--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুৱা ১১ বজাত পৰ্যটকৰ বাবে মুকলি কৰিব লগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ডিজিটেল ডেস্কঃ এশিঙীয়া গঁড়ৰ বাবে বিশ্বপ্রসিদ্ধ পবিতৰা অভয়াৰণ্য এইবাৰ ২০২৫-২৬ বৰ্ষৰ বাবে আজি ২৩ অক্টোবৰত পুনৰ মুকলি কৰা হৈছে। জৈৱ-বৈচিত্র্যৰ অন্যতম আকৰ্ষণৰ থলী পবিতৰা অভয়াৰণ্য এইবাৰ বানপানীৰ প্ৰভাৱৰ বাবে অভয়াৰণ্যখনৰ অভ্যন্তৰত বাট-পথ সুচল নোহোৱাৰ বাবে এইবাৰ কিছু পলমকৈ মুকলি কৰিব লগীয়া হৈছে বুলি কয় অভয়াৰণ্য কর্তৃপক্ষই।


পুৱা ১১ বজাত পৰ্যটকৰ বাবে মুকলি কৰিব লগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আদিৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল।


অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে ২০২৪-২৫ বৰ্ষত পবিতৰালৈ আগমন ঘটিছিল ৩৪,৩৯০জন দেশী-বিদেশী পৰ্যটকৰ। এই পৰ্যটকসকলৰ পৰা ৰাজহ সংগ্ৰহ হৈছিল মুঠ ৬১,২৬,৪২৫ টকা।


উল্লেখযোগ্য যে আগন্তুক সময়ত পবিতৰালৈ আগমন হ'বলগীয়া পৰ্যটকসকলৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই হাতী আৰু জীপ ছাফাৰী সন্থাই জীপ ছাফাৰীৰ বাবে সাজু হৈছে।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ