--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰখনত পৰম্পৰাগতভাৱে 'মালা সেৱা' অনুষ্ঠান অতি ভক্তিভাৱে পালন কৰা হয়।

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি এতিয়া অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। ইয়াৰ মাজতে সত্ৰনগৰী মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰতো উলহ-মালহেৰে পালন কৰা হৈছে অসমীয়াৰ নৱবৰ্ষ তথা ৰঙালী বিহু। আধ্যাত্মিক পৰিৱেশ আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে সত্ৰত বিহু উদযাপন কৰা হয়।


আনহাতে, নৱবৰ্ষৰ আৰম্ভণিতে সত্ৰখনত পৰম্পৰাগতভাৱে 'মালা সেৱা' অনুষ্ঠান অতি ভক্তিভাৱে পালন কৰা হয়। সত্ৰৰ সমূহ বৈষ্ণৱ একত্ৰিত হৈ গুৰুৰ চৰণত এই মালা অৰ্পণ কৰে। এগৰাকী সত্ৰ বৈষ্ণৱে জানিবলৈ দিয়া মতে, সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা চলি অহা এই পৰম্পৰা আজিও অব্যাহত আছে। এই বিশেষ মালাধাৰী যজ্ঞ ডিমৰু পাত, তুলসী পাত আৰু ভীমকলৰ আহেৰে প্ৰস্তুত কৰা হয় বুলিও তেখেতে উল্লেখ কৰে। 


অসমীয়া নৱবৰ্ষৰ এই পবিত্ৰ ক্ষণত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে ৰাইজলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰি তেখেতে সমাজত শান্তি, ভাতৃত্ববোধ আৰু আধ্যাত্মিক চিন্তাৰ প্ৰসাৰ কামনা কৰে। মানৱ জীৱনত আধ্যাত্মিক জ্ঞানৰ গুৰুত্বৰ কথা উল্লেখ কৰি সত্ৰাধিকাৰগৰাকীয়ে সকলোৰে সৰ্বাঙ্গীন কুশল আৰু এক আনন্দময় নৱবৰ্ষৰ বাবে প্ৰাৰ্থনা জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ