--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা চাৰি বছৰত ৫২টা প্ৰতিৰক্ষা কৃত্রিম উপগ্রহ মহাকাশত উৎক্ষেপণ কৰিব। এই প্রতিৰক্ষা নিৰীক্ষণ উপগ্রহকেইটাই পাকিস্তান আৰু চীন সীমান্তত অহর্নিশে চকু ৰাখিব।

ডিজিটেল ডেস্ক : অপাৰেশ্যন সিন্দূৰৰ পাছত ভাৰতে এতিয়া মহাকাশত সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ লৈছে।


চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা চাৰি বছৰত ৫২টা প্ৰতিৰক্ষা কৃত্রিম উপগ্রহ মহাকাশত উৎক্ষেপণ কৰিব। এই প্রতিৰক্ষা নিৰীক্ষণ উপগ্রহকেইটাই পাকিস্তান আৰু চীন সীমান্তত অহর্নিশে চকু ৰাখিব। এই কৃত্রিম উপগ্রহবোৰ কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত হ'ব।


প্রায় ৩৬ হাজাৰ কিল'মিটাৰ উচ্চতাত এই কৃত্রিম উপগ্ৰহবোৰে নিজৰ মাজত যোগাযোগ ৰক্ষা কৰিব আৰু ইয়াৰ ফলত পৃথিৱীলৈ সংকেত তথা বার্তা-ফটো প্ৰেৰণ কৰাটো সহজ হৈ পৰিব। এই সমগ্ৰ অভিযানটো প্ৰতিৰক্ষা মহাকাশ এজেন্সিৰ অধীনত চলোৱা হ'ব। ইয়াৰ বাবে চৰকাৰে স্পেচ-বেছড ছার্ভিলান্স ফেজ-৩ আঁচনি আৰম্ভ কৰিব। ইয়াৰ বাবে ২৬,৯৬৮ কোটি টকাৰ বাজেট ধার্য কৰা হৈছে। এই আঁচনিত যোৱা বছৰ অক্টোবৰত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছিল।



এই আঁচনিৰ অধীনত ২১টা কৃত্রিম উপগ্রহ ভাৰতীয় মহাকাশ গবেষণা সংস্থাই নির্মাণ তথা উৎক্ষেপণ আৰু বাকী ৩১টা ভাৰতৰ তিনিটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে নির্মাণ কৰিব। প্রথমটো কৃত্রিম উপগ্রহ অহা বছৰ এপ্রিলত উৎক্ষেপণৰ লক্ষ্য লোৱা হৈছে। এই উপগ্রহসমূহ পৃথিবীৰ নিম্ন কক্ষপথত আৰু জিয় 'ষ্টেছনেৰী কক্ষপথত উৎক্ষেপণ কৰা হ'ব। এই উপগ্রহবোৰে ভাৰত-পাকিস্তান তথা চীন সীমান্তৰ পৰা ভাৰত মহাসাগৰলৈকে চকু ৰাখিব পাৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি