--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, 'এতিয়া ভাৰতত এক জি বি ডাটাৰ দাম একাপ চাহতকৈ কম। চাহৰ উদাহৰণ দিয়াটো মোৰ অভ্যাস। ব্যৱহাৰকাৰীৰ ডাটা ব্যৱহাৰৰ দিশত আমি বিশ্বৰ আগশাৰীৰ দেশবোৰৰ অন্যতম।

ডিজিটেল ডেস্ক : ভাৰতত এক জি বি ডাটাৰ দাম একাপ চাহতকৈ কম। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ইণ্ডিয়া ম'বাইল কংগ্রেছ (আই এম চি) উদ্বোধন কৰি দিয়া ভাষণত এনেদৰে কয়।


প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, 'এতিয়া ভাৰতত এক জি বি ডাটাৰ দাম একাপ চাহতকৈ কম। চাহৰ উদাহৰণ দিয়াটো মোৰ অভ্যাস। ব্যৱহাৰকাৰীৰ ডাটা ব্যৱহাৰৰ দিশত আমি বিশ্বৰ আগশাৰীৰ দেশবোৰৰ অন্যতম। ইয়াৰ অৰ্থ হ'ল ভাৰতত এতিয়া ডিজিটেল কনেক্টিভিটি এক বিশেষাধিকাৰ বা বিলাসিতা হৈ থকা নাই। ই ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে। 


উদ্যোগ আৰু বিনিয়োগ বৃদ্ধিত উৎসাহ যোগোৱাৰ ক্ষেত্ৰতো ভাৰত এতিয়া আগশাৰীত আছে।' প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ গণতান্ত্রিক ব্যৱস্থা, চৰকাৰৰ স্বাগতম জনোৱাৰ দৃষ্টিভংগী, ব্যৱসায়ৰ বাবে সহজ নীতিয়ে ভাৰতক এক বিনিয়োগ অনুকূল গন্তব্য স্থানৰূপে প্রতিষ্ঠা কৰিছে। ডিজিটেল ৰাজহুৱা বুনিয়াদী গাঁথনিত আমাৰ সফলতাই চৰকাৰ ডিজিটেল-প্রথম-মানসিকতাৰ প্ৰতি কিমান প্রতিশ্রুতিবদ্ধ তাকেই প্রমাণ কৰে। প্রধানমন্ত্রীয়ে ভাষণত কয়, 'ই বিনিয়োগ কৰা, উদ্ভাৱন কৰা আৰু ভাৰতত নিৰ্মাণ কৰাৰ আটাইতকৈ ভাল সময়।' 


তেওঁ লগতে কয়, 'আমি শীর্ষস্থানীয় প্রযুক্তি প্রতিষ্ঠান আৰু ষ্টার্টআপৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে কাম কৰি আছোঁ।' তেওঁ টু-জিৰ পৰা ৫ জিলৈ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে ২০১৪ চনৰ পাছত দেশত ম'বাইল ফ'নৰ নিৰ্মাণ ২৮ গুণ আৰু ইলেক্ট্রনিক সামগ্ৰীৰ উৎপাদন ৬ গুণ বৃদ্ধি পাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ