--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • খেলুৱৈ কেইগৰাকী প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে

ডিজিটেল ডেস্কঃ দুখ-দুৰ্দশাৰ আঁৰৰ পৰা ওলোৱা তিনি গৰাকী নৱ ঊদ্দীপ্ত এথলেটিছ প্ৰতিভা লক্ষীমপুৰৰ জুবিন গোঁহাই , চৰাইদেউৰ মেঘালী বুঢ়াগোঁহাই , নলবাৰীৰ ৰাজৰ্ষি বৰ্মনে সম্ভাৱনাৰ নতুন আখ্যান লিখি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত হৈছে JSW ৰ বেঙ্গালুৰুস্থিত (IIS )প্ৰশিক্ষণ ভূমিত আকোৱালি লৈছে অসমৰ তিনি সন্তানক।


তেওঁলোকে প্ৰমাণ দিছে সম্ভাৱনা মানে কেৱল প্ৰতিভাৰ পৰিচয়, অসমীয়াৰ আশা, উঠি অহা প্ৰজন্মৰ নতুন মানচিত্ৰ । দেশৰ আগশাৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠান জে এছ ডব্লিউ অধীনস্থ কৰ্ণাটক বিজয় নগৰৰ ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছ চমুকৈ আই আই এছত ৮ দিন ধৰি (২১ মে'ৰ পৰা ২৯ মে' পৰ্যন্ত)হৈছিল মুকলি বাচনি শিবিৰটো । আমন্ত্ৰিত অসমৰ এথলীটসকল আছিল -জুবিন গোহাঁই, মোহন বড়ো, মেঘালী বুঢ়াগোহাঁই, ধৃতিমা উজিৰ, অভিলাষা দত্ত আৰু ধৃতিমা ডেকা । ৰাজৰ্ষি বৰ্মনে জানুৱাৰী মাহত অনুষ্ঠিত আই আই এছত মুকলি বাচনিৰ দ্বাৰা চূড়ান্ত শিবিৰলৈ নিৰ্বাচিত হয় । 


খেলুৱৈ কেইগৰাকী প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে । ছগৰাকী খেলুৱৈ নিৰ্বাচিত হৈছিল খেল মহাৰাণ ২.০ ফাইনেলৰ পৰা ৷ খেলুৱৈসকলক চূড়ান্ত বাছনি কৰিবলৈ আহিছিল আই আই এছৰ টেলেণ্ট চাৰ্চ টিম । তেওলোক তিনিও অহা সাত আৰু ১৫ জুলাইৰ পৰা আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিব ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত