--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • খেলুৱৈ কেইগৰাকী প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে

ডিজিটেল ডেস্কঃ দুখ-দুৰ্দশাৰ আঁৰৰ পৰা ওলোৱা তিনি গৰাকী নৱ ঊদ্দীপ্ত এথলেটিছ প্ৰতিভা লক্ষীমপুৰৰ জুবিন গোঁহাই , চৰাইদেউৰ মেঘালী বুঢ়াগোঁহাই , নলবাৰীৰ ৰাজৰ্ষি বৰ্মনে সম্ভাৱনাৰ নতুন আখ্যান লিখি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত হৈছে JSW ৰ বেঙ্গালুৰুস্থিত (IIS )প্ৰশিক্ষণ ভূমিত আকোৱালি লৈছে অসমৰ তিনি সন্তানক।


তেওঁলোকে প্ৰমাণ দিছে সম্ভাৱনা মানে কেৱল প্ৰতিভাৰ পৰিচয়, অসমীয়াৰ আশা, উঠি অহা প্ৰজন্মৰ নতুন মানচিত্ৰ । দেশৰ আগশাৰীৰ ব্যৱসায়ী প্ৰতিষ্ঠান জে এছ ডব্লিউ অধীনস্থ কৰ্ণাটক বিজয় নগৰৰ ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছ চমুকৈ আই আই এছত ৮ দিন ধৰি (২১ মে'ৰ পৰা ২৯ মে' পৰ্যন্ত)হৈছিল মুকলি বাচনি শিবিৰটো । আমন্ত্ৰিত অসমৰ এথলীটসকল আছিল -জুবিন গোহাঁই, মোহন বড়ো, মেঘালী বুঢ়াগোহাঁই, ধৃতিমা উজিৰ, অভিলাষা দত্ত আৰু ধৃতিমা ডেকা । ৰাজৰ্ষি বৰ্মনে জানুৱাৰী মাহত অনুষ্ঠিত আই আই এছত মুকলি বাচনিৰ দ্বাৰা চূড়ান্ত শিবিৰলৈ নিৰ্বাচিত হয় । 


খেলুৱৈ কেইগৰাকী প্ৰেৰণ কৰিছিল ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে । ছগৰাকী খেলুৱৈ নিৰ্বাচিত হৈছিল খেল মহাৰাণ ২.০ ফাইনেলৰ পৰা ৷ খেলুৱৈসকলক চূড়ান্ত বাছনি কৰিবলৈ আহিছিল আই আই এছৰ টেলেণ্ট চাৰ্চ টিম । তেওলোক তিনিও অহা সাত আৰু ১৫ জুলাইৰ পৰা আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিব ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ