--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৩ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব দ্বিতীয় ছেমি ফাইনেল ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ'ব

ডিজিটেল ডেস্কঃ অহা ৩০ ছেপ্টেম্বৰত আৰম্ভ হ'ব লগীয়া মহিলাৰ এদিনীয়া বিশ্ব কাপৰ ৫খন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। সেই অনুসৰি ৭ অক্টোবৰত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ইংলেণ্ড বনাম বাংলাদেশ, ১১ অক্টোবৰত ইংলেণ্ড আৰু শ্রীলংকা পৰস্পৰ মুখামুখি হ'ব।


২৩ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে, ২৬ অক্টোবৰত বর্ষাপাৰাত মুখামুখি হ'ব ইংলেণ্ড আৰু নিউজিলেণ্ড। ইফালে, ভাৰত আৰু শ্রীলংকাৰ মাজত ৩০ ছেপ্টেম্বৰৰ খেলেৰে আৰম্ভ হ'ব প্ৰতিযোগিতাখন। ভাৰত আৰু পাকিস্তান প্রথম পৰস্পৰ মুখামুখি হ'ব ৬ অক্টোবৰত, নিৰপেক্ষ ভ্যেনু কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত।


সোমবাৰে আই চি চিয়ে প্রতিযোগিতাখনৰ সূচী ঘোষণা কৰা অনুসৰি পাকিস্তানে নিজৰ সকলো মেচ কলম্বোেত খেলিব। ইফালে, প্রতিযোগিতাখনত পাকিস্তানৰ অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰথম ছেমি ফাইনেল ২৯ অক্টোবৰত গুৱাহাটী অথবা কলম্বোেত অনুষ্ঠিত হ'ব।


দ্বিতীয় ছেমি ফাইনেল ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ'ব। ইফালে, পাকিস্তানৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে প্রতিযোগিতাখনৰ ফাইনেলৰ স্থান নির্ণিত হ'ব। ফাইনেল হ'ব পাৰে বেংগালুৰু অথবা কলম্বোত, ২ নৱেম্বৰত।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত