--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ হোৱা দুই যমজ ভাতৃৰ মৃতদেহ পিছত উদ্ধাৰ কৰা হয়।

ডিজিটেল ডেস্কঃ আজি ৰঙালী বিহুৰ প্ৰথম দিন অৰ্থাৎ গৰু বিহু। আনন্দ- উল্লাহৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলত সংঘটিত হৈছে এক কৰুণ ঘটনা। 


গৰু গা ধোৱাবলৈ গৈ কৃষ্ণাই নৈত নিৰুদ্দেশ হোৱা দুই যমজ ভাতৃৰ মৃতদেহ পিছত উদ্ধাৰ কৰা হয়। মৃত দুয়ো ভাতৃ হৈছে মৰনৈ থানাৰ অন্তৰ্গত টেঙাবাৰী গাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰ দীপাংকৰ নাথ আৰু দেৱাশীস নাথ। গৰু বিহুৰ পৰম্পৰা অনুসৰি গৰু সমূহক স্নান কৰাবলৈ দুয়ো ভাতৃ কৃষ্ণাই নৈত গৈছিল, কিন্তু দুখজনকভাৱে পানীত ডুবি মৃত্যুক সাৱটি লয়।


ঘটনাৰ পিছতে কৃষ্ণাই আৰক্ষী আৰু SDRF-ৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলাই দুয়ো ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


ইফালে স্থানীয় ৰাইজে এই ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি কৃষ্ণাই নৈত অবৈধভাৱে বালি খনন চলি থকাৰ ফলত নৈখনত গভীৰ গাঁতৰ সৃষ্টি হৈছে, যাৰ বাবেই এই দুখজনক ঘটনাটো সংঘটিত হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে এই অবৈধ বালি খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা তেওঁলোকে নিজে ব্যৱস্থা ল’ব বুলি কঠোৰ সতৰ্কবাণীও প্ৰদান কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ