--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়াৰ পৰা বাংলাদেশৰ এই সামগ্রীবোৰ মহাৰাষ্ট্রৰ নাভা সেৱা সাগৰীয় বন্দৰেদিহে ভাৰতত প্রৱেশৰ অনুমতি দিয়া হৈছে

ডিজিটেল ডেস্ক : দুই চুবুৰীয়া দেশৰ মাজত কূটনৈতিক সম্পর্ক অধিক অৱনতি ঘটাৰ মাজতে ভাবতে বাংলাদেশৰ বিৰুদ্ধে আন এক নিষেধাজ্ঞা আৰোপ কৰিছে। বাংলাদেশৰ মৰাপাট সামগ্রী আৰু বয়ন বস্তু সামগ্রী আমদানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিছে।


শুকুৰবাৰে ভাৰতৰ বৈদেশিক বাণিজ্যৰ সঞ্চালকালয়ে (ডি জি এফ টি) এখন অধিসূচনা জাৰি কৰি কয় যে এতিয়াৰ পৰা বাংলাদেশৰ এই সামগ্রীবোৰ মহাৰাষ্ট্রৰ নাভা সেৱা সাগৰীয় বন্দৰেদিহে ভাৰতত প্রৱেশৰ অনুমতি দিয়া হৈছে।


ভাৰত বাংলাদেশ সীমান্তৰ মাজৰ যিকোনো ভাৰতীয় ভূমিৰে বাংলাদেশৰ সামগ্রী ভাৰতলৈ আমদানি কৰাত অনুমতি দিয়া নহ'ব। ডিজি এফ টিয়ে অধিসূচনাখনত কয় যে এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলবৎ হ'ব। বাংলাদেশে ভাৰতলৈ আমদানি কৰা মৰাপাটৰ সামগ্রীসমূহৰ বৃহৎ পৰিষৰ মৰাপাটৰ আঁহ, মৰাপাটৰ বছী, বিভিন্ন প্ৰকাৰৰ বয়ন শিল্প, জুট ফেব্রিক আদিৰ আমদানিত এই নিষেধাজ্ঞাই প্রভাৱ পেলাব। আনহাতে, ভাৰতৰ জৰিয়তে নেপাল অথবা ভূটানক বাংলাদেশে ৰপ্তানি কৰাৰ ক্ষেত্রত এই নিষেধাজ্ঞা প্রযোজ্য নহ'ব বুলি ডি জি এফ টিয়ে স্পষ্ট কৰি দিয়ে।


কিন্তু সেই একেই সামগ্রী ভাৰতলৈ নেপাল আৰু ভুটানৰ পৰা বাংলাদেশে ৰপ্তানি কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে শেহতীয়া মাহবোৰত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে কেইবাটাও বাণিজ্য নিষেধাজ্ঞা আৰোপ কৰিছে। শেহতীয়াকৈ বাংলাদেশৰ অৰ্থনীতিৰ আন এক গুৰুত্বপূর্ণ সামগ্রী আমদানি কৰাটো বন্ধ কৰি ভাৰতে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰখনক আন এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ