--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ২ জুনৰ পৰা নৰৱে আৰু ডেনমার্কত পাঁচ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে উপস্থিত হ'ব। 

ভ্রমণত কেন্দ্রীয় মন্ত্ৰীজনে ভাৰতৰ সামুদ্রিক খণ্ডৰ আগশাৰীৰ প্ৰতিনিধিৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ প্রতিনিধিৰে গঠিত টীম ইণ্ডিয়াই প্রতিনিধি দলটোক নেতৃত্ব দিব।

এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্রীজনে অস্লোত অনুষ্ঠিত হ'বলগীয়া নৰ্-শ্বিপিং অনুষ্ঠানৰ ৬০ সংখ্যক সংস্কৰণত অংশ লৈ ভাৰত পেভিলিয়নৰ উদ্বোধন কৰিব। তদুপৰি, সোণোৱালে নৰৱেজিয়ান শ্বিপ'নাৰ্ছ এছ'চিয়েশ্যন, ইণ্ডো ডেনিছ বিজনেছ ৰাউণ্ডটেবলৰ দৰে গুৰুত্বপূৰ্ণ ব্যাবসায়িক গোটৰ সৈতে আৰু জাপান, নৰৱেৰ প্ৰতিনিধিৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব।

সোণোৱালে কয়, 'নৰৱে আৰু ডেনমাৰ্কৰ মোৰ ভ্ৰমণৰ লক্ষ্য হৈছে ভাৰতৰ বাবে সামুদ্রিক খণ্ডত পাৰস্পৰিক শক্তিশালী, ভবিষ্যতৰ বাবে সাজু অংশীদাৰিত্ব গঢ়ি তোলা।'
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ