--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জিলাখনৰ ভূটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে৷ হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই ৷

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলাই আহিছে৷


জিলাখনৰ ভূটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে৷ হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই ৷ হাতী মানুহৰ সংঘাতত প্ৰতিবছৰে জিলাখনত ১৫/২০ গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ জীঘাংসাৰো বলি হ’ৱলগীয়া হৈছে বন্যহস্তী৷ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কোনো এখন চৰকাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ওদালগুৰিত ভয়ংকৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে । 


সম্প্ৰতি জিলাখনত বন্যহস্তীৰ মৃত্যুৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক৷ বিগত এক মাহৰ ভিতৰতে জিলাখনত ৪ টাকৈ বন্যহস্তীৰ অজ্ঞাত কাৰণ মৃত্যু ঘটিছে । 


বুধবাৰে ওদালগুৰিৰ আমজুলিৰ হাতীখুলিত উদ্ধাৰ হ’য় এটা হাতীৰ মৃতদেহ ৷ স্থানীয় ৰাইজে হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খৱৰ দিয়ে৷ ৰাইজৰ খৱৰৰ ভিত্তিত চিকিৎসক সহ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। প্ৰাপ্তবয়স্ক হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই৷


ভূটান সীমান্তৱৰ্তী অঞ্চলটোত ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু বেদখলৰ বাবেই তীব্ৰ খাদ্য সংকট আৰু বাসস্থানৰ অভাৱত বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহিছে৷ অঞ্চলটোৰ এলিফেণ্ট কৰিডৰ সমূহ দখল কৰি এচাম মানুহে বাসস্থান গঢ়ি তোলাৰ বাবেই এতিয়া অঞ্চলটোত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ। জিলাখনৰ হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বনবিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ভূক্তভোগী ৰাইজে ৷


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
১২ দিনত উপার্জন ২০ কোটি টকা, সফলতাৰ শিখৰত 'ৰৈ ৰৈ বিনালে'
ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী অঞ্চলত ভাৰতীয় জালনোটসহ এজন যুৱক আটক
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?