--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা চাৰি বছৰত ৫২টা প্ৰতিৰক্ষা কৃত্রিম উপগ্রহ মহাকাশত উৎক্ষেপণ কৰিব। এই প্রতিৰক্ষা নিৰীক্ষণ উপগ্রহকেইটাই পাকিস্তান আৰু চীন সীমান্তত অহর্নিশে চকু ৰাখিব।

ডিজিটেল ডেস্ক : অপাৰেশ্যন সিন্দূৰৰ পাছত ভাৰতে এতিয়া মহাকাশত সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ লৈছে।


চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা চাৰি বছৰত ৫২টা প্ৰতিৰক্ষা কৃত্রিম উপগ্রহ মহাকাশত উৎক্ষেপণ কৰিব। এই প্রতিৰক্ষা নিৰীক্ষণ উপগ্রহকেইটাই পাকিস্তান আৰু চীন সীমান্তত অহর্নিশে চকু ৰাখিব। এই কৃত্রিম উপগ্রহবোৰ কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত হ'ব।


প্রায় ৩৬ হাজাৰ কিল'মিটাৰ উচ্চতাত এই কৃত্রিম উপগ্ৰহবোৰে নিজৰ মাজত যোগাযোগ ৰক্ষা কৰিব আৰু ইয়াৰ ফলত পৃথিৱীলৈ সংকেত তথা বার্তা-ফটো প্ৰেৰণ কৰাটো সহজ হৈ পৰিব। এই সমগ্ৰ অভিযানটো প্ৰতিৰক্ষা মহাকাশ এজেন্সিৰ অধীনত চলোৱা হ'ব। ইয়াৰ বাবে চৰকাৰে স্পেচ-বেছড ছার্ভিলান্স ফেজ-৩ আঁচনি আৰম্ভ কৰিব। ইয়াৰ বাবে ২৬,৯৬৮ কোটি টকাৰ বাজেট ধার্য কৰা হৈছে। এই আঁচনিত যোৱা বছৰ অক্টোবৰত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছিল।



এই আঁচনিৰ অধীনত ২১টা কৃত্রিম উপগ্রহ ভাৰতীয় মহাকাশ গবেষণা সংস্থাই নির্মাণ তথা উৎক্ষেপণ আৰু বাকী ৩১টা ভাৰতৰ তিনিটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে নির্মাণ কৰিব। প্রথমটো কৃত্রিম উপগ্রহ অহা বছৰ এপ্রিলত উৎক্ষেপণৰ লক্ষ্য লোৱা হৈছে। এই উপগ্রহসমূহ পৃথিবীৰ নিম্ন কক্ষপথত আৰু জিয় 'ষ্টেছনেৰী কক্ষপথত উৎক্ষেপণ কৰা হ'ব। এই উপগ্রহবোৰে ভাৰত-পাকিস্তান তথা চীন সীমান্তৰ পৰা ভাৰত মহাসাগৰলৈকে চকু ৰাখিব পাৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ