--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ২ জুনৰ পৰা নৰৱে আৰু ডেনমার্কত পাঁচ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে উপস্থিত হ'ব। 

ভ্রমণত কেন্দ্রীয় মন্ত্ৰীজনে ভাৰতৰ সামুদ্রিক খণ্ডৰ আগশাৰীৰ প্ৰতিনিধিৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ প্রতিনিধিৰে গঠিত টীম ইণ্ডিয়াই প্রতিনিধি দলটোক নেতৃত্ব দিব।

এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্রীজনে অস্লোত অনুষ্ঠিত হ'বলগীয়া নৰ্-শ্বিপিং অনুষ্ঠানৰ ৬০ সংখ্যক সংস্কৰণত অংশ লৈ ভাৰত পেভিলিয়নৰ উদ্বোধন কৰিব। তদুপৰি, সোণোৱালে নৰৱেজিয়ান শ্বিপ'নাৰ্ছ এছ'চিয়েশ্যন, ইণ্ডো ডেনিছ বিজনেছ ৰাউণ্ডটেবলৰ দৰে গুৰুত্বপূৰ্ণ ব্যাবসায়িক গোটৰ সৈতে আৰু জাপান, নৰৱেৰ প্ৰতিনিধিৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব।

সোণোৱালে কয়, 'নৰৱে আৰু ডেনমাৰ্কৰ মোৰ ভ্ৰমণৰ লক্ষ্য হৈছে ভাৰতৰ বাবে সামুদ্রিক খণ্ডত পাৰস্পৰিক শক্তিশালী, ভবিষ্যতৰ বাবে সাজু অংশীদাৰিত্ব গঢ়ি তোলা।'
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত