--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ হোৱা দুই যমজ ভাতৃৰ মৃতদেহ পিছত উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্কঃ আজি ৰঙালী বিহুৰ প্ৰথম দিন অৰ্থাৎ গৰু বিহু। আনন্দ- উল্লাহৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। 


গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ হোৱা দুই যমজ ভাতৃৰ মৃতদেহ পিছত উদ্ধাৰ কৰা হয়। মৃত দুয়ো ভাতৃ হৈছে মৰনৈ থানাৰ অন্তৰ্গত টেঙাবাৰী গাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ। গৰু বিহুৰ পৰম্পৰা অনুসৰি গৰু সমূহক স্নান কৰাবলৈ দুয়ো ভাতৃ কৃষ্ণাই নৈত গৈছিল, কিন্তু দুখজনকভাৱে পানীত ডুবি মৃত্যুক সাৱটি লয়।


ঘটনাৰ পিছতে কৃষ্ণাই আৰক্ষী আৰু SDRF-ৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই দুয়ো ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


ইফালে স্থানীয় ৰাইজে এই ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি কৃষ্ণাই নৈত অবৈধভাৱে বালি খনন চলি থকাৰ ফলত নৈখনত গভীৰ গাঁতৰ সৃষ্টি হৈছে, যাৰ বাবেই এই দুখজনক ঘটনাটো সংঘটিত হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে এই অবৈধ বালি খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা তেওঁলোকে নিজে ব্যৱস্থা ল’ব বুলি কঠোৰ সতৰ্কবাণীও প্ৰদান কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ