--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৰহাটৰ এ টি পি এ শ্বিল্ড ফুটবলৰ ইতিহাসত সর্বমুঠ ২২বাৰ ফাইনেলত উপনীত, ১৫বাৰ চেম্পিয়ন, ৭বাৰ ৰানাৰআপ হোৱা অইল ইণ্ডিয়া এফ চি দল প্ৰথমবাৰৰ বাবে প্রথমখন খেলতে বিদায় লয়

ডিজিটেল ডেস্ক : সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অনুমোদিত যোৰহাট জিলা ক্রীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৫৯সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ শুকুৰবাৰে অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলে যোৱা বৰ্ষৰ চেম্পিয়ন দল অইল ইণ্ডিয়া এফ চিক ৩-২ গ'লত পৰাভূত কৰি ছেমি ফাইনেলত মণিপুৰৰ দলটি উপনীত হৈছে।


খেলৰ আৰম্ভণি পৰাই মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলটিয়ে চুটি চুটি পাছ খেলি অইলৰ খেলুৱৈসকলক ব্যতিব্যস্ত কৰি ৰখাৰ সময়তে ৪ মিনিটত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড চেইলেনথাঙৰ হেডিঙৰ দ্বাৰা ১-০ গ'লৰ অগ্রগতি লাভ কৰে। ইয়াৰ পাছত অইল ইণ্ডিয়া এফ চিয়ে কৌশল ৰচনা কৰি মণিপুৰৰ গ'ল বক্সৰ ভিতৰত অইল ইণ্ডিয়া এফ চিৰ ফৰৱাৰ্ড খেলুৱৈ জয়দীপ গগৈয়ে ২৩ মিনিটত সুন্দৰভাৱে বল ঠেলি দিয়াত সুদিপ্তই গ'লদি ১-১ গ'লত ড্ৰ কৰে।


ইয়াৰ পাছত পুনৰ অইল ইণ্ডিয়া এফ চি দলে ৪৫.২ মিনিটত তুল্য দাসৰ গ'লৰ দ্বাৰা ২-১ অগ্রগতি লাভ কৰে। প্ৰথমার্ধত অইল ইণ্ডিয়া আগবাঢ়ি থাকে যদিও দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰ ২ মিনিটত মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ দলৰ চেইলেনথাঙৰ ব্যক্তিগত দ্বিতীয়টো গ'লৰ দ্বাৰা ২-২ গ'লৰ সমতা স্থাপন কৰে। খেলৰ অন্তিম সময় ৯০ মিনিটত মণিপুৰৰ ফুটবল দলে লাভ কৰা ফ্রি কিক্ চেইলেনথাঙে লোৱা তীব্র বেগী শ্বট গ'ল হোৱাত মণিপুৰ দলটিয়ে ৩-২ গ'লত শেষ হাঁহি মাৰিবলৈ সক্ষম হোৱাৰ লগতে চাইলেনথাঙে ব্যক্তিগত তৃতীয়টো গ'ল কৰি হেটত্রিক কৰিবলৈ সক্ষম হয়।


উল্লেখযোগ্য যে যোৰহাটৰ এ টি পি এ শ্বিল্ড ফুটবলৰ ইতিহাসত সর্বমুঠ ২২বাৰ ফাইনেলত উপনীত, ১৫বাৰ চেম্পিয়ন, ৭বাৰ ৰানাৰআপ হোৱা অইল ইণ্ডিয়া এফ চি দল প্ৰথমবাৰৰ বাবে প্রথমখন খেলতে বিদায় লয়। শুকুৰবাৰে খেলৰ প্ৰাক্ষণত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱজ্যোতি গোহাঁইক দুয়ো দলৰ খেলুৱৈসকলৰ লগত পৰিচয় কৰাই দিয়ে। চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত জ্যোতি শইকীয়া সোঁৱৰণী শ্রেষ্ঠ খেলুৱৈ বঁটা অবিনাশ শইকীয়াই আগবঢ়োৱা ফুটবল ফৰ চেইঞ্জ মণিপুৰ দলৰ খেলুৱৈ চেইলেনথাঙক বঁটা প্ৰদান কৰে যোৰহাট জিলা ক্রীড়া বিষয়া ৰাহুল শৰ্মাই। ৰেফাৰী: সুমন্ত দত্ত। ২১ জুনৰ প্রথমখন ছেমি ফাইনেল খেলঃ যোৰহাট টাউন ক্লাব বনাম অসম ৰাইফলছ শ্বিলং। কিক্ অফঃ সন্ধিয়া ৬-৩০ বজাত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ