--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০ জুনত পেৰিছত অনুষ্ঠিত এই ইভেণ্টত নীৰজে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰে

ডিজিটেল ডেস্ক : পেৰিছ ডাইমণ্ড লীগ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ ইভেণ্টত ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই প্ৰথম স্থান লাভ কৰে।


২০ জুনত (শুকুৰবাৰে) পেৰিছত অনুষ্ঠিত এই ইভেণ্টত নীৰজে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰে। যোৱা দুখন প্ৰতিযোগিতাত ৱেবাৰৰ হাতত নীৰজ পৰাস্ত হৈছিল যদিও এতিয়া সেই দুখন পৰাজয়ৰ প্ৰতিশোধ ল’লে নীৰজে।


পেৰিছ ডাইমণ্ড লীগত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাত ৮৮.১৬ মিটাৰ নিক্ষেপ কৰিছিল, যাৰ বাবে তেওঁ শীৰ্ষত ওলাই আহি শেষলৈকে অগ্ৰগতি বজাই ৰাখিছিল। তাৰ পিছত দ্বিতীয় প্ৰচেষ্টাত নীৰজে ৮৫.১০ মিটাৰ দূৰত্ব অতিক্ৰম কৰে। নীৰজৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম প্ৰচেষ্টা ফাউল। আনহাতে ষষ্ঠ প্ৰচেষ্টাত তেওঁ ৮২.৮৯ মিটাৰ নিক্ষেপ কৰে।


ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই ২৪ জুনত অনুষ্ঠিত হ'বলগীয়া অ'ষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকছ মিটত খেলপথাৰত নামিব । চেক গণৰাজ্যত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । তাৰ পিছতে ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'বলগীয়া নীৰজ চোপ্ৰা ক্লাছিকত তেওঁ উপস্থিত থাকিব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ