--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা কেইবছৰমানৰ পৰা ভাৰতীয় ব্যৱসায়ীসকলে বহিঃৰাজ্যত পঞ্জীয়নভুক্ত দলত পাকিস্তানী খেলুৱৈক অন্তৰ্ভুক্ত কৰি আহিছে।

ডিজিটেল ডেস্কঃ ২৬/১১ মুম্বাই আক্ৰমণৰ পিছত পাকিস্তানে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে পাকিস্তানী খেলুৱৈক ভাৰতত খেলা বা কোনো দ্বিপাক্ষিক শৃংখলা বা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত অংশগ্ৰহণ কৰাটো নিষিদ্ধ কৰিছে। কিন্তু যোৱা কেইবছৰমানৰ পৰা ভাৰতীয় ব্যৱসায়ীসকলে বহিঃৰাষ্ট্ৰত পঞ্জীয়নভুক্ত দলত পাকিস্তানী খেলুৱৈক অন্তৰ্ভুক্ত কৰি আহিছে। ইউ এ ই, আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ টি-২০ লীগত ভাৰতৰ মালিকানাধীন দলসমূহৰ বহু খেলুৱৈ হয় পাকিস্তানী নহয় পাকিস্তানী মূলৰ। মাত্ৰ দুবছৰ পূৰ্বে আন দেশৰ নাগৰিকত্ব অৰ্জন কৰা একাংশও আছে।


যিবোৰ দলৰ মালিকৰ পাকিস্তানী মূলৰ খেলুৱৈ আছে সেইবোৰৰ ভিতৰত ৰিলায়েন্স গ্ৰুপৰ আম্বানী পৰিয়াল আৰু আদানি গ্ৰুপৰ আদানী পৰিয়াল অন্যতম। আমেৰিকাৰ মেজৰ ক্ৰিকেট লীগ ছিয়াটল অৰ্কছৰ মালিক মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলাৰ দলত পাকিস্তানী মূলৰ এজন খেলুৱৈও আছে।


আবুধাবি নাইট ৰাইডাৰ্ছ: আলী খান (পাকিস্তানী মূল), ইব্ৰাৰ আহমেদ (পাকিস্তানী)


মালিক: কে কে আৰ (শ্বাহৰুখ খান, জুহি চাওলা, জয় মেহতা)


ডুবাই কেপিটেলছ: শ্বাহৰুখ আহমেদ (পাকিস্তানী মূল), আকিফ ৰাজা (পাকিস্তানী মূল), ফাৰহান খান (পাকিস্তানী মূল), হাইদৰ আলী (পাকিস্তানী মূল)


মালিক : জি মল্লিকাৰ্জুন ৰাও, সজ্জন জিন্দাল


গাল্ফ জায়েণ্ট: ছাঘিৰ খান (পাকিস্তানী মূল)


মালিক: গৌতম আদানি


এম আই এমিৰেটছঃ মহম্মদ ৱাছিম ​​(পাকিস্তানী মূল), মহম্মদ ৰোহিদ খান (পাকিস্তানী মূল), জাহুৰ খান (পাকিস্তানী মূল)।


মালিক: ৰিলায়েন্স গ্ৰুপ (মুকেশ আম্বানী)


শ্বাৰজাহ ৱাৰিয়ৰ্ছ: জুনেইদ ছিদ্দিকী (পাকিস্তানী মূল), মহম্মদ জৱাদুল্লাহ (পাকিস্তানী মূল), ৰোহন মুস্তাফা (পাকিস্তানী মূল)।


মালিক: কেপৰি গ্ল’বেল হোল্ডিংছ (ৰাজেশ শৰ্মা)


মেজৰ লীগ ক্ৰিকেট: আমেৰিকা


লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছ: ছাইফ বাদাৰ (পাকিস্তানী মূল), আলী খান (পাকিস্তানী মূল)


মালিক: কে কে আৰ (শ্বাহৰুখ খান, জুহি চাওলা, জয় মেহতা)


মুম্বাই ইণ্ডিয়ানছ নিউয়ৰ্ক: এহছান আদিল (পাকিস্তানী মূল)


মালিক: ৰিলায়েন্স গ্ৰুপ (মুকেশ আম্বানী)


ছান ফ্ৰান্সিস্কো ইউনিকৰ্ণ: হেৰিছ ৰাউফ (পাকিস্তানী), হাম্মাদ আজম (পাকিস্তানী মূল), হাছান খান (পাকিস্তানী মূল)।


মালিক: আনন্দ ৰাজাৰমন, ভংকি হৰিনাৰায়ণ


ছিয়াটল অৰ্কছ: শ্বায়ন জাহাংগীৰ (পাকিস্তানী মূল)


মালিক: মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলা, মাদ্ৰোনা ভেঞ্চাৰৰ সোম সোমাছেগাৰ


টেক্সাছ ছুপাৰ কিংছ: জিয়া উল হক (পাকিস্তানী মূল), মহম্মদ মহচিন (পাকিস্তানী মূল)


মালিক: চেন্নাই ছুপাৰ কিংছ (এন. শ্ৰীনিবাসন)।


ৱাশ্বিংটন ফ্ৰিডম: মুখতাৰ আহমেদ (পাকিস্তানী মূল)


মালিক: সঞ্জয় গোভিল


কেৰিবিয়ান প্ৰিমিয়াৰ লীগ: ৱেষ্ট ইণ্ডিজ


বাৰ্বাডোছ ৰয়েলছ: আজম খান (পাকিস্তান)।


মালিক : ৰাজস্থান ৰয়েলছ (মনোজ বদালে, লাচলান মুৰডক)।


মেজৰ লীগ ক্ৰিকেটত ছান ফ্ৰান্সিস্কো ইউনিকৰ্ণছ দলৰ মালিক হৈছে চেন্নাইত জন্মগ্ৰহণ কৰা ভেংকটেশ ওৰফে ভাংকি হৰিনাৰায়ণ আৰু আনন্দ ৰাজাৰমন। তেওঁৰ দলত আছে পাকিস্তানৰ হৈ ১২৫ খনতকৈও অধিক মেচ খেলা হেৰিছ ৰাউফ। ভাৰতৰ বিৰুদ্ধে ৪ খন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিছে। একেটা দলতে পাকিস্তানৰ হৈ খেলি থকা আব্ৰাৰ আহমেদে মুঠ ২৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ৭৫টা উইকেট দখল কৰিছে।


ৰিলায়েন্স গ্ৰুপৰ মালিকানাধীন মুম্বাই ইণ্ডিয়ানছৰ শাখা এম আই নিউয়ৰ্কৰ হৈ খেলা বলাৰ এহছান আদিলে পাকিস্তান জাতীয় দলৰ হৈ ৩খন টেষ্ট মেচ আৰু ৬খন এদিনীয়া খেল খেলি মুঠ ৯টা উইকেট দখল কৰিছে। -কলকাতা নাইট ৰাইডাৰ্ছ দলৰ ছৈফ বদৰ লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছ দলৰ সদস্য আৰু পাকিস্তানৰ ১৯ ​​বছৰ অনুৰ্ধ দলৰ অংশ হিচাপে কাম কৰি আহিছে। পাকিস্তানৰ হৈ ৬খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা মুখতাৰ আহমেদে সঞ্জীৱ গোভিলৰ ৱাশ্বিংটন ফ্ৰিডম দলৰ হৈ খেলি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক