--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু শিকিব লগা আছে বুলি প্রকাশ কৰি তেওঁ কয় যে অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্য প্রাণীৰ বিনিময় সন্দৰ্ভত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিব।

ডিজিটেল ডেস্ক : মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অভিভূত হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ আন সদস্যৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে হাতীৰ সংৰক্ষণৰ লগতে জীৱন আৰু সম্পত্তি সংৰক্ষণৰ ক্ষেত্ৰত কাজিৰঙা এখন আদর্শ ৰাষ্ট্ৰীয় উদ্যান।


বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অত্যন্ত সুখী হোৱাৰ কথা প্ৰকাশ কৰি তেওঁ কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাৰ শলাগ লয়। মধ্য প্রদেশত হাতী আগতে নাছিল। কিন্তু বিগত দুটা বৰ্ষত ৭০ টা হাতী হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বহু শিকিব লগা আছে বুলি প্রকাশ কৰি তেওঁ কয় যে অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্য প্রাণীৰ বিনিময় সন্দৰ্ভত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতিব। আনহাতে, সমগ্ৰ ভাৰততে বন্য প্রাণী সংৰক্ষণ তথা পৰ্যটনৰ উন্নীতকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগবাঢ়ি যাব বুলি আশা প্রকাশ কৰি ড° যাদবে কাজিৰঙাৰ গঁড় আৰু বনৰীয়া ম'হৰ সংৰক্ষণৰ প্ৰশংসা কৰি তেওঁলোকৰ তাত গৌড় জন্তু থকাৰ কথা উল্লেখ কৰি পুনৰ দুখন ৰাজ্যৰ মাজত বন্য প্রাণীৰ বিনিময়ৰ প্ৰসংগ উল্লেখ কৰে।


উল্লেখ্যযোগ্য যে শনিবাৰে নিশা কাজিৰঙাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কঁহৰাত অৱস্থিত আৰক্ষী অতিথি গৃহত ৰাত্রি যাপন কৰে। দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত বিশেষকৈ ডোঙা বিলত চিতল মাছৰ লুটি বাগৰ খেলা দেখি আনন্দিত হৈ পৰিছিল। জীপ ছাফাৰী কৰাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ আৰু বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে সংগ দিয়াৰ লগতে কাজিৰঙা লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাও উপস্থিত আছিল।


ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ যাওঁতে এটা অজগৰ অৰণ্যত মুকলি কৰি দিয়ে বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° যাদৱে প্রকাশ কৰে। ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰি উদ্যানৰ গঁড়, হাতী, পহুকে ধৰি আদি বন্য প্রাণীৰ লগতে নৈসর্গিক সৌন্দর্য উপভোগ কৰে। উদ্যানৰ পৰা ওলাই আহি তেওঁ বাগৰি বনাঞ্চলত বন বিভাগৰ পোহনীয়া হাতীক ফলাহাৰ খুৱাই আনন্দ লয়।



উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement