--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আপোনাৰ চিনাকী দোকান খনৰ পৰা ষ্টিং, স্প্ৰাইট, মাজা আদি জনপ্ৰিয় ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচ ক্ৰয় কৰোতে এতিয়াৰ পৰা সাৱধান হওঁক

ডিজিটেল ডেস্ক :গৰমৰ দিনত সকলোৱে সকাহ পাবলৈ ঠাণ্ডা পানীয় সেৱন কৰে । কিন্তু এই পানীয় সেৱন কৰিলে এতিয়া আপুনি পৰিব পাৰে বিপদত ।


তেন্তে, আপোনাৰ চিনাকী দোকান খনৰ পৰা ষ্টিং, স্প্ৰাইট, মাজা আদি জনপ্ৰিয় ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচ ক্ৰয় কৰোতে এতিয়াৰ পৰা সাৱধান হওঁক। কিয়নো উৎকট গৰমত অলিয়ে গলিয়ে উপলব্ধ এনে ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচৰ মাজত আপুনি হয়তো নজনাকৈ খাই আছে একে ব্ৰেণ্ডৰ বিষাক্ত ক'ল্ড ড্ৰিংকচ। যিয়ে আপোনাক ভয়ংকৰ বিপদত পেলাব। বিপদত পৰিব পাৰে আপোনাৰ সন্তান।


হয়, লাহৰীঘাট সমজিলাৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত বৰচাপৰিত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ফাৰ্নাছ নাৰ্গিছ নামত আজিজুৰ ৰহমানে দীৰ্ঘ দিনৰ পৰা এনেদৰে বিভিন্ন জনপ্ৰিয় ব্ৰেণ্ড নকল কৰি অবিকল ক'ল্ড ড্ৰিংকচ প্ৰস্তুত কৰি যোগান ধৰি আহিছে বিভিন্ন দোকানত।


মংগলবাৰে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত চলা অভিযানত অস্বাস্থ্যকৰ পৰিবেশত ভুৱা বেণ্ডৰ ক'ল্ড ড্ৰিংকচ প্ৰস্তুত কৰি থকা অৱস্থাতে ধৰা পৰে চক্ৰটো। উদ্যোগ টোৰ নাই কোনো বৈধ নথি পত্ৰ। প্ৰস্তত কৰা পদ্ধতিও নহয় বিজ্ঞানসন্মত। ফেক্টৰিটোৰ পৰা উদ্ধাৰ বুজন পৰিমানৰ উল্লেখিত জনপ্ৰিয় ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচ। সমগ্ৰ ঘটনা টোৰ সন্দৰ্ভত লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ অভিযান অব্যাহত ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ