--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • জিলাই জিলাই হোটেলে হোটেলে চলোৱা আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গো মাংস, আটক হৈছে বহুজন।

ডিজিটেল ডেস্কঃ গৰুখুঁটি প্রকল্পলৈ অনা গৰু চুৰি হোৱাক কেন্দ্ৰ কৰি চলি থকা প্ৰবল বিতৰ্কৰ মাজতে আজি ৰাজ্যজুৰি গো মাংসৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান। জিলাই জিলাই হোটেলে হোটেলে চলোৱা আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গো মাংস, আটক হৈছে বহুজন।


ৰাজ্যৰ আন প্ৰান্তৰৰ লগতে গুৱাহাটী মহানগৰীৰ জালুকবাৰীতো কেইবাখনো হোটেলত সাম্প্রদায়িক সম্প্রীতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি চলাই অহা নিষিদ্ধ গো মাংসৰ বেহাৰ বিৰুদ্ধে জালুকবাৰীৰ আৰক্ষীয়ে অভিযান চলায়।


এই অভিযানত আৰক্ষীয়ে মছজিদ গলিত গো মাংস সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন ট্রাক ধৰা পেলোৱাৰ লগতে গাড়ীখনৰ লগত অহা দুজন যুৱকক আটক কৰে। মছজিদ গলিত থকা তিনিখন হোটেল ক্রমে মোবাৰক, মদিনা আৰু বিছমিল্লাহত গো মাংস বিক্ৰী কৰি থকা ধৰা পেলায় আৰু তিনিওখন হোটেলেই ছীল কৰি দিয়া হয়। এই অভিযানত হোটেলসমূহৰ পৰা ১০৫ কেজি মাংস জব্দ কৰাৰ লগতে ৬জন লোকক আটক কৰা হয়।


অঞ্চলটোৰ স্থানীয় ৰাইজে অভিযোগ কৰা মতে, সমগ্র জালুকবাৰী অঞ্চলত একাংশ বাংলাদেশীৰ নেতৃত্বত নিষিদ্ধ গো মাংসৰ এক ৰমৰমীয়া বেহা চলি আছে। জালুকবাৰীৰ উপৰি মহানগৰীৰ কটাহবাৰীৰ বিভিন্ন হোটেলৰ পৰা আৰক্ষীয়ে ৭২ কিল' মাংস জব্দ কৰে।


উল্লেখযোগ্য যে কটাহবাৰীত চলি থকা গো মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে পূৰ্বতে গাঁওৰক্ষী বাহিনীয়ে এজাহাৰো দিছিল। সেইদৰে কোকৰাঝাৰত ৪খন হোটেলত অভিযান চলাই ১০ কিল' মাংস জব্দ কৰাৰ লগতে ৪জন লোকক আটক কৰে। হাইলাকান্দিৰ বিভিন্ন ঠাইত অভিযান চলাই গো মাংস বিক্ৰী কৰি থকা ৩জন লোকক আটক কৰে।


বৰপেটা, ৰূপহীহাট, নগাঁও, হোজাই আদিতো আৰক্ষীয়ে গো মাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। বৰপেটাৰোডৰ দুখন ধাবাৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে ৩জন লোকক আৰক্ষীয়ে আটক কৰিছে। উজনি অসমতো গো মাংসৰ বিৰুদ্ধে আৰক্ষী বাহিনী জঁপিয়াই পৰে। ডিব্ৰুগড়ৰ কালীবাৰী, পাঁচআলি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই গো মাংস উদ্ধাৰ কৰে। শিৱসাগৰৰ কেইবাটাও স্থানত মাংস উদ্ধাৰ কৰাৰ লগতে দুজন লোকক আটক কৰে।


ইফালে, মঙলদৈতো নিষিদ্ধ মাংসৰ ব্যৱসায় চলাই অহা দুজন লোকক আটক কৰা হয়। ইফালে আৰক্ষীয়ে অভিযান চলাই ২৪ ঘণ্টাত এক টনৰো অধিক নিষিদ্ধ গো মাংস জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত ১৩৩জনক লোকক আটক কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement