--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেচনৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত কিন্তু দুই অসম কন্যা লাভলিনা আৰু অংকুশিতাই ৰাজ্যৰ পৰিবৰ্তে ‘টপ’ আঁচনিৰ তৰফৰ পৰাহে অংশ লৈছে

ডিজিটেল ডেস্ক : অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোঁহাই, দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জাৰীণ, পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ ১৫ টা শীৰ্ষ দলৰ অংশগ্ৰহণৰে ২৭ জুনৰ পৰা তেলেংগনাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্ৰতিযোগিতা৷


ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেচনৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত কিন্তু দুই অসম কন্যা লাভলিনা আৰু অংকুশিতাই ৰাজ্যৰ পৰিবৰ্তে ‘টপ’ আঁচনিৰ তৰফৰ পৰাহে অংশ লৈছে৷


উল্লেখ্য যে ইতিমধ্যে হৈ যোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত যি বাৰটা দলে শীৰ্ষস্থান লাভ কৰিছিল সেই দল কেইটাৰ লগতে আয়োজক তেলেংগনা, ছাই আৰু টপসহ মুঠ ১৫ টা দলকহে এই প্ৰতিযোগিতাত খেলাৰ সুযোগ দিয়া হৈছে৷ সেই অনুসৰি ৰে’লৱে, হাৰিয়ানা, অল ইণ্ডিয়া পুলিচ, ছাৰ্ভিচেছ, পঞ্জাৱ, চণ্ডীগড়, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ছিকিমৰ মহিলা বক্সাৰে প্ৰতিযোগিতাত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ দহটা ওজন শাখাত হ’বলগা প্ৰতিযোগিতাৰ প্ৰত্যেক শাখাৰে স্বৰ্ণ আৰু ৰূপৰ পদক বিজয়ীসকলে পাটিয়ালাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অৰ্জন কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ