--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাছিয়াৰ পাছতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম ইৰানৰ বজাৰখনত অসমৰ চাহেও এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে যদিও সাম্প্রতিক ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত অসমৰ চাহ উদ্যোগৰ বাবেও গুৰুতৰ প্ৰত্যাহ্বানে দেখা দিছে

ডিজিটেল ডেস্ক : ইৰান-ইজৰাইলৰ সাম্প্ৰতিক যুদ্ধৰ ফলত ভাৰতীয় চাহৰ বজাৰখন বিশেষকৈ বিশ্বৰ ভিতৰতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম ইৰানলৈ কৰা ৰপ্তানি সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।


ভাৰতীয় চাহ ব'ৰ্ডৰ সূত্ৰ অনুসৰি, ইৰানলৈ চাহ ৰপ্তানিৰ ক্ষেত্ৰত ২০২৩-২৪ বর্ষত সফলতা লাভ কৰাৰ পাছত ভাৰতীয় চাহৰ ৰপ্তানিয়ে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হোৱাৰ সময়তে আকস্মিকভাৱে আহি পৰা যুদ্ধৰ বিভীষিকাই ভাৰতীয় চাহৰ বজাৰখনলৈ গভীৰ সংকট মাতি আনিছে। উল্লেখযোগ্য যে ৰাছিয়াৰ পাছতে ভাৰতীয় চাহৰ দ্বিতীয় বৃহত্তম ইৰানৰ বজাৰখনত অসমৰ চাহেও এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে যদিও সাম্প্রতিক ইৰান-ইজৰাইলৰ যুদ্ধৰ ফলত অসমৰ চাহ উদ্যোগৰ বাবেও গুৰুতৰ প্ৰত্যাহ্বানে দেখা দিছে।


এই সন্দর্ভত 'দৈনিক জনমভূমি'ৰ তৰফৰ পৰা অসম চাহ খেতিয়ক সংস্থা চমুকৈ এ টি পি এৰ অধ্যক্ষ, বিশিষ্ট চাহ উদ্যোগী সমুদ্ৰ প্ৰসাদ বৰুৱাৰ সৈতে যোগাযোগ কৰাত তেওঁ যুদ্ধৰ বাবে অসমৰ চাহ উদ্যোগৰ ওপৰতো অভাৱনীয় গতিত প্ৰভাৱ পৰিছে বুলি জানিবলৈ দিয়ে। এই প্রসংগত তেওঁ জানিবলৈ দিয়ে যে যুদ্ধৰ ঠিক আগে আগে যোৱা সপ্তাহত কলকাতাৰ চাহ নিলাম বজাৰত ইৰানলৈ পঠাবৰ বাবে প্রায় ১৫০ কোটি টকাৰ ভাৰতীয় চাহৰ যি চুক্তি হৈছিল, সেই চাহখিনিও এতিয়া মুম্বাইৰ বন্দৰতে পৰি ৰৈছে। ইফালে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দেশৰ চাহ উদ্যোগক উৎসাহ দিবৰ বাবে প্রায় ৬৫০ কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ সময়তে ইয়াৰ এটা অংশ অর্থডক্স চাহ উৎপাদনৰ বাবেও আগবঢ়াইছিল আৰু ইয়াৰ সুফল অসমৰ চাহ খেতিয়কেও লাভ কৰিছিল।


তদুপৰি অসম চৰকাৰেও অৰ্থডক্স চাহৰ প্ৰতি কিঃগ্রাঃৰ বাবে ১০ টকাকৈ ৰাজসাহায্যও আগবঢ়াইছিল। কিন্তু সাম্প্রতিক যুদ্ধৰ ফলত উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে অসমৰ চাহ খেতিয়কসকলো গুৰুতৰ সংকটৰ সন্মুখীন হৈছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইৰানে প্ৰধানকৈ অসম, দার্জিলিং আৰু দুৱাৰছ অঞ্চলত উৎপাদন হোৱা চাহ আমদানি কৰে। আটাইতকৈ লক্ষণীয় দিশটো হ'ল যে অসমৰ পৰাই সর্বাধিক ৮০ শতাংশ চাহ ৰপ্তানি কৰা হয় ইৰানলৈ।



অসমৰ পৰা যোৱা এনে বৃহৎ পৰিমাণৰ চাহৰ ভিতৰত সৰহভাগেই অর্থডক্স চাহ আৰু এতিয়া যুদ্ধৰ ফলত হঠাতে ৰপ্তানি বন্ধ হৈ পৰাত অসমৰ চাহখণ্ডই সর্বাধিক ক্ষতিগ্রস্ত হৈ পৰিছে। অন্যহাতে, যুদ্ধৰ আগৰ অৰ্ডাৰৰ চাহো ইৰানলৈ পঠোৱাৰ সকলোবোৰ পথেই বন্ধ হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ