--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৰহাটৰ এ টি পি এ শ্বিল্ড ফুটবলৰ ইতিহাসত সর্বমুঠ ২২বাৰ ফাইনেলত উপনীত, ১৫বাৰ চেম্পিয়ন, ৭বাৰ ৰানাৰআপ হোৱা অইল ইণ্ডিয়া এফ চি দল প্ৰথমবাৰৰ বাবে প্রথমখন খেলতে বিদায় লয়

ডিজিটেল ডেস্ক : সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অনুমোদিত যোৰহাট জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৫৯সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ শুকুৰবাৰে অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলে যোৱা বৰ্ষৰ চেম্পিয়ন দল অইল ইণ্ডিয়া এফ চিক ৩-২ গ'লত পৰাভূত কৰি ছেমি ফাইনেলত মণিপুৰৰ দলটি উপনীত হৈছে।


খেলৰ আৰম্ভণি পৰাই মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলটিয়ে চুটি চুটি পাছ খেলি অইলৰ খেলুৱৈসকলক ব্যতিব্যস্ত কৰি ৰখাৰ সময়তে ৪ মিনিটত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড চেইলেনথাঙৰ হেডিঙৰ দ্বাৰা ১-০ গ'লৰ অগ্রগতি লাভ কৰে। ইয়াৰ পাছত অইল ইণ্ডিয়া এফ চিয়ে কৌশল ৰচনা কৰি মণিপুৰৰ গ'ল বক্সৰ ভিতৰত অইল ইণ্ডিয়া এফ চিৰ ফৰৱাৰ্ড খেলুৱৈ জয়দীপ গগৈয়ে ২৩ মিনিটত সুন্দৰভাৱে বল ঠেলি দিয়াত সুদিপ্তই গ'লদি ১-১ গ'লত ড্ৰ কৰে।


ইয়াৰ পাছত পুনৰ অইল ইণ্ডিয়া এফ চি দলে ৪৫.২ মিনিটত তুল্য দাসৰ গ'লৰ দ্বাৰা ২-১ অগ্রগতি লাভ কৰে। প্ৰথমার্ধত অইল ইণ্ডিয়া আগবাঢ়ি থাকে যদিও দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ ২ মিনিটত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলৰ চেইলেনথাঙৰ ব্যক্তিগত দ্বিতীয়টো গ'লৰ দ্বাৰা ২-২ গ'লৰ সমতা স্থাপন কৰে। খেলৰ অন্তিম সময় ৯০ মিনিটত মণিপুৰৰ ফুটবল দলে লাভ কৰা ফ্রি কিক্ চেইলেনথাঙে লোৱা তীব্র বেগী শ্বট গ'ল হোৱাত মণিপুৰ দলটিয়ে ৩-২ গ'লত শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱাৰ লগতে চাইলেনথাঙে ব্যক্তিগত তৃতীয়টো গ'ল কৰি হেটত্রিক কৰিবলৈ সক্ষম হয়।


উল্লেখযোগ্য যে যোৰহাটৰ এ টি পি এ শ্বিল্ড ফুটবলৰ ইতিহাসত সর্বমুঠ ২২বাৰ ফাইনেলত উপনীত, ১৫বাৰ চেম্পিয়ন, ৭বাৰ ৰানাৰআপ হোৱা অইল ইণ্ডিয়া এফ চি দল প্ৰথমবাৰৰ বাবে প্রথমখন খেলতে বিদায় লয়। শুকুৰবাৰে খেলৰ প্ৰাক্ষণত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱজ্যোতি গোহাঁইক দুয়ো দলৰ খেলুৱৈসকলৰ লগত পৰিচয় কৰাই দিয়ে। চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত জ্যোতি শইকীয়া সোঁৱৰণী শ্রেষ্ঠ খেলুৱৈ বঁটা অবিনাশ শইকীয়াই আগবঢ়োৱা ফুটবল ফৰ চেইঞ্জ মণিপুৰ দলৰ খেলুৱৈ চেইলেনথাঙক বঁটা প্ৰদান কৰে যোৰহাট জিলা ক্রীড়া বিষয়া ৰাহুল শৰ্মাই। ৰেফাৰী: সুমন্ত দত্ত। ২১ জুনৰ প্রথমখন ছেমি ফাইনেল খেলঃ যোৰহাট টাউন ক্লাব বনাম অসম ৰাইফলছ শ্বিলং। কিক্ অফঃ সন্ধিয়া ৬-৩০ বজাত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?