--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে ৰূপৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ২০২১ চনৰ পাছত সর্ববৃহৎ হাৰত হ্রাস পায়। এছিয়াৰ বজাৰত আজি সোণৰ দাম ২
  • ৯% আৰু ৰূপৰ দাম ২ শতাংশতকৈ অধিক হ্রাস পায়।

ডিজিটেল ডেস্কঃ দেশ অৰু বিদেশৰ বজাৰত সোণ আৰু ৰূপৰ দাম বৃহৎ 'হাৰত হ্রাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত মঙ্গলবাৰে প্রতি আউন্স সোণৰ দাম বিগত ১২ বছৰৰ ভিতৰত সৰ্বাধিক হাৰত হ্রাস পায়। মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম ৬.৭% হ্রাস পায়। 


আনহাতে ৰূপৰ দাম হ্রাস পায় ৮.৭%। মঙলবাৰে প্রতি আউন্সৰ সোণৰ দাম হয়গৈ ৪০০৪.২৬ ডলাৰ (প্রায় ৩৫৮,০৭৩.৪৯) টকা। আনহাতে ৰূপৰ দাম হয়গৈ প্রতি আউন্সত ৪৭.৬ ডলাৰ (প্রায় ৪,১৭৪.৬৪ টকা)। 


উল্লেখযোগ্য যে ৰূপৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ২০২১ চনৰ পাছত সর্ববৃহৎ হাৰত হ্রাস পায়। এছিয়াৰ বজাৰত আজি সোণৰ দাম ২.৯% আৰু ৰূপৰ দাম ২ শতাংশতকৈ অধিক হ্রাস পায়। 


উল্লেখযোগ্য যে চলিত বছৰত সোণ আৰু ৰূপৰ দাম ৫০% তকৈ অধিক হাৰত বৃদ্ধি পায়। ইয়াৰ ফলত দাম হঠাতে বৃহৎ হাৰত হ্রাস পোৱাৰ আশংকাও সৃষ্টি হৈছে। ইফালে ভাৰতৰ বজাৰতো সোণ আৰু ৰূপৰ দাম হ্রাস অব্যাহত আছে। ভাৰতীয় বজাৰত সোণৰ দাম যোৱা পাঁচ দিনৰ ভিতৰত ৫,৬৭৭ টকা হ্রাস পায়। 


আনহাতে ৰূপৰ দামে অভিলেখৰ সৃষ্টি কৰাৰ পাছৰ পৰা আজিলৈকে প্রায় ২৫,৫৯৯ টকা হ্রাস পাইছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ তথ্য মতে আজি ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ৩,৭২৬ টকা হ্রাস পাই ১,২৩,৯০৭ টকা হয়গৈ। ইয়াৰ আগতে যোৱা ১৭ অক্টোবৰত সোণৰ দাম সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰি প্রতি দহ গ্রামত ১,২৯,৫৮৪ টকা হৈছিল। ইফালে দেশৰ বজাৰত আজি প্রতি কেজি ৰূপৰ দাম ১০,৫৪৯ টকা হ্রাস পায়। ফলত প্রতি কেজিৰ দাম হয়গৈ ১,৫২,৫০১ টকা। ইয়াৰ আগতে যোৱা ১৪ অক্টোবৰত ৰূপৰ দামে অভিলেখৰ সৃষ্টি কৰে আৰু প্ৰতি কেজিৰ দাম হৈছিল ১,৭৮,১০০ টকা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ