--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰখনত পৰম্পৰাগতভাৱে 'মালা সেৱা' অনুষ্ঠান অতি ভক্তিভাৱে পালন কৰা হয়।

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি এতিয়া অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। ইয়াৰ মাজতে সত্ৰনগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰতো উলহ-মালহেৰে পালন কৰা হৈছে অসমীয়াৰ নৱবৰ্ষ তথা ৰঙালী বিহু। আধ্যাত্মিক পৰিৱেশ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে সত্ৰত বিহু উদযাপন কৰা হয়।


আনহাতে, নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰখনত পৰম্পৰাগতভাৱে 'মালা সেৱা' অনুষ্ঠান অতি ভক্তিভাৱে পালন কৰা হয়। সত্ৰৰ সমূহ বৈষ্ণৱ একত্ৰিত হৈ গুৰুৰ চৰণত এই মালা অৰ্পণ কৰে। এগৰাকী সত্ৰ বৈষ্ণৱে জানিবলৈ দিয়া মতে, সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা চলি অহা এই পৰম্পৰা আজিও অব্যাহত আছে। এই বিশেষ মালাধাৰী যজ্ঞ ডিমৰু পাত, তুলসী পাত আৰু ভীমকলৰ আহেৰে প্ৰস্তুত কৰা হয় বুলিও তেখেতে উল্লেখ কৰে। 


অসমীয়া নৱবৰ্ষৰ এই পবিত্ৰ ক্ষণত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে ৰাইজলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰি তেখেতে সমাজত শান্তি, ভাতৃত্ববোধ আৰু আধ্যাত্মিক চিন্তাৰ প্ৰসাৰ কামনা কৰে। মানৱ জীৱনত আধ্যাত্মিক জ্ঞানৰ গুৰুত্বৰ কথা উল্লেখ কৰি সত্ৰাধিকাৰগৰাকীয়ে সকলোৰে সৰ্বাঙ্গীন কুশল আৰু এক আনন্দময় নৱবৰ্ষৰ বাবে প্ৰাৰ্থনা জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ