--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়াৰ পৰা বাংলাদেশৰ এই সামগ্রীবোৰ মহাৰাষ্ট্রৰ নাভা সেৱা সাগৰীয় বন্দৰেদিহে ভাৰতত প্রৱেশৰ অনুমতি দিয়া হৈছে

ডিজিটেল ডেস্ক : দুই চুবুৰীয়া দেশৰ মাজত কূটনৈতিক সম্পর্ক অধিক অৱনতি ঘটাৰ মাজতে ভাবতে বাংলাদেশৰ বিৰুদ্ধে আন এক নিষেধাজ্ঞা আৰোপ কৰিছে। বাংলাদেশৰ মৰাপাট সামগ্রী আৰু বয়ন বস্তু সামগ্রী আমদানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰিছে।

শুকুৰবাৰে ভাৰতৰ বৈদেশিক বাণিজ্যৰ সঞ্চালকালয়ে (ডি জি এফ টি) এখন অধিসূচনা জাৰি কৰি কয় যে এতিয়াৰ পৰা বাংলাদেশৰ এই সামগ্রীবোৰ মহাৰাষ্ট্রৰ নাভা সেৱা সাগৰীয় বন্দৰেদিহে ভাৰতত প্রৱেশৰ অনুমতি দিয়া হৈছে।

ভাৰত বাংলাদেশ সীমান্তৰ মাজৰ যিকোনো ভাৰতীয় ভূমিৰে বাংলাদেশৰ সামগ্রী ভাৰতলৈ আমদানি কৰাত অনুমতি দিয়া নহ'ব। ডিজি এফ টিয়ে অধিসূচনাখনত কয় যে এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলবৎ হ'ব। বাংলাদেশে ভাৰতলৈ আমদানি কৰা মৰাপাটৰ সামগ্রীসমূহৰ বৃহৎ পৰিষৰ মৰাপাটৰ আঁহ, মৰাপাটৰ বছী, বিভিন্ন প্ৰকাৰৰ বয়ন শিল্প, জুট ফেব্রিক আদিৰ আমদানিত এই নিষেধাজ্ঞাই প্রভাৱ পেলাব। আনহাতে, ভাৰতৰ জৰিয়তে নেপাল অথবা ভূটানক বাংলাদেশে ৰপ্তানি কৰাৰ ক্ষেত্রত এই নিষেধাজ্ঞা প্রযোজ্য নহ'ব বুলি ডি জি এফ টিয়ে স্পষ্ট কৰি দিয়ে।

কিন্তু সেই একেই সামগ্রী ভাৰতলৈ নেপাল আৰু ভুটানৰ পৰা বাংলাদেশে ৰপ্তানি কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে শেহতীয়া মাহবোৰত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে কেইবাটাও বাণিজ্য নিষেধাজ্ঞা আৰোপ কৰিছে। শেহতীয়াকৈ বাংলাদেশৰ অৰ্থনীতিৰ আন এক গুৰুত্বপূর্ণ সামগ্রী আমদানি কৰাটো বন্ধ কৰি ভাৰতে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰখনক আন এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ