--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জিলাই জিলাই হোটেলে হোটেলে চলোৱা আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গো মাংস, আটক হৈছে বহুজন।

ডিজিটেল ডেস্কঃ গৰুখুঁটি প্রকল্পলৈ অনা গৰু চুৰি হোৱাক কেন্দ্ৰ কৰি চলি থকা প্ৰবল বিতৰ্কৰ মাজতে আজি ৰাজ্যজুৰি গো মাংসৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান। জিলাই জিলাই হোটেলে হোটেলে চলোৱা আৰক্ষীৰ এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ গো মাংস, আটক হৈছে বহুজন।


ৰাজ্যৰ আন প্ৰান্তৰৰ লগতে গুৱাহাটী মহানগৰীৰ জালুকবাৰীতো কেইবাখনো হোটেলত সাম্প্রদায়িক সম্প্রীতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি চলাই অহা নিষিদ্ধ গো মাংসৰ বেহাৰ বিৰুদ্ধে জালুকবাৰীৰ আৰক্ষীয়ে অভিযান চলায়।


এই অভিযানত আৰক্ষীয়ে মছজিদ গলিত গো মাংস সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন ট্রাক ধৰা পেলোৱাৰ লগতে গাড়ীখনৰ লগত অহা দুজন যুৱকক আটক কৰে। মছজিদ গলিত থকা তিনিখন হোটেল ক্রমে মোবাৰক, মদিনা আৰু বিছমিল্লাহত গো মাংস বিক্ৰী কৰি থকা ধৰা পেলায় আৰু তিনিওখন হোটেলেই ছীল কৰি দিয়া হয়। এই অভিযানত হোটেলসমূহৰ পৰা ১০৫ কেজি মাংস জব্দ কৰাৰ লগতে ৬জন লোকক আটক কৰা হয়।


অঞ্চলটোৰ স্থানীয় ৰাইজে অভিযোগ কৰা মতে, সমগ্র জালুকবাৰী অঞ্চলত একাংশ বাংলাদেশীৰ নেতৃত্বত নিষিদ্ধ গো মাংসৰ এক ৰমৰমীয়া বেহা চলি আছে। জালুকবাৰীৰ উপৰি মহানগৰীৰ কটাহবাৰীৰ বিভিন্ন হোটেলৰ পৰা আৰক্ষীয়ে ৭২ কিল' মাংস জব্দ কৰে।


উল্লেখযোগ্য যে কটাহবাৰীত চলি থকা গো মাংসৰ ব্যৱসায়ৰ বিৰুদ্ধে পূৰ্বতে গাঁওৰক্ষী বাহিনীয়ে এজাহাৰো দিছিল। সেইদৰে কোকৰাঝাৰত ৪খন হোটেলত অভিযান চলাই ১০ কিল' মাংস জব্দ কৰাৰ লগতে ৪জন লোকক আটক কৰে। হাইলাকান্দিৰ বিভিন্ন ঠাইত অভিযান চলাই গো মাংস বিক্ৰী কৰি থকা ৩জন লোকক আটক কৰে।


বৰপেটা, ৰূপহীহাট, নগাঁও, হোজাই আদিতো আৰক্ষীয়ে গো মাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়। বৰপেটাৰোডৰ দুখন ধাবাৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে ৩জন লোকক আৰক্ষীয়ে আটক কৰিছে। উজনি অসমতো গো মাংসৰ বিৰুদ্ধে আৰক্ষী বাহিনী জঁপিয়াই পৰে। ডিব্ৰুগড়ৰ কালীবাৰী, পাঁচআলি অঞ্চলত আৰক্ষীয়ে অভিযান চলাই গো মাংস উদ্ধাৰ কৰে। শিৱসাগৰৰ কেইবাটাও স্থানত মাংস উদ্ধাৰ কৰাৰ লগতে দুজন লোকক আটক কৰে।


ইফালে, মঙলদৈতো নিষিদ্ধ মাংসৰ ব্যৱসায় চলাই অহা দুজন লোকক আটক কৰা হয়। ইফালে আৰক্ষীয়ে অভিযান চলাই ২৪ ঘণ্টাত এক টনৰো অধিক নিষিদ্ধ গো মাংস জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ লগত জড়িত ১৩৩জনক লোকক আটক কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!