--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৩ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব দ্বিতীয় ছেমি ফাইনেল ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ'ব

ডিজিটেল ডেস্কঃ অহা ৩০ ছেপ্টেম্বৰত আৰম্ভ হ'ব লগীয়া মহিলাৰ এদিনীয়া বিশ্ব কাপৰ ৫খন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। সেই অনুসৰি ৭ অক্টোবৰত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত ইংলেণ্ড বনাম বাংলাদেশ, ১১ অক্টোবৰত ইংলেণ্ড আৰু শ্রীলংকা পৰস্পৰ মুখামুখি হ'ব।


২৩ অক্টোবৰত বর্ষাপাৰা ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে, ২৬ অক্টোবৰত বর্ষাপাৰাত মুখামুখি হ'ব ইংলেণ্ড আৰু নিউজিলেণ্ড। ইফালে, ভাৰত আৰু শ্রীলংকাৰ মাজত ৩০ ছেপ্টেম্বৰৰ খেলেৰে আৰম্ভ হ'ব প্ৰতিযোগিতাখন। ভাৰত আৰু পাকিস্তান প্রথম পৰস্পৰ মুখামুখি হ'ব ৬ অক্টোবৰত, নিৰপেক্ষ ভ্যেনু কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত।


সোমবাৰে আই চি চিয়ে প্রতিযোগিতাখনৰ সূচী ঘোষণা কৰা অনুসৰি পাকিস্তানে নিজৰ সকলো মেচ কলম্বোেত খেলিব। ইফালে, প্রতিযোগিতাখনত পাকিস্তানৰ অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰথম ছেমি ফাইনেল ২৯ অক্টোবৰত গুৱাহাটী অথবা কলম্বোেত অনুষ্ঠিত হ'ব।


দ্বিতীয় ছেমি ফাইনেল ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ'ব। ইফালে, পাকিস্তানৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে প্রতিযোগিতাখনৰ ফাইনেলৰ স্থান নির্ণিত হ'ব। ফাইনেল হ'ব পাৰে বেংগালুৰু অথবা কলম্বোত, ২ নৱেম্বৰত।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ