--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজ্যত অক্টোবৰ মাহৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড প্রদান কৰা নহ'ব। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপৰ পৰা নুনমাটি অভিমুখে জি এন বি ৰ'ডৰ নির্মীয়মাণ চাৰিলেনযুক্ত উৰণ সেতুখনক অসম ইতিহাসৰ উজ্জ্বল ব্যক্তিত্ব মহাৰাজ পৃথুৰ সন্মানত 'মহাৰাজ পৃথু উৰণ সেতু' নামেৰে নামকৰণ কৰা হ'ব।


আনহাতে ৰাজ্যত অক্টোবৰ মাহৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড প্রদান কৰা নহ'ব। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।


বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল যোগে কেবিনেট সিদ্ধান্তসমূহ সদৰী কৰি কয়- ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব। অৱশ্যে অনুসূচিত জাতি-জনজাতি, চাহ জনগোষ্ঠীৰ লোকসকলক এইক্ষেত্রত এবছৰ ৰেহাই প্ৰদান কৰা হ'ব। কিয়নো, এই জনগোষ্ঠীকেইটাৰ কিছু লোকে এতিয়াও আধাৰ কাৰ্ড পাবলৈ বাকী আছে। আনহাতে বাকী জাতি-জনগোষ্ঠীৰ মাজত যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই, তেওঁলোকে ছেপ্টেম্বৰ মাহৰ ভিতৰত আৱেদন কৰিব লাগিব। অক্টোবৰ মাহৰ পৰা এই নতুন নিয়ম বলবৎ হ'ব।


যদি ইয়াৰ পাছতো কোনো লোক আধাৰ কাৰ্ড নিৰ্মাণৰ পৰা বাদ পৰে, তেতিয়া জিলা আয়ুক্তৰ ওচৰত আৱেদন কৰিব লাগিব আৰু জিলা আয়ুক্তই সঠিক যোগ্যতা বিচাৰ কৰি এইক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিব পাৰিব।


মুখ্যমন্ত্ৰীগৰাকীৰ মতে, বিগত এটা বছৰত সীমান্তত আমি বহুতো বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু বহু লোকে নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে। সেয়েহে উক্ত লোকসকলে যাতে আধাৰ কাৰ্ডৰ জৰিয়তে নাগৰিকত্ব লাভ নকৰে, তাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। আনহাতে গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান (আই আই এম) স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বৃহস্পতিবাৰৰ অসম কেবিনেটে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।


এই দূৰদৰ্শী পদক্ষেপে অঞ্চলটোৰ উচ্চ শিক্ষা আৰু গৱেষণাক শক্তিশালী কৰাই নহয়, উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত বিকাশ, উদ্ভাৱন আৰু সুযোগৰ নতুন পথ মুকলি কৰিব বুলি উল্লেখ কৰি সংবাদমেলখনত ড° শর্মাই কয় যে কংগ্ৰেছৰ দিনত উত্তৰ-পূবৰ এখন আই এম এম আৰু এখন এইমছ দিছিল, কিন্তু সেই দুয়োটা প্রতিষ্ঠানেই মেঘালয়ে লাভ কৰিছিল। সেই সময়ত অসমে ইয়াৰে এখন প্ৰতিষ্ঠান অসমত স্থাপন হোৱাটো বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে দিয়া নাছিল।


এতিয়া মোদী চৰকাৰে অসমৰ সেই দুখ দূৰ কৰিলে। ইফালে বৃহস্পতিবাৰৰ কেবিনেটত উৰিয়ামঘাটৰ উচ্ছেদ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সফলভাৱে চলাই বেদখলকাৰীৰ পৰা ভূমি মুক্ত কৰাৰ বাবে নগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক কেবিনেটে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে উৰিয়ামঘাটৰ উচ্ছেদিত অঞ্চলসমূহত নগালেণ্ড চৰকাৰৰ সৈতে যৌথভাৱে বনানীকৰণৰ কাৰ্যসূচী গ্রহণ কৰাৰ সিদ্ধান্তও বৃহস্পতিবাৰৰ কেবিনেটে গ্ৰহণ কৰে।


পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অহা ২৩ আগষ্টত যৌথভাৱে এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। আনহাতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণ (পি এম এ বাই-জি)ৰ অধীনত অনুমোদিত ৩,১৪,৭৭৩গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন-পত্ৰ বিতৰণৰ বাবে ৰাজ্যিক কেবিনেটে বৃহস্পতিবাৰে অনুমোদন জনায় বুলি অৱগত কৰি ড° শৰ্মাই কয় যে সমগ্র অসমতে দক্ষতা বিকাশৰ শিক্ষা প্ৰদানৰ বাবে ৫০টা হাব আৰু ৫০০ স্প'ক মডেল ৰূপায়ণৰ বাবে সমগ্র শিক্ষা, অসমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড (টাটা-নেলকো) ক মনোনীত কৰাত বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। প্রথম পর্যায়ত ১০টা হাব আৰু ৭০টা স্প'ক স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই প্রকল্পই ডিজিটেল ইক'নমি, আর্টিফিচিয়েল ইন্টেলিজেন্স-এই সকলো দিশ সাঙুৰি ল'ব। মুঠ ৬০০ কোটি টকাৰ এই প্রকল্পটোত টাটা নেলকোই ৭৫ শতাংশ আৰু অসম চৰকাৰে ২৫ শতাংশ অংশ বহন কৰিব।



দক্ষতা বিকাশৰ শিক্ষাৰ বাবে সমগ্ৰ শিক্ষাৰ অধীনত অনুমোদিত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ হাব স্কুল আৰু স্প'কছ স্কুল হিচাপে স্বীকৃত হ'ব। প্রতিটো হাবে ১০টা ভৱিষ্যমুখী ট্রেড/ ছেক্টৰ আগবঢ়াব আৰু ইয়াত দুগৰাকী প্রশিক্ষক থাকিব। প্রতিটো স্প'কে দুটা ট্রেড/ ছেক্টৰ আগবঢ়াব আৰু ইয়াতো দুগৰাকী প্রশিক্ষক থাকিব। টাটা নেলকোৱে প্ৰদান কৰা উপগ্রহ যোগাযোগৰ জৰিয়তে হাব আৰু স্প'কসমূহক সংযোগ কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী