--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুৱাহাটী আৰক্ষীয়ে ১৯৬ (২), ২৯৯, ৩০২ বিএনএছৰ অধীনত সৃষ্টিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ডিজিটেল ডেস্কঃ ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। কামাখ্যা মন্দিৰত নৰবলি দিয়ে বুলি কৈছিল ৰাজা ৰঘুবংশীৰ ভগ্নী সৃষ্টি ৰঘুবংশীয়ে।


গুৱাহাটী আৰক্ষীয়ে ১৯৬ (২), ২৯৯, ৩০২ বিএনএছৰ অধীনত সৃষ্টিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ধৰ্মীয় আৱেগক আঘাত কৰা সম্পৰ্কীয় ধাৰাত গোচৰ ৰুজু কৰিছে সৃষ্টিৰ বিৰুদ্ধে।


কামাখ্যা মন্দিৰ সন্দৰ্ভত সৃষ্টি ৰঘুবংশীৰ মন্তব্যৰ পিছতে প্ৰতিবাদ হৈছিল চৌদিশে। সৃষ্টিৰ এই মন্তব্যত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।


অৱশ্যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰু সোনমৰ ঘৃণনীয় কাণ্ড পোহৰলৈ অহাৰ পাছত সৃষ্টিয়ে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছিল।


ইতিমধ্যে সৃষ্টি ৰঘুবংশীক তলৱ গুৱাহাটী মহানগৰ আৰক্ষীৰ।


উল্লেখ্য যে হনিমুনত মেঘালয়লৈ আহি হত্যাৰ বলি হোৱা ৰাজা ৰঘুবংশীৰ গোচৰৰ তদন্ত জোৰদাৰ গতিত চলি আছে। প্ৰতিদিনে আৰক্ষীৰ জেৰাত ওলায়েই আছে এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য। সকলোৱে বাট চাই আছে ৰাজা ৰঘুবংশীয়ে ন্যায় পোৱালৈ আৰু ৰাজাৰ পত্নী সোনম আৰু হত্যাকাণ্ডৰ লগত জড়িত আটাইকেইজনেই কঠোৰতকৈ কঠোৰ পোৱা দিনটোলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত