--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্তত মৃত ছোৱালীজনী জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ কাঞ্চন কুমাৰী ওৰফে কমল বুলি পোহৰলৈ আহে।

ডিজিটেল ডেস্কঃ গাড়ীত উদ্ধাৰ হৈছে জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ। পঞ্জাৱৰ ভাটিন্দাৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ গোচৰ। আদেশ চিকিৎসা বিশ্ববিদ্যালয়ৰ পাৰ্কিং লটত থকা এখন গাড়ীৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। 


তদন্তত মৃত ছোৱালীজনী জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ কাঞ্চন কুমাৰী ওৰফে কমল বুলি পোহৰলৈ আহে। তেওঁ আছিল লুধিয়ানাৰ বাসিন্দা। ছ’চিয়েল মিডিয়াত বিতৰ্কিত বক্তব্য আৰু কাৰ্যকলাপৰ বাবে বিখ্যাত হৈ পৰিছিল কমল। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।


তথ্য অনুসৰি ভাটিন্দাৰ আদেশ চিকিৎসা বিশ্ববিদ্যালয়ৰ চৌহদত ৰখাই থোৱা এখন গাড়ীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। এই গাড়ীখন বিশ্ববিদ্যালয়ৰ পাৰ্কিঙত বহু সময় ধৰি ৰখাই থোৱা আছিল, যাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। গাড়ীৰ দুৱাৰ খোলাৰ পাছত ভিতৰত পৰি থকা অৱস্থাত উদ্ধাৰ হয় ছোৱালীজনীৰ মৃতদেহ।


মৃতদেহটোৰ সৈতে উদ্ধাৰ হোৱা গাড়ীখনো কাঞ্চনৰ নামত পঞ্জীয়নভুক্ত। প্ৰাথমিক তদন্তত কোনো বাহ্যিক আঘাতৰ চিন পোৱা হোৱা নাই, যাৰ বাবে গোচৰটো আত্মহত্যাৰ নে হত্যাৰ সেয়া স্পষ্ট হোৱা নাই।


কাঞ্চন ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আছিল। তেওঁৰ লাখ লাখ ফলোৱাৰ আছিল। আপত্তিজনক ভাষা ব্যৱহাৰ কৰি ভিডিঅ’ পোষ্ট কৰাৰ বাবে পৰিচিত আছিল কমল। বহু বিতৰ্কেও তেওঁক আগুৰি ধৰিছিল। কোনো প্ৰতিদ্বন্দ্বিতা বা চাইবাৰ বিবাদৰ বাবেই এই ঘটনা সংঘটিত হৈছে নেকি সেয়াও আৰক্ষীয়ে এই কোণৰ পৰা তদন্ত কৰি আছে।


৯ জুনত এটা অনুষ্ঠানৰ প্ৰচাৰৰ বাবে কমল কৌৰে ঘৰৰ পৰা ওলাই আহিছিল, তাৰ পিছত পৰিয়ালৰ সৈতে কোনো যোগাযোগ হোৱা নাছিল কমলৰ।


এই গোচৰত চৰ্চালৈ আহিছে গেংষ্টাৰ আৰ্শ দালাৰ নাম। কমল কৌৰে যোৱা বছৰৰ অক্টোবৰ মাহত কানাডাস্থিত সন্ত্ৰাসবাদী আৰ্ছ দালাৰ পৰা ভাবুকি লাভ কৰিছিল আৰু তেওঁক আপত্তিজনক ভিডিঅ’ পোষ্ট কৰা বন্ধ কৰিবলৈ সকীয়াই দিছিল। প্ৰাৰম্ভিক তদন্তত এই ঘটনাটো হত্যা বুলি সন্দেহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক