--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উত্থাপিত অভিযোগ অনুসৰি ডিব্ৰুগড় মহানগৰৰ পদুম নগৰৰ কৃশানু চক্ৰৱৰ্তীয়ে বহু ব্যক্তিৰ পৰা গাড়ীৰ বীমাৰ নামত বৃহৎ ধন সংগ্ৰহ কৰিছিল।

ডিজিটেল ডেস্কঃ বাহনৰ বীমা পলিচীৰ নামত ধন সৰকাই জনৰোষত পৰিল এজন দালাল। বীমা পলিচী কৰাৰ নামত হাজাৰ হাজাৰ টকা ধন সংগ্ৰহ কৰা ডিব্ৰুগড়ৰ কৃশানু চক্ৰৱৰ্তী নামৰ দালালজনক কৰায়ক্ত কৰি গতাই দিলে আৰক্ষীক। 


উত্থাপিত অভিযোগ অনুসৰি ডিব্ৰুগড় মহানগৰৰ পদুম নগৰৰ কৃশানু চক্ৰৱৰ্তীয়ে বহু ব্যক্তিৰ পৰা গাড়ীৰ বীমাৰ নামত বৃহৎ ধন সংগ্ৰহ কৰিছিল। পলিচী বজাৰত গাড়ীৰ বীমা কৰাৰ নামত ধন লৈ পৰৱৰ্তী সময়ত গাড়ীৰ গৰাকীক ভুৱা বীমাৰ নথি প্ৰদান কৰি আহিছে। কিন্তু আশ্বৰ্যজনক কথাটো হ'ল, তেওঁলোকৰ গাড়ীৰ ইঞ্চুৰেঞ্চ আপডেট নহয় পৰিবহন বিভাগৰ ৱেবচাইটত। 


পৰৱৰ্তী সময়ত যুৱকজনৰ ওপৰত সন্দেহ হোৱাত ধন উভতাই বিচাৰি বহুবাৰ যোগাযোগৰ চেষ্টা কৰে। কিন্তু কৃশানুৱে বিভিন্ন ধৰণৰ অজুহাত দেখোৱাই ধন ঘূৰাই দিবলৈ বিচৰা নাছিল। 


দীৰ্ঘদিনৰ পৰা পলাতক হৈ থকা কৃশানু চক্ৰৱৰ্তী নামৰ দালাজনক আজি মহানগৰৰ আৰক্ষী চাউনীৰ সমীপত কৰায়ক্ত কৰি ডিব্ৰুগড় আৰক্ষীক গতাই দিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকসকলক দালালজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত