--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে ৰূপৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ২০২১ চনৰ পাছত সর্ববৃহৎ হাৰত হ্রাস পায়। এছিয়াৰ বজাৰত আজি সোণৰ দাম ২
  • ৯% আৰু ৰূপৰ দাম ২ শতাংশতকৈ অধিক হ্রাস পায়।

ডিজিটেল ডেস্কঃ দেশ অৰু বিদেশৰ বজাৰত সোণ আৰু ৰূপৰ দাম বৃহৎ 'হাৰত হ্রাস পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত মঙ্গলবাৰে প্রতি আউন্স সোণৰ দাম বিগত ১২ বছৰৰ ভিতৰত সৰ্বাধিক হাৰত হ্রাস পায়। মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম ৬.৭% হ্রাস পায়। 


আনহাতে ৰূপৰ দাম হ্রাস পায় ৮.৭%। মঙলবাৰে প্রতি আউন্সৰ সোণৰ দাম হয়গৈ ৪০০৪.২৬ ডলাৰ (প্রায় ৩৫৮,০৭৩.৪৯) টকা। আনহাতে ৰূপৰ দাম হয়গৈ প্রতি আউন্সত ৪৭.৬ ডলাৰ (প্রায় ৪,১৭৪.৬৪ টকা)। 


উল্লেখযোগ্য যে ৰূপৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ২০২১ চনৰ পাছত সর্ববৃহৎ হাৰত হ্রাস পায়। এছিয়াৰ বজাৰত আজি সোণৰ দাম ২.৯% আৰু ৰূপৰ দাম ২ শতাংশতকৈ অধিক হ্রাস পায়। 


উল্লেখযোগ্য যে চলিত বছৰত সোণ আৰু ৰূপৰ দাম ৫০% তকৈ অধিক হাৰত বৃদ্ধি পায়। ইয়াৰ ফলত দাম হঠাতে বৃহৎ হাৰত হ্রাস পোৱাৰ আশংকাও সৃষ্টি হৈছে। ইফালে ভাৰতৰ বজাৰতো সোণ আৰু ৰূপৰ দাম হ্রাস অব্যাহত আছে। ভাৰতীয় বজাৰত সোণৰ দাম যোৱা পাঁচ দিনৰ ভিতৰত ৫,৬৭৭ টকা হ্রাস পায়। 


আনহাতে ৰূপৰ দামে অভিলেখৰ সৃষ্টি কৰাৰ পাছৰ পৰা আজিলৈকে প্রায় ২৫,৫৯৯ টকা হ্রাস পাইছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ তথ্য মতে আজি ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ৩,৭২৬ টকা হ্রাস পাই ১,২৩,৯০৭ টকা হয়গৈ। ইয়াৰ আগতে যোৱা ১৭ অক্টোবৰত সোণৰ দাম সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰি প্রতি দহ গ্রামত ১,২৯,৫৮৪ টকা হৈছিল। ইফালে দেশৰ বজাৰত আজি প্রতি কেজি ৰূপৰ দাম ১০,৫৪৯ টকা হ্রাস পায়। ফলত প্রতি কেজিৰ দাম হয়গৈ ১,৫২,৫০১ টকা। ইয়াৰ আগতে যোৱা ১৪ অক্টোবৰত ৰূপৰ দামে অভিলেখৰ সৃষ্টি কৰে আৰু প্ৰতি কেজিৰ দাম হৈছিল ১,৭৮,১০০ টকা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ