--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়াৰ পাছতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম ইৰানৰ বজাৰখনত অসমৰ চাহেও এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে যদিও সাম্প্রতিক ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত অসমৰ চাহ উদ্যোগৰ বাবেও গুৰুতৰ প্ৰত্যাহ্বানে দেখা দিছে

ডিজিটেল ডেস্ক : ইৰান-ইজৰাইলৰ সাম্প্ৰতিক যুদ্ধৰ ফলত ভাৰতীয় চাহৰ বজাৰখন বিশেষকৈ বিশ্বৰ ভিতৰতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম ইৰানলৈ কৰা ৰপ্তানি সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।


ভাৰতীয় চাহ ব'ৰ্ডৰ সূত্ৰ অনুসৰি, ইৰানলৈ চাহ ৰপ্তানিৰ ক্ষেত্ৰত ২০২৩-২৪ বর্ষত সফলতা লাভ কৰাৰ পাছত ভাৰতীয় চাহৰ ৰপ্তানিয়ে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হোৱাৰ সময়তে আকস্মিকভাৱে আহি পৰা যুদ্ধৰ বিভীষিকাই ভাৰতীয় চাহৰ বজাৰখনলৈ গভীৰ সংকট মাতি আনিছে। উল্লেখযোগ্য যে ৰাছিয়াৰ পাছতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম ইৰানৰ বজাৰখনত অসমৰ চাহেও এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে যদিও সাম্প্রতিক ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত অসমৰ চাহ উদ্যোগৰ বাবেও গুৰুতৰ প্ৰত্যাহ্বানে দেখা দিছে।


এই সন্দর্ভত 'দৈনিক জনমভূমি'ৰ তৰফৰ পৰা অসম চাহ খেতিয়ক সংস্থা চমুকৈ এ টি পি এৰ অধ্যক্ষ, বিশিষ্ট চাহ উদ্যোগী সমুদ্ৰ প্ৰসাদ বৰুৱাৰ সৈতে যোগাযোগ কৰাত তেওঁ যুদ্ধৰ বাবে অসমৰ চাহ উদ্যোগৰ ওপৰতো অভাৱনীয় গতিত প্ৰভাৱ পৰিছে বুলি জানিবলৈ দিয়ে। এই প্রসংগত তেওঁ জানিবলৈ দিয়ে যে যুদ্ধৰ ঠিক আগে আগে যোৱা সপ্তাহত কলকাতাৰ চাহ নিলাম বজাৰত ইৰানলৈ পঠাবৰ বাবে প্রায় ১৫০ কোটি টকাৰ ভাৰতীয় চাহৰ যি চুক্তি হৈছিল, সেই চাহখিনিও এতিয়া মুম্বাইৰ বন্দৰতে পৰি ৰৈছে। ইফালে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দেশৰ চাহ উদ্যোগক উৎসাহ দিবৰ বাবে প্রায় ৬৫০ কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ সময়তে ইয়াৰ এটা অংশ অর্থডক্স চাহ উৎপাদনৰ বাবেও আগবঢ়াইছিল আৰু ইয়াৰ সুফল অসমৰ চাহ খেতিয়কেও লাভ কৰিছিল।


তদুপৰি অসম চৰকাৰেও অৰ্থডক্স চাহৰ প্ৰতি কিঃগ্রাঃৰ বাবে ১০ টকাকৈ ৰাজসাহায্যও আগবঢ়াইছিল। কিন্তু সাম্প্রতিক যুদ্ধৰ ফলত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে অসমৰ চাহ খেতিয়কসকলো গুৰুতৰ সংকটৰ সন্মুখীন হৈছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইৰানে প্ৰধানকৈ অসম, দার্জিলিং আৰু দুৱাৰছ অঞ্চলত উৎপাদন হোৱা চাহ আমদানি কৰে। আটাইতকৈ লক্ষণীয় দিশটো হ'ল যে অসমৰ পৰাই সর্বাধিক ৮০ শতাংশ চাহ ৰপ্তানি কৰা হয় ইৰানলৈ।



অসমৰ পৰা যোৱা এনে বৃহৎ পৰিমাণৰ চাহৰ ভিতৰত সৰহভাগেই অর্থডক্স চাহ আৰু এতিয়া যুদ্ধৰ ফলত হঠাতে ৰপ্তানি বন্ধ হৈ পৰাত অসমৰ চাহখণ্ডই সর্বাধিক ক্ষতিগ্রস্ত হৈ পৰিছে। অন্যহাতে, যুদ্ধৰ আগৰ অৰ্ডাৰৰ চাহো ইৰানলৈ পঠোৱাৰ সকলোবোৰ পথেই বন্ধ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ