--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে দেৰগাঁৱৰ সমীপৰ ৰঙামাটি আৰু কলিয়াবৰৰ সমীপৰ চুলুঙত দুখনকৈ টোলগে'ট মুকলি কৰিছিল।

ডিজিটেল ডেস্ক : জানুৱাৰী মাহত দুখনকৈ টোল গেট মুকলি কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে পুনৰ ৰাজ্যত আন তিনিখন টোলগে'ট মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে আন এখন টোলগে'ট স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছে। যাৰ ফলত উজনি অসমলৈ গাড়ী লৈ অহা-যোৱা কৰা লোকসকলে অতিৰিক্ত ধন ভৰিব লাগিব।



উল্লেখযোগ্য যে যোৱা জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে দেৰগাঁৱৰ সমীপৰ ৰঙামাটি আৰু কলিয়াবৰৰ সমীপৰ চুলুঙত দুখনকৈ টোলগে'ট মুকলি কৰিছিল। এই দুয়োখন টোলগেট মুকলি কৰাৰ লগে লগে অসমত কাৰ্যকৰী হৈ থকা টোলগে'টৰ সংখ্যা বাৰখনলৈ বৃদ্ধি পাইছিল। কিন্তু ইমানবোৰ টোলগেট কাৰ্যকৰী হৈ থকাৰ পাছতো কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিৰ সমীপত ৰটুৱাত এখন, গহপুৰৰ সমীপত এখন আৰু খোৱাঙৰ ৰঙালাও বজাৰৰ কাষত এখন টোলগে'ট মুকলি কৰাৰ সিদ্ধান্ত লৈছে। 


ইতিমধ্যে এই তিনিখন টোলগে'ট মুকলি কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰি জাঁজী-ডিমৌৰ মাজতো অনাগত দিনত আন এখন টোলগে'ট স্থাপন কৰা হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে চাৰিলেনযুক্ত পথত প্রথমে টোলগে'ট মুকলি কৰাৰ পাছত পৰৱৰ্তী সময়ত দুই লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো টোলগে'ট স্থাপন কৰা হব। আনহাতে, শদিয়াৰ পৰা ধুবুৰীলৈকে সৰ্বমুঠ ২৭খন টোলগে'ট হ'ব বুলি জনাই সূত্ৰটোৱে লগতে কয় যে অসমত স্থাপন কৰা টোলগে'টসমূহ আধুনিক কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা তিনি বছৰত ৰাজ্যত টোল মাচুলৰ নামত মুঠ ১৪৯৯.৯৫ কোটি টকা সংগ্ৰহ কৰিছে। প্ৰতিবছৰে সংগ্ৰহ কৰা টোল মাচুলৰ পৰিমাণো বৃদ্ধি পাইছে। তথ্য অনুসৰি ২০২২-২৩ চনত কেন্দ্ৰীয় চৰকাৰে অসমত ৪৬৫.৯০ কোটি টকা, ২০২৩-২৪ চনত ৪৮৬.৪৯ কোটি টকা আৰু ২০২৪-২৫ চনত ৫৪৭.৫৬ কোটি টকা সংগ্ৰহ কৰিছে। 


ইফালে যোৱা এক এপ্ৰিলৰ পৰা প্ৰতিখন টোলগে টতে পাঁচৰ পৰা দহ শতাংশ টোল মাচুল বৃদ্ধি পাইছে। আজিৰ তাৰিখত গুৱাহাটীৰ পৰা লখিমপুৰলৈ গ'লে মুঠ তিনিখন টোলগে'টত মাচুল দিব লাগে। অনাগত দিনত এই পথেৰে গ'লে পাঁচখন টোলগে 'টত মাচুল দিব লাগিব। একেদৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গ'লে এতিয়া তিনিখন টোলগে 'টত মাচুল দিব লাগে যদিও ভৱিষ্যতে এই পথছোৱাতো পাঁচখন টোলগে টত মাচুল দিব লাগিব। এনেদৰে প্ৰতিখন টোলগে টতে মাচুল দিব লগীয়া হোৱাৰ ফলত দূৰণিবটীয়া গাড়ীসমূহে ভৰিব লাগিব মোটা অংকৰ ধন। যাৰ ফলত যাত্রীবাহী বাছসমূহৰ ভাৰাৰ লগতে পৰিবহণ ব্যয় বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ