--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০ জুনত পেৰিছত অনুষ্ঠিত এই ইভেণ্টত নীৰজে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰে

ডিজিটেল ডেস্ক : পেৰিছ ডাইমণ্ড লীগ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টত ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই প্ৰথম স্থান লাভ কৰে।


২০ জুনত (শুকুৰবাৰে) পেৰিছত অনুষ্ঠিত এই ইভেণ্টত নীৰজে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰে। যোৱা দুখন প্ৰতিযোগিতাত ৱেবাৰৰ হাতত নীৰজ পৰাস্ত হৈছিল যদিও এতিয়া সেই দুখন পৰাজয়ৰ প্ৰতিশোধ ল’লে নীৰজে।


পেৰিছ ডাইমণ্ড লীগত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৮.১৬ মিটাৰ নিক্ষেপ কৰিছিল, যাৰ বাবে তেওঁ শীৰ্ষত ওলাই আহি শেষলৈকে অগ্ৰগতি বজাই ৰাখিছিল। তাৰ পিছত দ্বিতীয় প্ৰচেষ্টাত নীৰজে ৮৫.১০ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। নীৰজৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম প্ৰচেষ্টা ফাউল। আনহাতে ষষ্ঠ প্ৰচেষ্টাত তেওঁ ৮২.৮৯ মিটাৰ নিক্ষেপ কৰে।


ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই ২৪ জুনত অনুষ্ঠিত হ'বলগীয়া অ'ষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকছ মিটত খেলপথাৰত নামিব । চেক গণৰাজ্যত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । তাৰ পিছতে ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া নীৰজ চোপ্ৰা ক্লাছিকত তেওঁ উপস্থিত থাকিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ