--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰূপে ১১ বছৰ পূৰ্ণ কৰাক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে তেওঁক তীব্র আক্রমণ কৰে

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰূপে ১১ বছৰ পূৰ্ণ কৰাক লৈ কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে তেওঁক তীব্র আক্রমণ কৰে। খৰ্গেয়ে কয় যে তেওঁ কেতিয়াও ইমান মিছা কথা কোৱা এগৰাকী প্রধানমন্ত্রী দেখা নাই। 


বুধবাৰে কৰ্ণাটকৰ কালবুর্গীত সাংবাদিকৰ আগত খর্গেয়ে কয়, 'মই এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী দেখা নাই যি ইমান মিছা কথা কয়, ইমান ভুল কৰে, মানুহক ফান্দত পেলায়, যুৱসকলক প্ৰতাৰণা কৰে আৰু জনতাক ফান্দত পেলাই ভোট লয়। মই ৬৫ বছৰ ৰাজনীতিত আছোঁ। তেওঁ সকলোতে মিছা কথা কয়।' তদুপৰি খৰ্গেয়ে কয়, 'আমি যেতিয়া তেওঁক প্ৰশ্ন কৰোঁ, তেওঁৰ কোনো উত্তৰ নাথাকে, সেয়া বিমুদ্ৰাকৰণেই হওক, নিবনুৱা সমস্যাই হওক বা ন্যূনতম সমৰ্থন মূল্যই (এম এছ পি) হওক, তেনে বহু বিষয়-সমস্যা যিবোৰত তেওঁ কেতিয়াও স্বীকাৰ নকৰে তেওঁ জনতাক মিছা কথা ক'লে আৰু ভুল কৰিলে তথা তেওঁ ইয়াৰ বাবে কেতিয়াও ক্ষমা নোখোজে।' 


খর্গেয়ে আৰু অভিযোগ কৰে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১১টা বছৰত ৩৩টা ভুল কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কার্যকালৰ বাবে ২০২৪ চনৰ ৯ মে'ত শপত গ্রহণ কৰিছিল। যোৱা সোমবাৰে মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম বর্ষপূর্তি আৰু মোদীৰ প্রধানমন্ত্রীৰূপে একাদশ বর্ষপূর্তি আছিল ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement