত্রশিল্পী ৰবীন বৰৰ হাতৰ পৰশত জুবিন গার্গে আজি ন ৰূপত প্রাণ পাই উঠে। চিত্রশিল্পীজনে নিজস্ব শৈলীৰে জুবিন গাৰ্গক কালি শ্রদ্ধাঞ্জলি জনায়। তেওঁ জুবিন গাৰ্গৰ এখন বিশেষ চিত্র অংকন কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে। চিত্রশিল্পীজনে ভগৱান শিৱৰ ৰূপত অংকন কৰে জুবিন গাৰ্গক। চিত্ৰখনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সাগৰৰ তলিত বহি শিৱৰ ৰূপত ধ্যান কৰি থকা দেখা গৈছে। এই চিত্রখন বিশ্বৰ বিভিন্ন প্রান্তত প্ৰদৰ্শন কৰাৰ লগতে সংগ্ৰহালয়ত ৰখাৰ ব্যৱস্থাও কৰিব শিল্পী ৰবীন বৰে। তেওঁ সংবাদ মাধ্যমক কয় যে জুবিন গাৰ্গ ব্যক্তিভাৱে তেওঁৰ হৃদয়ৰ বন্ধু আছিল। এই ছবিখনৰ জৰিয়তে তেওঁ যে ঈশ্বৰ প্ৰদত্ত মানুহ তাক অংকন কৰাৰ চেষ্টা কৰে। জাতি, ধর্ম, নির্বিশেষে সকলো তেওঁৰ বাবে সমান আছিল। সকলোৱে তেওঁৰ আদৰ্শ ল'ব পাৰিলে পৃথিৱীত জীয়াই থকা মূলমন্ত্র পাব। তেওঁ প্ৰকৃতিৰ মাজেৰে আহিছিল বুলিও কয়। প্রণিধানযোগ্য যে আজিও জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ন্যায় বিচাৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰে। আনহাতে কালি নিশাৰ ভাগত সমাধিস্থলীত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱাৰ পাছত সংগীতানুষ্ঠানত অংশগ্রহণ কৰে গৰিমাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ