--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আপোনাৰ চিনাকী দোকান খনৰ পৰা ষ্টিং, স্প্ৰাইট, মাজা আদি জনপ্ৰিয় ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচ ক্ৰয় কৰোতে এতিয়াৰ পৰা সাৱধান হওঁক

ডিজিটেল ডেস্ক :গৰমৰ দিনত সকলোৱে সকাহ পাবলৈ ঠাণ্ডা পানীয় সেৱন কৰে । কিন্তু এই পানীয় সেৱন কৰিলে এতিয়া আপুনি পৰিব পাৰে বিপদত ।


তেন্তে, আপোনাৰ চিনাকী দোকান খনৰ পৰা ষ্টিং, স্প্ৰাইট, মাজা আদি জনপ্ৰিয় ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচ ক্ৰয় কৰোতে এতিয়াৰ পৰা সাৱধান হওঁক। কিয়নো উৎকট গৰমত অলিয়ে গলিয়ে উপলব্ধ এনে ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচৰ মাজত আপুনি হয়তো নজনাকৈ খাই আছে একে ব্ৰেণ্ডৰ বিষাক্ত ক'ল্ড ড্ৰিংকচ। যিয়ে আপোনাক ভয়ংকৰ বিপদত পেলাব। বিপদত পৰিব পাৰে আপোনাৰ সন্তান।


হয়, লাহৰীঘাট সমজিলাৰ ভেলৌগুৰী থানাৰ অন্তৰ্গত বৰচাপৰিত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ফাৰ্নাছ নাৰ্গিছ নামত আজিজুৰ ৰহমানে দীৰ্ঘ দিনৰ পৰা এনেদৰে বিভিন্ন জনপ্ৰিয় ব্ৰেণ্ড নকল কৰি অবিকল ক'ল্ড ড্ৰিংকচ প্ৰস্তুত কৰি যোগান ধৰি আহিছে বিভিন্ন দোকানত।


মংগলবাৰে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত চলা অভিযানত অস্বাস্থ্যকৰ পৰিবেশত ভুৱা বেণ্ডৰ ক'ল্ড ড্ৰিংকচ প্ৰস্তুত কৰি থকা অৱস্থাতে ধৰা পৰে চক্ৰটো। উদ্যোগ টোৰ নাই কোনো বৈধ নথি পত্ৰ। প্ৰস্তত কৰা পদ্ধতিও নহয় বিজ্ঞানসন্মত। ফেক্টৰিটোৰ পৰা উদ্ধাৰ বুজন পৰিমানৰ উল্লেখিত জনপ্ৰিয় ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংকচ। সমগ্ৰ ঘটনা টোৰ সন্দৰ্ভত লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ অভিযান অব্যাহত ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত