--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, 'এতিয়া ভাৰতত এক জি বি ডাটাৰ দাম একাপ চাহতকৈ কম। চাহৰ উদাহৰণ দিয়াটো মোৰ অভ্যাস। ব্যৱহাৰকাৰীৰ ডাটা ব্যৱহাৰৰ দিশত আমি বিশ্বৰ আগশাৰীৰ দেশবোৰৰ অন্যতম।

ডিজিটেল ডেস্ক : ভাৰতত এক জি বি ডাটাৰ দাম একাপ চাহতকৈ কম। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ইণ্ডিয়া ম'বাইল কংগ্রেছ (আই এম চি) উদ্বোধন কৰি দিয়া ভাষণত এনেদৰে কয়।


প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, 'এতিয়া ভাৰতত এক জি বি ডাটাৰ দাম একাপ চাহতকৈ কম। চাহৰ উদাহৰণ দিয়াটো মোৰ অভ্যাস। ব্যৱহাৰকাৰীৰ ডাটা ব্যৱহাৰৰ দিশত আমি বিশ্বৰ আগশাৰীৰ দেশবোৰৰ অন্যতম। ইয়াৰ অৰ্থ হ'ল ভাৰতত এতিয়া ডিজিটেল কনেক্টিভিটি এক বিশেষাধিকাৰ বা বিলাসিতা হৈ থকা নাই। ই ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে। 


উদ্যোগ আৰু বিনিয়োগ বৃদ্ধিত উৎসাহ যোগোৱাৰ ক্ষেত্ৰতো ভাৰত এতিয়া আগশাৰীত আছে।' প্রধানমন্ত্রীয়ে কয় যে ভাৰতৰ গণতান্ত্রিক ব্যৱস্থা, চৰকাৰৰ স্বাগতম জনোৱাৰ দৃষ্টিভংগী, ব্যৱসায়ৰ বাবে সহজ নীতিয়ে ভাৰতক এক বিনিয়োগ অনুকূল গন্তব্য স্থানৰূপে প্রতিষ্ঠা কৰিছে। ডিজিটেল ৰাজহুৱা বুনিয়াদী গাঁথনিত আমাৰ সফলতাই চৰকাৰ ডিজিটেল-প্রথম-মানসিকতাৰ প্ৰতি কিমান প্রতিশ্রুতিবদ্ধ তাকেই প্রমাণ কৰে। প্রধানমন্ত্রীয়ে ভাষণত কয়, 'ই বিনিয়োগ কৰা, উদ্ভাৱন কৰা আৰু ভাৰতত নিৰ্মাণ কৰাৰ আটাইতকৈ ভাল সময়।' 


তেওঁ লগতে কয়, 'আমি শীর্ষস্থানীয় প্রযুক্তি প্রতিষ্ঠান আৰু ষ্টার্টআপৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বাবে কাম কৰি আছোঁ।' তেওঁ টু-জিৰ পৰা ৫ জিলৈ যাত্ৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে ২০১৪ চনৰ পাছত দেশত ম'বাইল ফ'নৰ নিৰ্মাণ ২৮ গুণ আৰু ইলেক্ট্রনিক সামগ্ৰীৰ উৎপাদন ৬ গুণ বৃদ্ধি পাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত