--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধর্মীয় অনুষ্ঠানৰ সমীপত গো-মাংস উদ্ধাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। কংগ্ৰেছে এনে ঘটনাৰ আঁৰত বিজেপি, আৰ এছ এছৰ লোক জড়িত থাকিব পাৰে বুলি অভিযোগ উত্থাপন কৰাৰ পাছতেই অধিক আক্রমণাত্মক হৈ উঠিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।

ডিজিটেল ডেস্ক : ধর্মীয় অনুষ্ঠানৰ সমীপত গো-মাংস উদ্ধাৰক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। কংগ্ৰেছে এনে ঘটনাৰ আঁৰত বিজেপি, আৰ এছ এছৰ লোক জড়িত থাকিব পাৰে বুলি অভিযোগ উত্থাপন কৰাৰ পাছতেই অধিক আক্রমণাত্মক হৈ উঠিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। সাংবাদিকৰ আগত তেওঁ কয়, 'মইতো বিচাৰোঁ কোনোবাই যদি গৰু মাংস থৈ আহে, তেনেহ'লে আপোনালোকে গাহৰি মাংস থৈ আহক। তেতিয়া সকলো বৰাবৰ হৈ যাব।'


কংগ্রেছক লক্ষ্য কৰি ড° শৰ্মাই লগতে কয়, 'এয়া ৰাহুল গান্ধীৰ বেয়া মানসিকতা। যদি হিন্দুৱে থয় গাহৰি মাংস থ'ব। গৰু মাংস কিয় থ'ব? বিজেপি, আৰ এছ এছৰ মানুহে গৰুৰ মুৰটো মন্দিৰত পেলাই বাকী মাংসখিনি কি কৰিব বুলি প্রশ্ন তুলি ড° শৰ্মাই কয়, 'ৰাহুল গান্ধীৰ বিষাক্ত মূৰৰ পৰা ওলোৱা কথা এইবোৰ। পৰোক্ষভাৱে ৰাহুল গান্ধীয়ে কৈছে যে হিন্দুৱে গৰুৰ মূৰটো মন্দিৰত থৈ আহে আৰু বাকীখিনি খাই পেলায়। তেওঁ ইয়াকে বুজাব বিচাৰিছে।'


মুখ্যমন্ত্ৰীৰ মতে, এইবোৰ কথাৰ বাবে ৰাহুল গান্ধী আৰু কংগ্ৰেছক মানুহে ঘৃণা কৰে। তেওঁলোকৰ মিটিঙত হিন্দু মানুহ নাথাকে। আনহাতে, এটা বিশেষ সম্প্ৰদায়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, 'এটা বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহে গো-মাংসবোৰ মন্দিৰৰ আগত পেলায়। সেই বেয়া মানুহবোৰক বিশেষ সম্প্ৰদায়ৰ মানুহখিনিয়েও বেয়া পায়। ধুবুৰীৰ সেই বিশেষ সম্প্ৰদায়ৰ মানুহেই মোক কৈছে বেয়া মানুহখিনিক মাৰি পেলাবলৈ।' উল্লেখযোগ্য যে যোৱা ঈদৰ সময়ত ধুবুৰীৰ এটা মন্দিৰৰ সন্মুখত গৰুৰ কটা মূৰ উদ্ধাৰ হৈছিল। তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ গৈ নিশা এনে কাম কৰাসকলৰ বিৰুদ্ধে শ্বুট এট ছাইট অৰ্ডাৰ দিছিল। ইতিমধ্যে এই কাণ্ডৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইফালে, কংগ্ৰেছে অভিযোগ কৰিছে যে বাহিৰৰ পৰা অহা আৰ এছ এছ, বিজেপিৰ লোকে এনে কাণ্ড সংঘটিত কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, 'আৰ এছ এছৰ লোক যদি বাহিৰৰ পৰা আহিছে, সকলোকে এৰেষ্ট কৰক। কিন্তু বাংলাদেশৰ পৰা অহাসকলৰ কি হ'ব? তাৰ উত্তৰ কংগ্ৰেছে দিয়ক।


কংগ্ৰেছৰ টার্গেট হ'ল একমাত্র হিন্দু।' উচ্ছেদ সন্দর্ভতো মত প্রকাশ কৰে শর্মাই। তেওঁ কয় যে অনাগত দিনত আৰু উচ্ছেদ হ'ব। দখল কৰি ৰখা ঠাইসমূহ বেদখলমুক্ত কৰা হ'ব। গোৱালপাৰাত প্ৰথমটো উচ্ছেদ শেষ হ'ল। এতিয়া দ্বিতীয়টো উচ্ছেদ ৰাক্ষসিনী পাহাৰত চলোৱা হ'ব। হাচিলা বিলখন দীপৰ বিলতকৈ ডাঙৰ। ১৫০০ বিঘাৰ বিলখন শেষ কৰি দিছিল। এইসমূহ লোকে অসমৰ প্ৰকৃতি বিনষ্ট কৰি পেলাইছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ