--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুৱা ১১ বজাত পৰ্যটকৰ বাবে মুকলি কৰিব লগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ডিজিটেল ডেস্কঃ এশিঙীয়া গঁড়ৰ বাবে বিশ্বপ্রসিদ্ধ পবিতৰা অভয়াৰণ্য এইবাৰ ২০২৫-২৬ বৰ্ষৰ বাবে আজি ২৩ অক্টোবৰত পুনৰ মুকলি কৰা হৈছে। জৈৱ-বৈচিত্র্যৰ অন্যতম আকৰ্ষণৰ থলী পবিতৰা অভয়াৰণ্য এইবাৰ বানপানীৰ প্ৰভাৱৰ বাবে অভয়াৰণ্যখনৰ অভ্যন্তৰত বাট-পথ সুচল নোহোৱাৰ বাবে এইবাৰ কিছু পলমকৈ মুকলি কৰিব লগীয়া হৈছে বুলি কয় অভয়াৰণ্য কর্তৃপক্ষই।


পুৱা ১১ বজাত পৰ্যটকৰ বাবে মুকলি কৰিব লগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আদিৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল।


অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে ২০২৪-২৫ বৰ্ষত পবিতৰালৈ আগমন ঘটিছিল ৩৪,৩৯০জন দেশী-বিদেশী পৰ্যটকৰ। এই পৰ্যটকসকলৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল মুঠ ৬১,২৬,৪২৫ টকা।


উল্লেখযোগ্য যে আগন্তুক সময়ত পবিতৰালৈ আগমন হ'বলগীয়া পৰ্যটকসকলৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই হাতী আৰু জীপ ছাফাৰী সন্থাই জীপ ছাফাৰীৰ বাবে সাজু হৈছে।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ