--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু শিকিব লগা আছে বুলি প্রকাশ কৰি তেওঁ কয় যে অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্য প্রাণীৰ বিনিময় সন্দৰ্ভত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিব।

ডিজিটেল ডেস্ক : মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অভিভূত হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ আন সদস্যৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে হাতীৰ সংৰক্ষণৰ লগতে জীৱন আৰু সম্পত্তি সংৰক্ষণৰ ক্ষেত্ৰত কাজিৰঙা এখন আদর্শ ৰাষ্ট্ৰীয় উদ্যান।


বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অত্যন্ত সুখী হোৱাৰ কথা প্ৰকাশ কৰি তেওঁ কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাৰ শলাগ লয়। মধ্য প্রদেশত হাতী আগতে নাছিল। কিন্তু বিগত দুটা বৰ্ষত ৭০ টা হাতী হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু শিকিব লগা আছে বুলি প্রকাশ কৰি তেওঁ কয় যে অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্য প্রাণীৰ বিনিময় সন্দৰ্ভত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিব। আনহাতে, সমগ্ৰ ভাৰততে বন্য প্রাণী সংৰক্ষণ তথা পৰ্যটনৰ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগবাঢ়ি যাব বুলি আশা প্রকাশ কৰি ড° যাদবে কাজিৰঙাৰ গঁড় আৰু বনৰীয়া ম'হৰ সংৰক্ষণৰ প্ৰশংসা কৰি তেওঁলোকৰ তাত গৌড় জন্তু থকাৰ কথা উল্লেখ কৰি পুনৰ দুখন ৰাজ্যৰ মাজত বন্য প্রাণীৰ বিনিময়ৰ প্ৰসংগ উল্লেখ কৰে।


উল্লেখ্যযোগ্য যে শনিবাৰে নিশা কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কঁহৰাত অৱস্থিত আৰক্ষী অতিথি গৃহত ৰাত্রি যাপন কৰে। দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত বিশেষকৈ ডোঙা বিলত চিতল মাছৰ লুটি বাগৰ খেলা দেখি আনন্দিত হৈ পৰিছিল। জীপ ছাফাৰী কৰাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ আৰু বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে সংগ দিয়াৰ লগতে কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাও উপস্থিত আছিল।


ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ যাওঁতে এটা অজগৰ অৰণ্যত মুকলি কৰি দিয়ে বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° যাদৱে প্রকাশ কৰে। ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি উদ্যানৰ গঁড়, হাতী, পহুকে ধৰি আদি বন্য প্রাণীৰ লগতে নৈসর্গিক সৌন্দর্য উপভোগ কৰে। উদ্যানৰ পৰা ওলাই আহি তেওঁ বাগৰি বনাঞ্চলত বন বিভাগৰ পোহনীয়া হাতীক ফলাহাৰ খুৱাই আনন্দ লয়।



উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক