--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেচনৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত কিন্তু দুই অসম কন্যা লাভলিনা আৰু অংকুশিতাই ৰাজ্যৰ পৰিবৰ্তে ‘টপ’ আঁচনিৰ তৰফৰ পৰাহে অংশ লৈছে

ডিজিটেল ডেস্ক : অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোঁহাই, দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জাৰীণ, পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ ১৫ টা শীৰ্ষ দলৰ অংশগ্ৰহণৰে ২৭ জুনৰ পৰা তেলেংগনাত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্ৰতিযোগিতা৷


ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেচনৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত কিন্তু দুই অসম কন্যা লাভলিনা আৰু অংকুশিতাই ৰাজ্যৰ পৰিবৰ্তে ‘টপ’ আঁচনিৰ তৰফৰ পৰাহে অংশ লৈছে৷


উল্লেখ্য যে ইতিমধ্যে হৈ যোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত যি বাৰটা দলে শীৰ্ষস্থান লাভ কৰিছিল সেই দল কেইটাৰ লগতে আয়োজক তেলেংগনা, ছাই আৰু টপসহ মুঠ ১৫ টা দলকহে এই প্ৰতিযোগিতাত খেলাৰ সুযোগ দিয়া হৈছে৷ সেই অনুসৰি ৰে’লৱে, হাৰিয়ানা, অল ইণ্ডিয়া পুলিচ, ছাৰ্ভিচেছ, পঞ্জাৱ, চণ্ডীগড়, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ছিকিমৰ মহিলা বক্সাৰে প্ৰতিযোগিতাত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ দহটা ওজন শাখাত হ’বলগা প্ৰতিযোগিতাৰ প্ৰত্যেক শাখাৰে স্বৰ্ণ আৰু ৰূপৰ পদক বিজয়ীসকলে পাটিয়ালাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অৰ্জন কৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ